শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সমগ্ৰ দেশতে উপলব্ধ হ’ব ChatGPT Plusৰ বিনামূলীয়া চাবস্ক্ৰিপচন, চৰকাৰৰ বৃহৎ পদক্ষেপ…

শীঘ্ৰে  ১৭০০ টকাৰ প্ৰিমিয়াম ফিচাৰৰ সৈতে বিনামূলীয়া ChatGPT Plus চাবস্ক্ৰিপচন লাভ কৰিব জনসাধাৰণে ।চাবস্ক্ৰিপচন পোৱাৰ পিছত এই দেশৰ মানুহে বিনামূলীয়াকৈ উন্নত AI সঁজুলি লাভ কৰিব , কোনখন দেশৰ চৰকাৰে ল'লে এই পদক্ষেপ? 

সমগ্ৰ দেশতে উপলব্ধ হ’ব ChatGPT Plusৰ বিনামূলীয়া চাবস্ক্ৰিপচন, চৰকাৰৰ বৃহৎ পদক্ষেপ…
ChatGPT Plus চাবস্ক্ৰিপচনImage Credit source: Cheng Xin/Getty Images
trishna-kalita
Trishna Kalita | Updated On: 27 May 2025 15:18 PM

OpenAI ৰ  AI সঁজুলি ChatGPT মানুহৰ মাজত অতি জনপ্ৰিয়। কোম্পানীটোৰ বিনামূলীয়া আৰু পেইড চাবস্ক্ৰিপচন দুয়োটা প্লেনে উপলব্ধ। এতিয়া শেহতীয়াকৈ পোহৰলৈ আহিছে যে এনে এখন দেশ আছে য’ত চৰকাৰে চেটজিপিটিৰ প্ৰিমিয়াম ChatGPT Plus Subscription  সকলোকে বিনামূলীয়াকৈ বিতৰণ কৰাৰ সিদ্ধান্ত লৈছে। কোনখন দেশৰ এই পদক্ষেপ আৰু ChatGPT Plus ৰ মাহেকীয়া প্লেনৰ খৰচ কিমান? সকলো জানো আহক..

UAEত বাস কৰা লোকসকলে অতি সোনকালে বিনামূলীয়াকৈ ChatGPT Plus ব্যৱহাৰ কৰিব পাৰিব। যি বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে য’ত ChatGPT ৰ প্ৰিমিয়াম সংস্কৰণ সমগ্ৰ জনসাধাৰণক বিনামূলীয়াকৈ দিয়া হ’ব। এই কামৰ বাবে OpenAI আৰু UAE চৰকাৰৰ মাজত হোৱা অংশীদাৰিত্বত আবুধাবিত Stargate UAE নামৰ এটা বৃহৎ AI ডাটা চেণ্টাৰ নিৰ্মাণো অন্তৰ্ভুক্ত কৰা হৈছে।

বিনামূলীয়াকৈ চাবস্ক্ৰিপচন উপলব্ধ হ’ব

OpenAI আৰু UAE চৰকাৰৰ অংশীদাৰিত্বৰ আটাইতকৈ ৰোমাঞ্চকৰ অংশটো হ’ল দেশখনত বাস কৰা প্ৰতিজন ব্যক্তিয়ে ChatGPT Plus ৰ বিনামূলীয়া সুবিধা লাভ কৰিব, যাৰ ফলত ডুবাইত বাস কৰা লোকসকলে এটকাও খৰচ নকৰাকৈ উন্নত AI সঁজুলি ব্যৱহাৰ কৰিব পাৰিব। এই প্ৰকল্পৰ লক্ষ্য কেৱল বিগ ডাটা চেণ্টাৰ নিৰ্মাণ কৰাই নহয়, ইয়াৰ লক্ষ্য হৈছে AIক মানুহৰ ওচৰলৈ অনা। ChatGPT Plus Subscription ৰ মাহিলী প্লেনৰ মূল্য ২০ ডলাৰ (প্ৰায় ১৭০১ টকা)।

এই প্ৰকল্পটো দুয়োপক্ষৰ বাবে এক ডাঙৰ পদক্ষেপ। OpenAI আৰু ইয়াৰ অংশীদাৰসকলে এটা শক্তিশালী ১ গিগাৱাট AI কম্পিউটিং ক্লাষ্টাৰ নিৰ্মাণৰ কাম চলি আছে, প্ৰায় ২০০ মেগাৱাটৰ প্ৰথম অংশ অহা বছৰ সাজু হৈ উঠাৰ আশা কৰা হৈছে। Axios ৰ মতে, Stargate UAE OpenAI ৰ “OpenAI for Countries” প্ৰগ্ৰেমৰ অংশ। OpenAIৰ চিইঅ’ ছেম অল্টমেনে এই প্ৰকল্পটোক “এটা সাহসী দৃষ্টিভংগী” বুলি অভিহিত কৰি কয়, “ই হৈছে উন্নত স্বাস্থ্যসেৱা, আধুনিক শিক্ষা, আৰু স্বচ্ছ শক্তিৰ দৰে এআইৰ সুবিধাসমূহ বিশ্বৰ অধিক স্থানলৈ অনাৰ এক উপায়।” UAEৰ চুক্তিত অৰেকল, চিস্কো, এনভিডিয়া, জি42 আৰু চফ্টবেংকৰ দৰে বৃহৎ কোম্পানীও অন্তৰ্ভুক্ত হৈ আছে।