শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আমাজনৰ পাৰ্চেলত গোলাপী বিন্দু দেখা পালে কি কৰিব? এই কথা জনাটো জৰুৰী

আপোনাৰ দামী অৰ্ডাৰৰ লগত কোনো ধৰণৰ জালিয়াতি হৈছে বুলি যদি সন্দেহ হয়, তেন্তে এতিয়াৰ পৰা আপুনি তেনেধৰণৰ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আমাজনে নিজৰ পাৰ্চেলৰ সুৰক্ষাৰ বাবে এক নতুন স্মাৰ্ট প্ৰযুক্তি প্ৰৱৰ্তন কৰিছে । ইয়াৰ ফলত যিকোনো জালিয়াতি তৎক্ষণাত ধৰা পৰিব।

আমাজনৰ পাৰ্চেলত গোলাপী বিন্দু দেখা পালে কি কৰিব? এই কথা জনাটো জৰুৰী
Amazon Pink DotImage Credit source: Tv9 Hindi
manas-borah
Manas Borah | Published: 04 Jun 2025 20:22 PM

যদি আপুনিও আমাজনৰ পৰা অনলাইন বজাৰ কৰে আৰু আপোনাৰ দামী অৰ্ডাৰৰ লগত কোনো ধৰণৰ জালিয়াতি হৈছে বুলি যদি সন্দেহ হয়, তেন্তে এতিয়াৰ পৰা আপুনি তেনেধৰণৰ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আমাজনে নিজৰ পাৰ্চেলৰ সুৰক্ষাৰ বাবে এক নতুন স্মাৰ্ট প্ৰযুক্তি প্ৰৱৰ্তন কৰিছে । ইয়াৰ ফলত যিকোনো জালিয়াতি তৎক্ষণাত ধৰা পৰিব।

এই নতুন সুৰক্ষা কৌশল কি?

আমাজনে এতিয়া নিজৰ উচ্চ মূল্যৰ সামগ্ৰীৰ পেকিঙৰ ক্ষেত্ৰত বিশেষ নিৰাপত্তা টেপ ব্যৱহাৰ কৰিছে। এই টেপটোত গোলাপী আৰু ৰঙা ৰঙৰ সৰু সৰু বিন্দু দিয়া হৈছে । যদি কোনোবাই বিশেষকৈ হিটৰ জৰিয়তে পাৰ্চেলটো খুলিবলৈ চেষ্টা কৰে, তেন্তে এই বিন্দুবোৰৰ ৰং সলনি হয় আৰু স্পষ্টকৈ দেখা যায় যে, পাৰ্চেলটোৰ লগত কোনোবাই জালিয়াতি কৰিছে । জালিয়াতি কোনো প্ৰকাৰে লুকুৱাব নোৱাৰিব।

গোলাপী বিন্দু দেখা পালে কি কৰিব?

  • প্ৰথমে পাৰ্চেলটোৰ ফটো বা ভিডিঅ’ এটা লওক। ইয়াক প্ৰমাণ হিচাপে ব্যৱহাৰ কৰিব পাৰি।
  • ইয়াৰ বাহিৰেও যদি গোলাপী বিন্দুটো স্পষ্টকৈ দেখা যায়, তেন্তে পেকেজটো গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰক।
  • লগে লগে Amazon ৰ গ্ৰাহক সেৱাৰ সৈতে যোগাযোগ কৰক আৰু অভিযোগ দাখিল কৰক।
  • আমাজনৰ মতে, যদি কোনো পেকেজত এনে বিন্দু দেখা যায় তেন্তে গ্ৰাহকে কোনো সংকোচ নকৰাকৈ নাকচ কৰাৰ অধিকাৰ আছে।

এই পদক্ষেপ কিয় প্ৰয়োজনীয়?

যোৱা কেইবছৰমানৰ পৰা এনে বহু ঘটনা পোহৰলৈ আহিছে য’ত মানুহক মোবাইলৰ সলনি ইটা, চাবোন বা আনকি শিলও পঠিয়াই দিয়া হৈছিল। এনে পৰিস্থিতিত আমাজনৰ এই সিদ্ধান্তই গ্ৰাহকৰ আস্থা অটুট ৰখাত সহায় কৰিব। ইয়াৰ ফলত প্ৰৱঞ্চনা ৰোধ হ’ব।