WPL 2026 Auction: খেলুৱৈৰ বাবে উঠিল টকাৰ উজান, বিশ্বজয়ী দীপ্তিৰ বাঢ়িল দৰ; নিলামত কপাল ফুলিল এওঁলোকৰ
শেহতীয়াকৈ WPL ফ্ৰেন্সাইজি ইউ পি ৱাৰিৱৰ্ছে দীপ্তিক দলৰ পৰা ৰিলিজ কৰি দিছিল যদিও আজি নিলামত দলটোৱে ৰাইট টু মেচ কাৰ্ডৰ জৰিয়তে ৩.২০ কোটি টকাৰ দৰত দীপ্তিক পুনৰ দললৈ আনে। বিগত ছিজনত তেওঁ ২.৬০ কোটি টকাৰ দৰত ইউ পি ৱাৰিৱৰ্ছক প্ৰতিনিধিত্ব কৰিছিল।
আজি অনুষ্ঠিত হয় ৱ’মেন প্ৰিমিয়াৰ লীগ, চমুকৈ WPLৰ মেগা নিলাম। অহা বৰ্ষৰ হ’ব লগা প্ৰতিযোগিতাৰ চতুৰ্থ সংস্কৰণৰ বাবে হোৱা খেলুৱৈৰ এই মেগা নিলামত দেখা গ’ল টকাৰ উজান। নিশাটোৰ ভিতৰতে কোটিপতি হৈ পৰিল কেইবাগৰাকীও খেলুৱৈ। অৱশ্যে তাৰ মাজতে আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হয় ভাৰতীয় দলৰ তাৰকা অলৰাউণ্ডাৰ দীপ্তি শৰ্মা। শেহতীয়া এদিনীয়া বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হোৱা দীপ্তিৰ দৰ এইবাৰ পূৰ্বৰ তুলনাত ৬০ লাখ টকা বৃদ্ধি পাইছে।
শেহতীয়াকৈ WPL ফ্ৰেন্সাইজি ইউ পি ৱাৰিৱৰ্ছে দীপ্তিক দলৰ পৰা ৰিলিজ কৰি দিছিল যদিও আজি নিলামত দলটোৱে ৰাইট টু মেচ কাৰ্ডৰ জৰিয়তে ৩.২০ কোটি টকাৰ দৰত দীপ্তিক পুনৰ দললৈ আনে। বিগত ছিজনত তেওঁ ২.৬০ কোটি টকাৰ দৰত ইউ পি ৱাৰিৱৰ্ছক প্ৰতিনিধিত্ব কৰিছিল।
এই নিলামত ভাৰতীয় খেলুৱৈকে ধৰি ক্ৰিকেট বিশ্বৰ আন বহুকেইজন খেলুৱৈৰ বাবে কোটি ট্টকাৰ দৰ উঠে। আগন্তুক চতুৰ্থ সংস্কৰণৰ বাবে মুঠ ২৭৬ জন খেলুৱৈৰ নিবিদা আগবঢ়োৱা হৈছিল। ইয়াৰ মাজৰ পৰা খেলুৱৈৰ প্ৰয়োজনীয় ৬৭টা শ্লট পূৰণ কৰা হৈছে। চাওক নিলামত বিক্ৰী হোৱা খেলুৱৈৰ তালিকা-
- দীপ্তি শৰ্মা – ইউ পি ৱাৰিৱৰ্ছ (৩.২০ কোটি)
- আমেলি কেৰ – মুম্বাই ইণ্ডিয়ানছ (৩ কোটি)
- শিখা পাণ্ডে – ইউ পি ৱাৰিৱৰ্ছ (২.৪ কোটি)
- ছফী ডিভাইন – গুজৰাট জায়েণ্টছ (২ কোটি)
- মেগ লেনিং – ইউ পি ৱাৰিৱৰ্ছ (১.৯০ কোটি)
- চেনেল হেনৰী – দিল্লী কেপিটেলছ (১.৩ কোটি)
- ফিবি লিচফিল্ড – ইউ পি ৱাৰিৱৰ্ছ (১.২ কোটি)
- ল’ৰা উলভাৰ্ড – দিল্লী কেপিটেলছ (১.১০ কোটি)
- আশা শোভানা – ইউ পি ৱাৰিৱৰ্ছ (১.১ কোটি)
- শ্ৰী চৰণী – দিল্লী কেপিটেলছ (১ কোটি)
- জৰ্জিয়া ৱাৰেহাম – গুজৰাট জায়েণ্টছ (১ কোটি)
- ল’ৰেন বেল – ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (৯০ লাখ)
- ছফী এক্লেষ্টোন – ইউ পি ৱাৰিৱৰ্ছ (৮৫ লাখ)
- পূজা ৱাস্ত্ৰেকাৰ – ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (৮৫ লাখ)
- ডিয়াণ্ড্ৰা ডটিন – ইউ পি ৱাৰিৱৰ্ছ (৮০ লাখ)
- অৰুন্ধতী ৰেড্ডী – ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (৭৫ লাখ)
- সঞ্জনা এছ – মুম্বাই ইণ্ডিয়ানছ (৭৫ লাখ)
- ভাৰতী ফুলমালি – গুজৰাট জায়েণ্টছ (৭০ লাখ)
- নাডিন ডি ক্লাৰ্ক – ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (৬৫ লাখ)
- ৰাধা যাদৱ – ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (৬৫ লাখ)
- কেশৱী গৌতম – গুজৰাট জায়েণ্টছ (৬৫ লাখ)
- গ্ৰেচ হেৰিছ – ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (৬৫ লাখ)
- ৰেনুকা সিং – গুজৰাট জায়েণ্টছ (৬০ লাখ)
- জৰ্জিয়া ৱাল – ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (৬০ লাখ)
- কিৰণ নৱগিৰে – ইউ পি ৱাৰিৱৰ্ছ (৬০ লাখ)
- শ্ববনিম ইছমাইল – মুম্বাই ইণ্ডিয়ানছ (৬০ লাখ)
- স্নেহ ৰানা – দিল্লী কেপিটেলছ (৫০ লাখ)
- হাৰ্লিন দেউল – ইউ পি ৱাৰিৱৰ্ছ (৫০ লাখ)
- ক্ৰান্তি গৌড় – ইউ পি ৱাৰিৱৰ্ছ (৫০ লাখ)
- কিম গাৰ্থ – গুজৰাট জায়েণ্টছ (৫০ লাখ)
- ডানি ৱায়াট – গুজৰাট জায়েণ্টছ (৫০ লাখ)
- প্ৰতিকা ৰাৱাল – ইউ পি ৱাৰিৱৰ্ছ (৫০ লাখ)
- অনুষ্কা শৰ্মা – গুজৰাট জায়েণ্টছ (৪৫ লাখ)
- ৰাজেশ্বৰী গাইকৱাদ – গুজৰাট জায়েণ্টছ (৪০ লাখ)
- লিজেল লি – দিল্লী কেপিটেলছ (৩০ লাখ)
- লিনচি স্মিথ – ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (৩০ লাখ)
- তানিয়া ভাটিয়া – দিল্লী কেপিটেলছ (৩০ লাখ)
- কনিকা আহুজা – গুজৰাট জায়েণ্টছ (৩০ লাখ)
- তনুজা কানৱাৰ – গুজৰাট জায়েণ্টছ (৩০ লাখ)
- নিকোলা কেৰী – মুম্বাই ইণ্ডিয়ানছ (৩০ লাখ)
- যস্তিকা ভাটিয়া – গুজৰাট জায়েণ্টছ (৩০ লাখ)
- ক্ল’ ট্ৰাইয়ন – ইউ পি ৱাৰিৱৰ্ছ (৩০ লাখ)
- ছাইকা ইছক – মুম্বাই ইণ্ডিয়ানছ (৩০ লাখ)
- আয়ুষী ছোনী – গুজৰাট জায়েণ্টছ (৩০ লাখ)
- তিতাছ সাধু – গুজৰাট জায়েণ্টছ (৩০ লাখ)
- দয়ালন হেমালতা – ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (৩০ লাখ)
- সংস্কৃতি গুপ্ত – মুম্বাই ইণ্ডিয়ানছ (২০ লাখ)
- প্ৰেমা ৰাৱট – ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (২০ লাখ)
- নন্দিনী শৰ্মা – দিল্লী কেপিটেলছ (২০ লাখ)
- ত্ৰিবেণী বশিষ্ঠ – মুম্বাই ইণ্ডিয়ানছ (২০ লাখ)
- দিয়া যাদৱ – দিল্লী কেপিটেলছ (১০ লাখ)
- ৰাহিলা ফিৰদৌছ – মুম্বাই ইণ্ডিয়ানছ (১০ লাখ)
- শিপৰা গিৰি – ইউ পি ৱাৰিৱৰ্ছ (১০ লাখ)
- মমতা মাদিৱালা – দিল্লী কেপিটেলছ (১০ লাখ)
- শুভ কুমাৰী – গুজৰাট জায়েণ্টছ (১০ লাখ)
- ছিমৰান শ্বেখ – ইউ পি ৱাৰিৱৰ্ছ (১০ লাখ)
- পুনম খেমনাৰ – মুম্বাই ইণ্ডিয়ানছ (১০ লাখ)
- শিৱানী সিং – গুজৰাট জায়েণ্টছ (১০ লাখ)
- টাৰা ন’ৰিছ – ইউ পি ৱাৰিৱৰ্ছ (১০ লাখ)
- লুচি হেমিল্টন – দিল্লী কেপিটেলছ (১০ লাখ)
- সুমন মীনা – ইউ পি ৱাৰিৱৰ্ছ (১০ লাখ)
- গৌতমী নায়ক – ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (১০ লাখ)
- নল্লা ৰেড্ডী – মুম্বাই ইণ্ডিয়ানছ (১০ লাখ) (১০ লাখ)
- গংগাদী তৃষা – ইউ পি ৱাৰিৱৰ্ছ (১০ লাখ)
- প্ৰত্যুষা কুমাৰ – ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (১০ লাখ)
- মিলি ইলিংৱৰ্থ – মুম্বাই ইণ্ডিয়ানছ (১০ লাখ)