শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

BSNL ৰ নতুন অফাৰ, মাত্ৰ ৯৯ টকাৰ প্লেনত গ্ৰাহকে চাব পাৰিব ৪৫০ টা বিনামূলীয়া টিভি চেনেল

BSNL: ব্যৱহাৰকাৰীসকলে ৯৯ টকাৰ 'voice-only plan' অফাৰৰ জৰিয়তে বিনামূলীয়াকৈ BiTV চাব পাৰিব। শেহতীয়াকৈ, BSNL-এ ৯৯ টকীয়া প্লেন মুকলি কৰিছে।

BSNL ৰ নতুন অফাৰ, মাত্ৰ ৯৯ টকাৰ প্লেনত গ্ৰাহকে চাব পাৰিব ৪৫০ টা বিনামূলীয়া টিভি চেনেল
BSNL ৰ নতুন অফাৰ!
barasha-misra
Barasha Misra | Updated On: 05 Feb 2025 13:54 PM

কম মূল্যৰ ৰিচাৰ্জ প্লেনৰ বাবে পৰিচিত ভাৰতৰ একমাত্ৰ চৰকাৰী টেলিকম কোম্পানী BSNL। BSNLৰ সস্তীয়া ৰিচাৰ্জ প্লেনৰ বাবে যোৱা কেইমাহমানত বহু লোকে নিজৰ নম্বৰ BSNL লৈ সলনি কৰিছে। কেৱল এয়াই নহয়, ৰিচাৰ্জ প্লেনৰ উপৰিও BSNL এ ইয়াৰ ব্যৱহাৰকাৰীসকলক অতি বিশেষ সেৱাও আগবঢ়াইছে। ইয়াৰে এটা হৈছে BSNL ৰ BiTV সেৱা।

শেহতীয়াকৈ BSNLএ সমগ্ৰ ভাৰততে BiTV সেৱা আৰম্ভ কৰিছে। BSNLৰ BiTV সেৱাৰ জৰিয়তে BSNL ব্যৱহাৰকাৰীয়ে ৪৫০টাতকৈও অধিক টিভি চেনেল বিনামূলীয়াকৈ চাব পাৰিব। ইয়াৰ বাবে BSNLএ অ’টিটি প্লে’ৰ সৈতে অংশীদাৰিত্ব কৰিছে। বিশেষ কথাটো হ’ল এই সেৱাৰ বাবে BSNL ব্যৱহাৰকাৰীয়ে কোনো অতিৰিক্ত চাৰ্জ দিব নালাগিব।

BSNL এ নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰিছে যে, BSNL ব্যৱহাৰকাৰীয়ে ইয়াৰ কম মূল্যৰ ৯৯ টকীয়া voice-only planত BiTV ৰ বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব। আপোনালোকক জনাওঁ যে, BSNLৰ ৯৯ টকীয়া এই প্লেন কিছুদিন পূৰ্বে মুকলি কৰিছে। এইটো BSNL ৰ অতি কম মূল্যৰ voice only plan।