Great Republic Day Sale 2025: নতুন Oneplus 13 আৰু 13R ত লাভ কৰিব আকৰ্ষণীয় ৰেহাই
১৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব এই বিক্ৰী। কিন্তু প্ৰিমিয়াম সদস্যসকলে এই বিক্ৰীৰ সুবিধা এদিন আগতেই ল’ব পাৰিব। এই বিক্ৰীত স্মাৰ্টফোনত ৪০ শতাংশ পৰ্যন্ত ৰেহাই দিয়া হ’ব।

আমাজনত আৰম্ভ হ’ব Great Republic Day Sale 2025 । এই বিক্ৰীত আপুনি প্ৰায় প্ৰতিটো সামগ্ৰীৰ ওপৰত আকৰ্ষণীয় ৰেহাই লাভ কৰিব। স্মাৰ্টফোন, লেপটপ আৰু হেডফোন আদিত আকৰ্ষণীয় ৰেহাই সুবিধা প্ৰদান কৰিব আমাজনে। ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব এই বিক্ৰী। কিন্তু প্ৰিমিয়াম সদস্যসকলে এই বিক্ৰীৰ সুবিধা এদিন আগতেই ল’ব পাৰিব। এই বিক্ৰীত স্মাৰ্টফোনত ৪০ শতাংশ পৰ্যন্ত ৰেহাই দিয়া হ’ব। এই বিক্ৰীত আপুনি শেহতীয়া Oneplus 13 আৰু 13R ক্ৰয় কৰিলে ৩০০০ টকা পৰ্যন্ত ৰাহি কৰিব পাৰিব।
আমাজন গ্ৰেট ৰিপাব্লিক ডে চেলত আপুনি এছ বি আই ক্ৰেডিট কাৰ্ড আৰু ই এম আই লেনদেনত ১০ শতাংশ ৰেহাই পাব পাৰে। ইয়াৰ উপৰিও আইচিআইচিআই আমাজন পে ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীয়ে অতিৰিক্ত ৰেহাই লাভ কৰাৰ লগতে ৫ শতাংশ কেছবেকৰ সুবিধা ল’ব পাৰিব। ইয়াৰ উপৰিও প্লেটফৰ্মে আপোনাক নিৰ্বাচিত ডিভাইচত EMI ৰ বিকল্পও দিব।
শেহতীয়াকৈ মুকলি কৰা হৈছে OnePlus 13 আৰু OnePlus 13R। ১০ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব এই স্মাৰ্টফোনৰ বিক্ৰী। যদি আপুনি OnePlus 13 ক্ৰয় কৰোতে আইচিআইচিআই বেংক কাৰ্ডৰ জৰিয়তে ধন পৰিশোধ কৰে তেন্তে ৫০০০ টকা পৰ্যন্ত ৰেহাই লাভ কৰিব । OnePlus 13ৰ আৰম্ভণি মূল্য ৬৯,৯৯৯ টকা।
OnePlus 13R ক্ৰয় কৰিলেও ৩০০০ টকা পৰ্যন্ত ৰেহাই (ICICI Bank Card) লাভ কৰিব পাৰে । OnePlus 13R ৰ আৰম্ভণিৰ মূল্য ৪২,৯৯৯ টকা। ইয়াৰ 16GB ৰেম আৰু 512GB ষ্ট’ৰেজ মডেলৰ আৰম্ভণিৰ মূল্য ৪৯,৯৯৯ টকা।
OnePlus 13 ত 6.82 ইঞ্চি ডিছপ্লে পাব। ফোনটোত দিয়া হৈছে Qualcomm Snapdragon 8 Elite প্ৰচেছৰ। OnePlus 13 ত আপুনি 50 মেগাপিক্সেলৰ এটা প্ৰাইমেৰী কেমেৰা পাব। ইয়াৰ উপৰিও 50 মেগাপিক্সেলৰ আল্ট্ৰাৱাইড আৰু 50 মেগাপিক্সেলৰ টেলিফটো কেমেৰা উপলব্ধ। OnePlus 13 ত 6000mAh বেটাৰী দিয়া হৈছে । এই ফোনটোত আপুনি 100W SuperVOOC চাৰ্জিঙৰ সমৰ্থন লাভ কৰিব।