চেমচাঙৰ বজাৰলৈ ভাবুকি কঢ়িয়াইছে এপ’লে! কিমান হ’ব নতুন iPhoneৰ দাম?
মোবাইলৰ বজাৰত চেমচাং আৰু এপ’লৰ আছে বিশেষ জনপ্ৰিয়তা। এই দুই প্ৰসিদ্ধ কোম্পানীৰ মাজত এতিয়া বজাৰত দেখিবলৈ পোৱা যাব প্ৰত্যক্ষ প্ৰতিদ্বন্দিতা। সম্প্ৰতি মোবাইল নিৰ্মাতা কোম্পানীসমূহৰ মাজত আটাইতকৈ পাতল ফ্লেগশ্বিপ স্মাৰ্টফোন মুকলি কৰাৰ দৌৰ চলি আছে। এই দিশতে দেখা যাব চেমচাং আৰু এপ’লৰ বজাৰকেন্দ্ৰিক যুঁজ।

মোবাইলৰ বজাৰত প্ৰসিদ্ধ কোম্পানী চেমচাঙৰ জনপ্ৰিয়তা অপৰিসীম। গ্ৰাহকৰ মাজত বিশেষ সমাদৰ লাভ কৰে কোম্পানীটোৰ মোবাইলসমূহে। ইফালে আন এক প্ৰসিদ্ধ কোম্পানী এপ’লেও গ্ৰাহকৰ মাজত মুকলি কৰা iPhone ছিৰিজেও জনপ্ৰিয়তা লাভ কৰি আহিছে। এই দুই কোম্পানীৰ মাজত এতিয়া বজাৰত দেখিবলৈ পোৱা যাব প্ৰত্যক্ষ প্ৰতিদ্বন্দিতা। সম্প্ৰতি মোবাইল নিৰ্মাতা কোম্পানীসমূহৰ মাজত আটাইতকৈ পাতল ফ্লেগশ্বিপ স্মাৰ্টফোন মুকলি কৰাৰ দৌৰ চলি আছে। এই দিশতে দেখা যাব চেমচাং আৰু এপ’লৰ বজাৰকেন্দ্ৰিক যুঁজ।
চেমচাঙে শেহতীয়াকৈ বজাৰলৈ আনিছে মাত্ৰ ৫.৮ মিলিমিটাৰ মোটা আকাৰৰ Galaxy S25 Edge মোবাইল। এতিয়া এপ’লে iPhone 17 Air ৰ সৈতে চেমচাঙৰ এই স্মাৰ্টফোনটোৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে। iPhone 17 ছিৰিজৰ লগতে iPhone 17 Air ছেপ্টেম্বৰ মাহত বজাৰত মুকলি কৰাৰ সম্ভাৱনা আছে। প্ৰকাশিত খবৰ অনুসৰি, এই ফোনটো মাত্ৰ ৫.৫ মিলিমিটাৰ মোটা আকাৰৰ হ’ব আৰু ইয়াৰ ওজন হ’ব ১৪৫ গ্ৰাম।
কোৰিয়ান ব্লগ Naver ৰ এক প্ৰতিবেদন অনুসৰি iPhone 17 Air ত ফোনটোক শক্তি প্ৰদান কৰিবলৈ ২৮০০mAh শক্তিৰ বেটাৰী থাকিব। ৬.৬ ইঞ্চিৰ ডিছপ্লেৰ সৈতে এই মোবাইলটোৰ বেটাৰী শক্তি অৱশ্যে চেমচাঙৰ Galaxy S25 Edgeৰ তুলনাত কম হ’ব। Samsung Galaxy S25 Edge মোবাইলটোত আছে 3900mAh বেটাৰী।
খবৰ অনুসৰি এপলে নতুন ধৰণৰ হাই ডেনচিটি বেটাৰী এই নতুন মোবাইলটোত ব্যৱহাৰ কৰিছে। যদি এই খবৰ সঁচা হয়, তেতিয়া এই আইফোনৰ বেটাৰীৰ দক্ষতা ১৫ৰ পৰা ২০ শতাংশ উন্নত হ’ব। বিশ্লেষক মিং চি কুওৱে পূৰ্বে ইংগিত দিছিল যে ২০২৫ চনৰ আইফোন মডেলসমূহ উন্নত বেটাৰীৰ দক্ষতাৰ সৈতে মুকলি কৰিব পৰা যাব।
ইফালে কেমেৰা ছেটআপৰ দিশলৈ যদি চোৱা যায়, ফোনটোত ৪৮ মেগাপিক্সেলৰ বেক কেমেৰা আৰু ২৪ মেগাপিক্সেলৰ ফ্ৰণ্ট কেমেৰা দিয়াৰ সম্ভাৱনা আছে। এই ডিভাইচটোত ৩৫ ৱাটৰ ৱায়াৰ্ড চাৰ্জিং আৰু MagSafe ৱায়াৰলেছ চাৰ্জিং চাপৰ্ট উপলব্ধ হ’ব পাৰে। মোবাইলটোৰ আন কিছুমান বিশেষ বৈশিষ্ট্যৰ কথাও প্ৰকাশ পাইছে।
সেই অনুসাৰে এই ফোনত নতুন কেমেৰা কণ্ট্ৰল বুটাম, OLED ডিছপ্লে আৰু120Hz ৰিফ্ৰেছ ৰেট চাপ’ৰ্ট থাকিব পাৰে। এই হেণ্ডছেটত থাকিব 6 core A19 chipset, ৫১২ জিবি পৰ্যন্ত ইণ্টাৰনেল ষ্ট’ৰেজ আৰু ই হ’ব প্ৰথম নন-প্ৰ’ মডেল যিটোত ১২ জিবি ৰেম থাকিব পাৰে। এই শেহতীয়া মডেলত AIৰ বাবে বিশেষ চাপৰ্টো উপলব্ধ হ’ব পাৰে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এপলৰ এই নতুন iPhone মডেল iPhone 17 Airৰ মূল্য ৮৯,৯০০ টকাৰ পৰা আৰম্ভ হ’ব। এই ফোনটো ষ্টেণ্ডাৰ্ড আৰু প্ৰ’ ভেৰিয়েণ্টৰ মাজত ৰখা হ’ব বুলি খবৰ প্ৰকাশ পাইছে। অৰ্থাৎ এই ফোনটোৰ দাম ষ্টেণ্ডাৰ্ড ভেৰিয়েণ্টতকৈ বেছি আৰু প্ৰ’ ভেৰিয়েণ্টতকৈ কম হ’ব।