শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আৰম্ভ হ’ল Amazon Great Indian Festival Sale, iPhoneৰ পৰা Smart TV লৈ সকলোতে পাব সৰ্বশ্ৰেষ্ঠ ৰেহাই

Amazon Sale Offers: যদি আপুনিও এজন Amazon Prime তেন্তে আজি অৰ্থাৎ ২৬ ছেপ্টেম্বৰৰ পৰা আপোনাৰ বাবে Amazon Great Indian Festival Sale আৰম্ভ হৈছে। এই চেলৰ সময়ত আপুনি স্মাৰ্টফোনৰ বাহিৰেও আন বহুতো ইলেক্ট্ৰনিক সামগ্ৰীৰত ৰেহাইৰ লগতে বহুতো অফাৰ পাব।

আৰম্ভ হ’ল Amazon Great Indian Festival Sale, iPhoneৰ পৰা Smart TV লৈ সকলোতে পাব সৰ্বশ্ৰেষ্ঠ ৰেহাই
আৰম্ভ হ'ল Amazon Great Indian Festival Sale
trishna-kalita
Trishna Kalita | Published: 26 Sep 2024 16:00 PM

প্ৰাইম মেম্বাৰসকলৰ বাবে Amazon Great Indian Festival Sale 2024 ইতিমধ্যে আৰম্ভ হৈছে। কাইলৈ অৰ্থাৎ ২৭ ছেপ্টেম্বৰ সকলো গ্ৰাহকৰ বাবে Amazon Sale 2024 আৰম্ভ হ’ব। এই চেলৰ সময়ছোৱাত কেৱল স্মাৰ্টফোনতে নহয়, নতুন লেপটপ, স্মাৰ্ট টিভি আৰু অন্যান্য ইলেক্ট্ৰনিক সামগ্ৰীৰ ওপৰতো বাম্পাৰ ৰেহাই দিয়া হৈছে।

যদি আপুনি এজন আমাজন প্ৰাইম সদস্য, আপুনি আজি চেলত শ্বপিং কৰি সৰ্বশ্ৰেষ্ঠ লেনদেনৰ সুবিধা ল’ব পাৰে। আজি আমি আপোনাক চেলত পোৱা ৫টা সৰ্বশ্ৰেষ্ঠ চুক্তিৰ বিষয়ে ক’বলৈ গৈ আছোঁ।

Apple iPhone 13 Price

আইফোন 16-ৰ আগমনৰ পাছত আইফোন 13ৰ দাম আৰু অধিক হ্ৰাস পাইছে। 59,600 টকাৰ এমআৰপি থকা এই আইফোন মডেলটো Saleত আপোনাৰ বাবে 39,999 টকাতে উপলব্ধ হ’ব।

আপুনি পুৰণি ফোনটো সলনি কৰি অতিৰিক্ত ৰেহাইৰ সুবিধা ল’ব পাৰে, এক্সচেঞ্জ ৰেহাইৰ পাছত আপুনি এই ফোনটো ৩৬,৭০০ টকাত পাব। এছ বি আইৰ ডেবিট আৰু ক্ৰেডিট কাৰ্ডৰ সৈতে বিল পৰিশোধৰ ক্ষেত্ৰত ১৫০০ টকালৈকে সঞ্চয় কৰাৰ সুযোগ লাভ কৰিব।

Apple MacBook Air M1 Price

এই ১৩.৩ ইঞ্চি স্ক্ৰীণ আকাৰৰ মেকবুকটো বাম্পাৰ ৰেহাইত ৫২,৯৯০ টকাত (এমআৰপি ৯২,৯০০) বিক্ৰী কৰা হৈছে। পুৰণি লেপটপটো সলনি কৰাৰ পাছত আপুনি ১১,৯০০ টকা আৰু এছ.বি.আই. কাৰ্ডেৰে সৈতে পৰিশোধ কৰি ৪ হাজাৰ লৈকে ৰাহি কৰিব পাৰিব।

Samsung Galaxy Tab S9 FE Price

যদি আপুনি Saleত এটা নতুন এণ্ড্ৰইড টেব ক্ৰয় কৰিব বিচাৰে, তেন্তে এই টেবটো ২৬,৯৯৯ টকাৰ (এমআৰপি ৪৪,৯৯) বৃহৎ ৰেহাইত বিক্ৰী কৰা হৈছে। পুৰণি ফোন বা টেব বিনিময় কৰাৰ ক্ষেত্ৰত ২৪,১৫০ টকালৈকে ৰেহাই থাকিব।

Fire TV Stick Price

আমাজন চেলত, ফায়াৰ টিভি ষ্টিকত ৰেহাইৰ পাছত ২১৯৯ টকা দামত বিক্ৰী কৰা হৈছে, এই ডিভাইচৰ এমআৰপি হৈছে ৪,৯৯৯ টকা। এই ষ্টিকৰ সহায়ত, আপুনি আপোনাৰ অ-স্মাৰ্ট টিভিত অ’টিটি এপ্পসমূহ চলাবলৈ সক্ষম হ’ব। মন কৰিব যে আপুনি এপৰ বাবে পৃথকে চাবস্ক্ৰীপচন ক্ৰয় কৰিব লাগিব।