শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, ২০২৫ সন্দৰ্ভত কি ক’লে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই?

অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, ২০২৫ সন্দৰ্ভত কি ক’লে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই?

barasha-misra
Barasha Misra | Published: 27 Nov 2025 20:00 PM

উল্লেখ্য যে, বহু বিবাহৰ পৰা হিন্দু ধৰ্মাৱলম্বী লোকো মুক্ত নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে হিন্দুৰ বহু বিবাহো বন্ধ কৰাৰ দায়িত্বৰ কথা কয়। ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে কয়, 'যুৱতীৰ বিবাহৰ নূন্যতম বয়স হ'ব ২১ বছৰ। অহাবাৰ মোক ভগৱান, আল্লাই শক্তি দিলে মই যুৱতীৰ বিবাহৰ নূন্যতম বয়স হ'ব ২১ বছৰ কৰিম।'

ৰাজ্যত বহু বিবাহ নিষিদ্ধ কৰাৰ বাবে কালি অসম বিধানসভাই শীতকালীন অধিবেশনৰ প্ৰথম দিনটোতে অসম বহু বিবাহ প্ৰতিৰোধ বিধেয়ক-২০২৫ উত্থাপন কৰে। ৰাজ্যৰ ষষ্ঠ অনুসূচী এলেকা আৰু অনুসূচিত জনজাতিৰ লোকসকলৰ বাহিৰে সমগ্ৰ ৰাজ্যৰ লোকৰ ক্ষেত্ৰত এই বিধেয়ক বলবৎ হ’ব। এই বিধেয়ক অনুসৰি কোনো লোকে তেওঁৰ স্বামী বা স্ত্রী জীবিত থকা অৱস্থা আৰু আইনী প্ৰক্ৰিয়াৰে বিচ্ছেদ নহ’লে পুনৰ বিবাহপাশত আৱদ্ধ হ’ব নোৱাৰিব।

আজি বিধানসভাত গৃহীত হয় অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, ২০২৫। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত এই বিধেয়ক উত্থাপন কৰাৰ পিছতে তীব্ৰ বিতৰ্কৰ সূচনা হয়। অৱশ্যে দীঘলীয়া বিতৰ্কৰ পিছত সদনত গৃহীত হয় বিধেয়কখন। ইয়াৰ পিছত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় এয়া এক ঐতিহাসিক সিদ্ধান্ত।

উল্লেখ্য যে, বহু বিবাহৰ পৰা হিন্দু ধৰ্মাৱলম্বী লোকো মুক্ত নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে হিন্দুৰ বহু বিবাহো বন্ধ কৰাৰ দায়িত্বৰ কথা কয়। ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে কয়, ‘যুৱতীৰ বিবাহৰ নূন্যতম বয়স হ’ব ২১ বছৰ। অহাবাৰ মোক ভগৱান, আল্লাই শক্তি দিলে মই যুৱতীৰ বিবাহৰ নূন্যতম বয়স হ’ব ২১ বছৰ কৰিম।’