২৫০০ GB ডাটাৰ লগতে JioHotstar-Sony LIVৰ সুবিধা! ‘সামান্য’ মূল্যতে গ্ৰাহকলৈ বাম্পাৰ অফাৰ এই টেলিকম প্ৰতিষ্ঠানৰ
কোম্পানীটোৱে এতিয়া গ্ৰাহকসকললৈ আগবঢ়াইছে এক অনন্য প্লেন। এই প্লেনত ২৫০০ GB হাই-স্পীড ইণ্টাৰনেট, আনলিমিটেড কলিং আৰু বিনামূলীয়া অ’টিটি চাবস্ক্ৰিপচন লাভ কৰিব গ্ৰাহকসকলে। জানো আহক এই বিষয়ে।
বৰ্তমানৰ সময়ত ইণ্টাৰনেটৰ ব্যৱহাৰ আৰু মনোৰঞ্জৰনৰ জগতখনত অ’টিটি প্লেটফৰ্মসমূহৰ ভূমিকাৰ কথা বহলাই নক’লেও হ’ব। পিছে এই সুবিধাসমূহৰ বাবে পৰিশোধ কৰিবলগা হয় বৃহৎ পৰিমাণৰ ধন। পিছে গ্ৰাহকৰ মাজলৈ সামান্য মূল্যতে এই সুবিধা আগবঢ়াবলৈ সাজু হৈছে চৰকাৰী টেলিকম প্ৰতিষ্ঠান ভাৰত সঞ্চাৰ নিগম লিমিটেড (BSNL)। চৰকাৰী টেলিকম প্ৰতিষ্ঠানটোৱে ২৫ বছৰীয়া জয়ন্তী উদযাপনৰ বাবে ব্যৱহাৰকাৰীসকলৰ বাবে এক দৰ্শনীয় অফাৰ মুকলি কৰিছে।
কোম্পানীটোৱে এতিয়া গ্ৰাহকসকললৈ আগবঢ়াইছে এক অনন্য প্লেন। এই প্লেনত ২৫০০ GB হাই-স্পীড ইণ্টাৰনেট, আনলিমিটেড কলিং আৰু বিনামূলীয়া অ’টিটি চাবস্ক্ৰিপচন লাভ কৰিব গ্ৰাহকসকলে। এই নতুন BSNL প্লেনত ৭৫ Mbps পৰ্যন্ত ইণ্টাৰনেট গতি আৰু আন কেইবাটাও সুবিধা উপলব্ধ হ’ব। এইদৰে BSNLৰ এই প্লেন ভাৰতৰ অন্যতম সুলভ ৰিচাৰ্জ প্লেন হিচাপে পৰিগণিত হ’ব।
BSNL- এ ২৫ বছৰীয়া জয়ন্তী উদযাপনৰ বাবে ফাইবাৰ ব্ৰডবেণ্ড ব্যৱহাৰকাৰীসকলৰ বাবে এই বিশেষ পৰিকল্পনা আৰম্ভ কৰিছে। ৬২৫ টকা মূল্যৰ এই বিশেষ প্লেনত ২৫০০GB ডাটা, বিনামূলীয়া JioHotstar আৰু Sony LIV চাবস্ক্ৰিপচনৰ সুবিধা আছে। এই প্লেন সীমিত সময়ৰ বাবে উপলব্ধ আৰু ইয়াৰ উপৰিও ৬০০ৰো অধিক চেনেলৰ ব্যৱহাৰৰ সুবিধা আছে।
এই BSNL প্লেনৰ জৰিয়তে গ্ৰাহকসকলে ৭৫ Mbps পৰ্যন্ত গতিৰে ২৫০০ GB ডাটা ব্যৱহাৰ কৰিব পাৰিব। ডাটা লিমিট শেষ হোৱাৰ পিছতো ব্যৱহাৰকাৰীয়ে ৪ Mbps গতিৰে সীমাহীন ইণ্টাৰনেট সেৱা উপভোগ কৰিব পাৰিব। এই প্লেনত ইণ্টাৰনেটৰ ব্যৱহাৰৰ লগতে আনলিমিটেড ভইচ কলিঙৰো ব্যৱস্থা আছে। অৰ্থাৎ ব্যৱহাৰকাৰীয়ে যিকোনো নেটৱৰ্কৰ ছিম কাৰ্ডধাৰীৰ সৈতে সীমাহীনভাৱে কথা পাতিব পাৰে।
ইফালে OTT প্লেটফৰ্মত মনোৰঞ্জনৰ সোৱাদ লোৱাসকলৰ প্ৰতি লক্ষ্য ৰাখি BSNL এ JioHotstar আৰু Sony LIV ৰ বিনামূলীয়া চাবস্ক্ৰিপচনো এই প্লেনত অন্তৰ্ভুক্ত কৰিছে। ব্যৱহাৰকাৰীয়ে কোনো অতিৰিক্ত ধন খৰচ নকৰাকৈ নিজৰ প্ৰিয় অনুষ্ঠান আৰু চিনেমা তথা ৱেব ছিৰিজ চাব পাৰিব।
এই প্লেনৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে ১২৭টা পেইড আৰু ৪৭৫টা বিনামূলীয়া চেনেলকে ধৰি ৬০০ৰো অধিক চেনেলৰ সুবিধা লাভ কৰিব। নতুন BSNL ফাইবাৰ সংযোগ লাভ কৰিবলৈ ৱেবছাইট বা কাষ্টমাৰ কেয়াৰ কলৰ প্ৰয়োজন নাই। ব্যৱহাৰকাৰীয়ে পোনপটীয়াকৈ ১৮০০-৪৪৪৪ নং হোৱাটছএপ নম্বৰত যোগাযোগ কৰিব পাৰিব। কোম্পানীয়ে এই নম্বৰৰ জৰিয়তে বুকিং গ্ৰহণ কৰি আপোনাৰ ঘৰতে সংযোগ স্থাপন কৰে।