আধাৰ কাৰ্ড বিনামূলীয়া আপডেট কৰাৰ তাৰিখ বৃদ্ধি, আজিয়েই পৰিৱৰ্তন কৰক
আধাৰ আপডেট আৰু ইনৰোল ৰেগুলেশ্বন ২০১৬ অনুসৰি প্ৰতি ১০ বছৰৰ মূৰে মূৰে পৰিচয় প্ৰমাণ আৰু ঠিকনা আপডেট কৰিব লাগে। ব্লু আধাৰ কাৰ্ডৰ ক্ষেত্ৰতো একে নিয়ম প্ৰযোজ্য। ৫ বছৰৰ তলৰ শিশুৰ বাবে ব্লু আধাৰ কাৰ্ড বনোৱা হয়।

আধাৰ বিনামূলীয়া আপডেটঃ দেশৰ চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিবলৈ আৰু আপোনাৰ পৰিচয় পত্ৰ হিচাপে আধাৰ কাৰ্ড এক গুৰুত্বপূৰ্ণ নথি হিচাপে পৰিগণিত হৈছে। আধাৰ কাৰ্ডত আপোনাৰ ব্যক্তিগত আৰু বায়মেট্ৰিক তথ্য থাকে। প্ৰতি ১০ বছৰৰ মূৰে মূৰে সেইবোৰ আপডেট কৰাটো বাধ্যতামূলক। যদি আপুনি যোৱা কেইবাবছৰ ধৰি আপোনাৰ আধাৰ কাৰ্ড আপডেট কৰা নাই, তেন্তে এতিয়াই বিনামূলীয়াকৈ আপডেট কৰিব পাৰিব।
অৱশ্যে আধাৰ কাৰ্ডত যিকোনো সালসলনি কৰাৰ বাবে মাচুল দিব লাগিব। য’ত নিজৰ ঠিকনা আৰু মোবাইল নম্বৰ সলনি কৰিবলৈ ৫০ টকা মাচুল দিব লাগে। একেদৰে অন্যান্য পৰিৱৰ্তন কৰাৰ বাবেও আপুনি মাচুল দিব লাগিব।
UIDAI বিনামূলীয়া আপডেটৰ তাৰিখ বৃদ্ধি কৰা হৈছে
ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটিয়ে আধাৰ কাৰ্ড বিনামূলীয়াকৈ আপডেট কৰাৰ সময়সীমা বৃদ্ধি কৰিছে। এতিয়া আধাৰ কাৰ্ড ১৪ জুনলৈকে কোনো মাচুল নিদিয়াকৈ আপডেট কৰিব পাৰিব। ইয়াৰ পিছত আপডেট কৰাৰ বাবে মাচুল দিব লাগিব। কোনো ধৰণৰ ডুপ্লিকেচন আৰু প্ৰৱঞ্চনামূলক কাম-কাজৰ পৰা হাত সাৰিবলৈ ব্যৱহাৰকাৰীসকলে সময়ে সময়ে আধাৰ আপডেট কৰি থাকিব লাগে। কাৰণ ভাৰতত চিনাক্তকৰণৰ বাবে আৰু চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিবলৈ আধাৰ কাৰ্ড প্ৰায় বাধ্যতামূলক।
কোনেকৈ আধাৰ আপডেট কৰিব লাগে?
আধাৰ আপডেট আৰু নিয়মাৱলী ২০১৬ অনুসৰি প্ৰতি ১০ বছৰৰ মূৰে মূৰে পৰিচয় প্ৰমাণ আৰু ঠিকনা আপডেট কৰিব লাগে। ব্লু আধাৰ কাৰ্ডৰ ক্ষেত্ৰতো একে নিয়ম প্ৰযোজ্য। ৫ বছৰৰ তলৰ শিশুৰ বাবে ব্লু আধাৰ কাৰ্ড বনোৱা হয়। আধাৰ কাৰ্ড ব্যৱহাৰকাৰীয়ে নিজৰ নাম, ঠিকনা, জন্ম তাৰিখ, লিংগ, ফোন নম্বৰ, ই-মেইল ঠিকনা আৰু সম্পৰ্কৰ অৱস্থা আপডেট কৰিব পাৰিব।
আধাৰ ক’ত ব্যৱহাৰ কৰা হৈছে পৰীক্ষা কৰক, এইদৰে
প্ৰথমে https:// •uidai.gov.in/ লৈ গৈ My Aadhaar ড্ৰপ ডাউনৰ তলত দেখা পোৱা ‘Aadhaar Services’ ত ক্লিক কৰক। আধাৰ সেৱাসমূহত প্ৰমাণীকৰণ ইতিহাসলৈ যাওক। ইয়াত আধাৰ নম্বৰ আৰু কেপচা দিয়ক। আপোনাৰ নম্বৰত OTP আহিব। এইটো প্ৰৱেশ কৰাৰ পিছত পৰৱৰ্তী পৃষ্ঠাত প্ৰমাণীকৰণৰ ধৰণ ওলাব। ইয়াত সকলো নিৰ্ব্বাচন কৰক। ইয়াৰ দ্বাৰা জনগাঁথনিগত আৰু বায়’মেট্ৰিক প্ৰমাণীকৰণৰ ইতিহাস পোৱা যাব। ইয়াত আপুনি তাৰিখৰ পৰিসৰ নিৰ্বাচন কৰি যোৱা ৬ মাহৰ আধাৰ ইতিহাস চাব পাৰিব। ইয়াত ৫০ টা আধাৰ প্ৰমাণীকৰণ চাব পাৰিব। পিডিএফতো ডাউনলোড কৰিব পাৰিব। ইয়াৰ বাবে নামটোৰ প্ৰথম চাৰিটা আখৰ ডাঙৰকৈ লিখক আৰু পিছত জন্ম বছৰটো লিখক।