শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

স্মৃতি ধৰি ৰাখিবলৈ ৩৫ হাজাৰ টকাৰ ভিতৰত ক্ৰয় কৰক এই কেইটা DSLR

যদি আপুনি ফটোগ্ৰাফী আৰু ভিডিঅ’ নিৰ্মাণৰ প্ৰতি আকৰ্ষিত তেতিয়াও DSLR ৰে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে। ইয়াৰ বাবে যদি নতুন DSLR ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে তেন্তে এই প্ৰতিবেদত উল্লেখ কৰা কেমেৰা কেইটা আপোনাৰ বাবে ভাল বিকল্প হ’ব পাৰে ।

স্মৃতি ধৰি ৰাখিবলৈ ৩৫ হাজাৰ টকাৰ ভিতৰত ক্ৰয় কৰক এই কেইটা DSLR
KODAK কেমেৰাImage Credit source: Amazon
manas-borah
Manas Borah | Updated On: 29 Dec 2024 07:13 AM

যদি আপুনি বন্ধৰ দিনত ক’ৰবালৈ যাব বিচাৰে আৰু সেই ঠাইখনৰ স্মৃতিবোৰ লগত ৰাখিব বিচাৰে, তেন্তে ইয়াৰ বাবে আপোনাক এটা DSLR ৰ প্ৰয়োজন হ’ব । তদুপৰি যদি আপুনি ফটোগ্ৰাফী আৰু ভিডিঅ’ নিৰ্মাণৰ প্ৰতি আকৰ্ষিত তেতিয়াও DSLR ৰে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে। ইয়াৰ বাবে যদি নতুন DSLR ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে তেন্তে এই প্ৰতিবেদত উল্লেখ কৰা কেমেৰা কেইটা আপোনাৰ বাবে ভাল বিকল্প হ’ব পাৰে ।

KODAK PIXPRO

যদি আপুনি সুলভ মূল্যত এটা ভাল কেমেৰা বিচাৰে তেন্তে আপুনি Kodak ৰ PixPro চাব পাৰে। এই কেমেৰাটো আপুনি ই-কমাৰ্চ ৱেবছাইট আমাজনত ৩২,৫০০ টকাত ক্ৰয় কৰিব পাৰিব। এই DSLR ত 42 x অপটিকেল জুমৰ সৈতে 20 মেগাপিক্সেলৰ ডিজিটেল কেমেৰা আছে। ইয়াৰ উপৰিও কোম্পানীয়ে ইয়াৰ লগত 24mm ৱাইড এংগল লেন্সো দিছে।

KODAK PIXPRO AZ405-BK

KODAK কোম্পানীটোৰ আন এটা কেমেৰা KODAK PIXPRO AZ405-BKও এটা ভাল বিকল্প হ’ব পাৰে। এই DSLR টো Amazon ৰ পৰা ২৪,৯৪৭ টকাত ক্ৰয় কৰিব পাৰিব। কোম্পানীটোৱে এই DSLR ত 20 মেগাপিক্সেলৰ ডিজিটেল কেমেৰা দিছে। ইয়াৰ লগতে ইয়াত 40X অপটিকেল জুমৰ সৈতে 24mm ৱাইড এংগেল লেন্সো আছে।

Canon EOS 3000D DSLR Camera

কেননৰ EOS 3000D DSLR Cameraও এই এটা ভল বিকল্প হ’ব পাৰে । এই DSLR ৰ মূল্য ফ্লিপকাৰ্টত ৩৩,৯৯০ টকা। এই DSLRত আছে 18 মেগাপিক্সেলৰ লেন্স। এই কেমেৰাটো ব্যক্তিগত ব্যৱহাৰৰ বাবে অতি সুবিধাজনক ।