নাই বিদ্যুতৰ প্ৰয়োজন, শীতকালত কোঠাটো গৰম কৰিবলৈ ক্ৰয় কৰক এই সৌৰ হিটাৰ…
এই প্ৰতিবেদনত সৌৰশক্তি দ্বাৰা ব্যৱহাৰ কৰিব পৰা ৰুম হিটাৰৰ বিষয়ে উল্লেখ কৰা হৈছে । এই হিটাৰবোৰ ব্যৱহাৰ কৰিলে আপোনাৰ খৰচ বহু পৰিমাণে হ্ৰাস পাব । ব্যৱহাৰকাৰী সকলে প্ৰয়োজন অনুসৰি কোঠাটোৰ গৰম কৰি ৰাখিব পাৰে ।
এই শীতকালত ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ বহুতে হিটাৰ ব্যৱহাৰ কৰে । কিন্তু হিটাৰ ব্যৱহাৰৰ ফলত আপোনাৰ বিদ্যুতৰ বিল যথেষ্ট বৃদ্ধি পাব পাৰে । ইয়াৰ বিকল্প হিচাপে আপুনি কি ব্যৱহাৰ কৰিব ? এনে পৰিস্থিতিত সৌৰ হিটাৰ আপোনাৰ বাবে এটা ভাল বিকল্প হ’ব পাৰে। কাৰণ ইয়াত আপোনাৰ বিদ্যুতৰ বিলৰ কথা নাথাকে আৰু কোনো বিপদ নাথাকিব।
ৰুমত যেতিয়া হিটাৰ ব্যৱহা কৰাৰ কথা ভাবে তেতিয়াই বিদ্যুতৰ দ্বাৰা চলা হিটাৰটোৰ কথাহে মনলৈ আহে । কিন্তু এই প্ৰতিবেদনত সৌৰশক্তি দ্বাৰা ব্যৱহাৰ কৰিব পৰা ৰুম হিটাৰৰ বিষয়ে উল্লেখ কৰা হৈছে । এই হিটাৰবোৰ ব্যৱহাৰ কৰিলে আপোনাৰ খৰচ বহু পৰিমাণে হ্ৰাস পাব । ব্যৱহাৰকাৰী সকলে প্ৰয়োজন অনুসৰি কোঠাটোৰ গৰম কৰি ৰাখিব পাৰে ।
সৌৰ হিটাৰ: সৌৰশক্তিৰ দ্বাৰা এই হিটাৰটো ব্যৱহাৰ কৰিব পাৰে । প্ৰয়োজন অনুসৰি এই হিটাৰৰ দ্বাৰা কোঠাটো গৰম কৰি ৰাখিব পাৰিব । এই হিটাৰবোৰত বিদ্যুতৰ প্ৰয়োজন নহয়। সূৰ্যৰ পোহৰৰ পৰা পোৱা শক্তিৰ দ্বাৰা এই হিটাৰ ব্য়ৱহাৰ কৰিব পাৰিব । বজাৰত তিনি প্ৰকাৰৰ ছ’লাৰ হিটাৰ উপলব্ধ। প্ৰথমটো ১৫০০ ৱাট, দ্বিতীয়টো হিটাৰ ১০০০ ৱাটৰ আৰু তৃতীয়টো ইকো মোড হিটাৰ।
Embassy ছ’লাৰ হিটাৰ : Embassy কোম্পানীয়ে নিৰ্মাণ কৰিছে এই ছ’লাৰ হিটাৰ। এই হিটাৰটো টেবুল পেনৰ দৰে আকৃতিৰ আৰু কাম কৰিবলৈ মাত্ৰ সূৰ্যৰ পোহৰৰ প্ৰয়োজন হয়। এই হিটাৰটো আপুনি কোঠা, পাকঘৰ আৰু ঘৰৰ যিকোনো ঠাইত স্থাপন কৰিব পাৰে। ইয়াৰ দ্বাৰা কোনো ধৰণৰ বিপদৰ সন্মুখীন নহয় । কোম্পানীয়ে হিটাৰৰ ওপৰত ২ বছৰৰ ৱাৰেণ্টীও দিছে । এই হিটাৰটো আপুনি ই-কমাৰ্চ ৱেবছাইট আমাজনত ১৭৯৯ টকাত কিনিব পাৰিব।
KALLMANN ছান হিটাৰ : KALLMANN কোম্পানীয়ে সৌৰ হিটাৰ নিৰ্মাণ কৰে। এই হিটাৰৰ ক্ষমতা ৪০০ৰ পৰা ৮০০ ৱাটৰ ভিতৰত আৰু শীতকালত কোঠাটো গৰম কৰিবলৈ ই এক উত্তম হিটাৰ। এই হিটাৰত আপোনাৰ প্ৰয়োজন অনুসৰি উষ্ণতা নিৰ্ধাৰণ কৰিব পাৰে। ই-কমাৰ্চ ৱেবছাইট আমাজনত এই হিটাৰৰ দাম ২৪৯৯ টকা।
বাজাজ ৰুম হিটাৰ : দেশৰ বিখ্যাত বৈদ্যুতিক কোম্পানী বাজাজেও সৌৰ হিটাৰ নিৰ্মাণ কৰে। এই হিটাৰৰ ক্ষমতা ১০০০ৰ পৰা ২০০০ ৱাট আৰু ইয়াৰ আটাইতকৈ বিশেষ কথাটো হ’ল অটো শ্বট অফ চিষ্টেম । অৰ্থাৎ যেতিয়াই কোঠাটো বেছি গৰম হ’বলৈ আৰম্ভ কৰে, তেতিয়া হিটাৰটো স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ যাব। এই হিটাৰৰ দাম ৱেবছাইটটোৰ মতে ২৫০০ টকা।