শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সকলো বাট মুকলি! ভাৰতত ৰকেটৰ স্পীডত ইণ্টাৰনেট সেৱা প্ৰদান কৰিব ষ্টাৰলিংকে, মাহিলী কিমান টকা খৰচ হ’ব, জানক…

অৱশেষত ভাৰতলৈ অহাৰ বাট মুকলি হ'ল ইলন মাস্কৰ কোম্পানী ষ্টাৰলিংকৰ। শীঘ্ৰেই ভাৰতত ইন্টাৰনেট সেৱা আগবঢ়াব এই সংস্থাটোয়ে। বুধবাৰে ষ্টাৰলিংকে ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ প্ৰচাৰ আৰু অনুমোদন কেন্দ্ৰৰ পৰা অনুমতি লাভ কৰে।

সকলো বাট মুকলি! ভাৰতত ৰকেটৰ স্পীডত ইণ্টাৰনেট সেৱা প্ৰদান কৰিব ষ্টাৰলিংকে, মাহিলী কিমান টকা খৰচ হ’ব, জানক…
ষ্টাৰলিংকImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 11 Jul 2025 10:10 AM

ভাৰতলৈ অহাৰ বাট মুকলি হ’ল ইলন মাস্কৰ। অৱশেষত ষ্টাৰলিংকে লাভ কৰিলে ভাৰত চৰকাৰৰ শেষৰটো ক্লিয়াৰেন্স। ভাৰতলৈ আহি আছে ইলন মাস্কৰ ষ্টাৰলিংক। দেশৰ ধনী ব্যক্তি ইলন মাস্কৰ এই চেটেলাইট ইন্টাৰনেট সেৱাই দেশৰ গতিপথ সলনি কৰিব পাৰে। বহুদিন ধৰি ষ্টাৰলিংক ভাৰতলৈ অহাক লৈ জল্পনা-কল্পনা চলি আছিল। কিন্তু বিভিন্ন পলিচি আৰু ক্লিয়াৰেন্সৰ বাবে আৱদ্ধ হৈ আছিল। অৱশেষত ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ প্ৰচাৰ আৰু অনুমোদন কেন্দ্ৰইও ষ্টাৰলিংকক ক্লিয়াৰেন্স প্ৰদান কৰে। গতিকে এতিয়া ভাৰতত ষ্টাৰলিংকৰ ইণ্টাৰনেট সেৱা আৰম্ভ কৰাত আৰু কোনো বাধা নাই।

উল্লেখ কৰা প্ৰয়োজন যে, যোৱা মাহত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ পৰা ভাৰতত ইন্টাৰনেট সেৱা আগবঢ়োৱাৰ  অনুমতি লাভ কৰিছিল ষ্টাৰলিংকে। কিন্তু সেউজ সংকেত লাভ কৰা নাছিল ভাৰতীয় মহাকাশ নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ পৰা। অৱশেষত এই বাধা দূৰ হ’ল ষ্টাৰলিংকৰ।  বুধবাৰে ক্লিয়াৰেন্স লাভ কৰে এই বিখ্যাত ইন্টাৰনেট প্ৰদানকাৰী সংস্থাটোয়ে।

ইয়াৰ লগে লগে জনতাৰ মাজত ষ্টাৰলিংকে যথেষ্ঠ চৰ্চা লাভ কৰিবলৈ সক্ষম হয়। বৰ্তমান ষ্টাৰলিংক ভাৰতৰ তৃতীয়টো চেটেলাইট ইণ্টাৰনেট প্ৰদানকাৰী। ইয়াৰ পূৰ্বে ৱানৱেব(oneweb) আৰু ৰিলায়েন্স জিঅ’ ছেটকম (reliance jio satcom)য়ে এই অনুজ্ঞাপত্ৰ লাভ কৰিছিল। কিন্তু ষ্টাৰলিংক প্ৰতিযোগীতকৈ বহু আগবাঢ়ি আছে কাৰণ এই চেটেলাইট ইণ্টাৰনেট বৰ্তমান ৭০খনতকৈও অধিক দেশত সেৱা আগবঢ়াই আছে।

এই ক্লিয়াৰেন্সৰ লগে লগে ষ্টাৰলিংকে ভাৰতত নিজৰ আন্তঃগাঁথনি নিৰ্মাণ আৰম্ভ কৰিব। ই চৰকাৰৰ পৰা স্পেকট্ৰম ক্ৰয় কৰিব। যদিও ইলন মাস্কৰ কোম্পানীয়ে ভাৰতত এই সেৱা আৰম্ভ কৰাৰ নিৰ্দিষ্ট তাৰিখ এতিয়াও ঘোষণা কৰা নাই, তথাপিও একাংশই ধাৰণা কৰিছে যে, দুমাহৰ ভিতৰত এই সেৱা আৰম্ভ হ’ব পাৰে।

কিমান খৰচ হ’ব?

বিভিন্ন খবৰ অনুসৰি ভাৰতত ষ্টাৰলিংক ইণ্টাৰনেটৰ মাহিলী খৰচ ৩ হাজাৰ টকা হ’ব পাৰে। চেটেলাইট ডিচ আৰু ৱাইফাই ৰাউটাৰ থকা এই হাৰ্ডৱেৰ কিটটো প্ৰথমবাৰৰ বাবে ক্ৰয় কৰিব লাগিব। তথ্য অনুসৰি ষ্টাৰলিংকৰ ষ্টেণ্ডাৰ্ড কিটৰ দাম মাত্ৰ ৩৯৫ মাৰ্কিন ডলাৰ। ভাৰতীয় মুদ্ৰা ইয়াৰ পৰিমাণ প্ৰায় ৩৩ হাজাৰ টকা। ইয়াত এন্টেনা, ষ্টেণ্ড, ৰাউটাৰ, কেবল আৰু পাৱাৰ এডাপ্টাৰৰ দৰে বস্তু অন্তৰ্ভুক্ত কৰা হৈছে। এনে পৰিস্থিতিত একাংশলোকে সহজেই ষ্টাৰলিংকৰ সেৱা লাভ কৰিব পাৰিব।

 

অন্য খবৰ পঢ়কঃ ভাৰতনেট! ষ্টাৰলিংক অহাৰ পূৰ্বে ভাৰতৰ ইন্টাৰনেট সেৱাৰ নতুন বিপ্লৱ…