Toyota Innova Hycross ৰ পৰা Hyundai Creta লৈ, এই ৫ খন গাড়ীৰ বাঢ়িছে জনপ্ৰিয়তা, জানক Waiting period ৰ বিষয়ে?
Cars with Highest Waiting Period: যদি আপুনিও নতুন গাড়ী কিনাৰ পৰিকল্পনা কৰিছে, তেন্তে প্ৰথমে ভাৰতত বিক্ৰী হোৱা এনে পাঁচখন বাহনৰ বিষয়ে জানিব লাগে যিবোৰৰ বজাৰত চাহিদা বেছি আছে।

এই ৫ খন গাড়ীৰ বাঢ়িছে জনপ্ৰিয়তা
- Toyota Innova Hycross Hybrid Waiting Period: এই বাহনখনৰ বজাৰত আছে বিপুল চাহিদা। খবৰ অনুসৰি এই গাড়ীখনৰ অপেক্ষাৰ সময়সীমা ১৩ মাহ হৈছেগৈ, অৰ্থাৎ আজিয়েই এই গাড়ীখন বুকিং কৰিলে ১ বছৰৰ পিছত এই গাড়ীখনৰ ডেলিভাৰী পাব।
- Toyota Innova Crysta Waiting Period: খবৰ অনুসৰি আজিয়েই যদি আপুনি টয়োটা ইনোভা ক্ৰীষ্টা বুকিং কৰে তেন্তে পাঁচ মাহলৈকে অপেক্ষা কৰিবলগীয়া হ’ব পাৰে।
- Tata Punch Waiting Period: টাটা মটৰ্ছৰ এই এছ ইউ ভিখনৰ বজাৰত বিপুল চাহিদা। খবৰ অনুসৰি এই এছ ইউ ভিখনত ২ৰ পৰা ৩ মাহৰ অপেক্ষাৰ সময় থাকে।
- Hyundai Aura Waiting Period: হুণ্ডাই কোম্পানীৰ এই গাড়ীখনো গ্ৰাহকে অতি ভাল পাইছে। যদি আজিয়েই এই গাড়ীখন বুকিং কৰে তেন্তে ৬ৰ পৰা ৮ সপ্তাহ অপেক্ষা কৰিব লাগিব। পেট্ৰল (MT) আৰু CNG ভেৰিয়েন্টৰ বাবে আপুনি ১ৰ পৰা ২ সপ্তাহ অপেক্ষা কৰিব লাগিব।
- Hyundai Creta Waiting Period: পেট্ৰ’ল-ডিজেল (MT), অটো (CVT) ভেৰিয়েন্টৰ বাবে ৪ৰ পৰা ৬ সপ্তাহ, টাৰ্বো ইঞ্জিন পেট্ৰ’ল-অটো (DCT) ভেৰিয়েণ্টৰ বাবে ৮ৰ পৰা ১০ সপ্তাহ। ক্ৰেটা এন লাইনৰ পেট্ৰ’ল (MT) আৰু অটো (DCT) ভেৰিয়েণ্টৰ বাবে ৮ৰ পৰা ১০ সপ্তাহৰ দীঘলীয়া অপেক্ষা কৰিবলগীয়া হ’ব।