শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Colin ৰ সহায়ত মোবাইল, লেপটপৰ স্ক্ৰীণ চাফা কৰে নেকি? জানক ইয়াৰ দ্বাৰা কি ক্ষতি হ’ব পাৰে…

আপুনি মোবাইল বা লেপটপৰ স্ক্ৰীণ পৰিষ্কাৰ কৰিবলৈ কলিন ব্যৱহাৰ কৰে নেকি ? যদি কৰে তেন্তে এতিয়াৰ পৰা সাৱধান হওক । কিয়নো কলিনৰ দৰে পৰিষ্কাৰৰ বাবে ব্যৱহাৰ কৰা সাধাৰণ স্প্ৰে’য়ে আপোনাৰ গেজেটৰ স্ক্ৰীণ ক্ষতিগ্ৰস্ত কৰিব পাৰে।

Colin ৰ সহায়ত মোবাইল, লেপটপৰ স্ক্ৰীণ চাফা কৰে নেকি? জানক ইয়াৰ দ্বাৰা কি ক্ষতি হ’ব পাৰে…
প্ৰতীকী ফটো
manas-borah
Manas Borah | Updated On: 08 Dec 2024 11:16 AM

আপুনি ব্যৱহাৰ কৰা লেপটপ বা মোবাইল ফোনৰ স্ক্ৰীণখন পৰিষ্কাৰ কৰি থকাটো অতি প্ৰয়োজন । কিন্তু আপুনি মোবাইল বা লেপটপৰ স্ক্ৰীণ পৰিষ্কাৰ কৰিবলৈ কলিন ব্যৱহাৰ কৰে নেকি ? যদি কৰে তেন্তে এতিয়াৰ পৰা সাৱধান হওক । কিয়নো কলিনৰ দৰে পৰিষ্কাৰৰ বাবে ব্যৱহাৰ কৰা সাধাৰণ স্প্ৰে’য়ে আপোনাৰ গেজেটৰ স্ক্ৰীণ ক্ষতিগ্ৰস্ত কৰিব পাৰে।

কলিনত এনে ৰাসায়নিক পদাৰ্থ থাকে যিবোৰৰ বাবে গ্রীজ আৰু তেল সহজে পৰিষ্কাৰ কৰিব পাৰি। এই ৰাসায়নিক পদাৰ্থবোৰে কেৱল মলি আঁতৰোৱাই নহয়, আপোনাৰ ফোন বা লেপটপৰ স্ক্ৰীণৰ কোটিং ক্ষতিগ্ৰস্ত কৰিব পাৰে। এই কোটিঙে আপোনাৰ ফোন আৰু লেপটপৰ স্ক্ৰীণক আঁচোৰ আৰু ধূলিৰ পৰা ৰক্ষা কৰে। কলিনৰ ৰাসায়নিক পদাৰ্থই এই কোটিং দুৰ্বল কৰি তোলে, যাৰ ফলত আপোনাৰ স্ক্ৰীণখন অস্পষ্ট হৈ পৰিব পাৰে ।

কলিনে কেনেকৈ আপোনাৰ গেজেটৰ স্ক্ৰীণ নষ্ট কৰিব পাৰে ?

কোটিং নষ্ট কৰিব পাৰে : কলিনে আপোনাৰ স্ক্ৰীণৰ সুৰক্ষামূলক কোটিং নষ্ট কৰিব পাৰে । যাৰ ফলত লেপটপ বা মোবাইল ফোনৰ স্ক্ৰীণ আঁচোৰ আৰু ধূলিয়ে ক্ষতিগ্ৰস্ত কৰিব পাৰে ।

স্ক্ৰীণত আঁচোৰ: কলিনত থকা কণাবোৰে আপোনাৰ স্ক্ৰীণত সৰু সৰু আঁচোৰ সৃষ্টি কৰিব পাৰে । যাৰ ফলত আপুনি ব্যৱহাৰ কৰা ফোন বা লেপটপৰ স্ক্ৰীণ অস্পষ্ট হৈ পৰিব পাৰে । এই সমস্যাৰ বাবে স্ক্ৰীণত কোনো ডাটা ভালদৰে দেখা নাপাব ।

স্ক্ৰীণ দুৰ্বল হোৱা: ফোনটোত বাৰে বাৰে কলিন ব্যৱহাৰ কৰিলে স্ক্ৰীণ দুৰ্বল হৈ পৰে আৰু ভাঙি যোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

স্ক্ৰীণত দাগ থাকে: কলিনৰ কিছুমান অংশ শুকাই যাব পাৰে আৰু স্ক্ৰীণত দাগ থাকিব যাব পাৰে । ইয়াৰ ফলত স্ক্ৰীণৰ স্পষ্টতা হ্ৰাস পায়।

মোবাইল আৰু লেপটপৰ স্ক্ৰীণ কেনেকৈ পৰিষ্কাৰ কৰিব ?

মোবাইল আৰু লেপটপৰ স্ক্ৰীণ অতি সুক্ষ্ম। আনহাতে কলিনত এনে ৰাসায়নিক পদাৰ্থ থাকে,যিয়ে কাঁচৰ দৰে সামগ্ৰী ভালদৰে পৰিষ্কাৰ কৰিব পাৰে। গতিকে ফোন বা লেপটপৰ স্ক্ৰীণত কলিন ব্যৱহাৰ কৰাৰ বিৰত থকাই উচিত । ইয়াৰ বিপৰীতে সদায় কোমল মাইক্ৰ’ফাইবাৰ কাপোৰ বা বিশেষ স্ক্ৰীণ ক্লিনাৰ ব্যৱহাৰ কৰক। সাধাৰণ কলিন স্প্ৰেৰ পৰিৱৰ্তে বিশেষ গেজেট ক্লিনাৰ স্প্ৰে ব্যৱহাৰ কৰিব পাৰে।

Latest News