শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

T20 World Cup 2026: কেতিয়া হ’ব ভাৰত-পাক মেচ, কোন হ’ব আন প্ৰতিদ্বন্দী! আজিয়েই ওৰ পৰিব টি-২০ বিশ্বকাপৰ সকলো চৰ্চা

আগন্তুক এই বিশ্বকাপৰ বাবে অনুৰাগীৰ মাজত ইতিমধ্যেই দেখা গৈছে চৰ্চা। নিজ দেশতে এই প্ৰতিযোগিতা আয়োজিত হোৱাৰ বাবে ভাৰতীয় কিকেটপ্ৰেমীও হৈ আছে উৎকণ্ঠিত। এই উৎকণ্ঠাৰ অন্ত পেলাই আজি ঘোষণা কৰা হ’ব টি-২০ বিশ্বকাপ ২০২৬ৰ সূচী।

T20 World Cup 2026: কেতিয়া হ’ব ভাৰত-পাক মেচ, কোন হ’ব আন প্ৰতিদ্বন্দী! আজিয়েই ওৰ পৰিব টি-২০ বিশ্বকাপৰ সকলো চৰ্চা
টি-২০ বিশ্বকাপত ভাৰত-পাক মেচ কেতিয়া!Image Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 25 Nov 2025 11:03 AM

ক্ৰিকেটৰ আটাইতকৈ চমু ফৰ্মেট টি-২০ৰ প্ৰতি সাম্প্ৰতিক সময়ত ক্ৰিকেটপ্ৰেমীৰ মাজত এক অনন্য আকৰ্ষণ। তাতে সেয়া বিশ্বকাপ হ’লে অনুৰাগীৰ মাজত বিশেষ উৎকণ্ঠা। অহা বৰ্ষত ভাৰত আৰু শ্ৰীলংকাই আয়োজন কৰিব টি-২০ বিশ্বকাপ। এইবাৰ প্ৰতিযোগিতাত মুঠ ২০টা দলে অংশগ্ৰহণ কৰিব। আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত প্ৰতিযোগিতাৰ বিগত সংস্কৰণত শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলে। এইবাৰ সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত খিতাপ অক্ষুণ্ণ ৰখাৰ চেষ্টা চলাব ভাৰতে।

আগন্তুক এই বিশ্বকাপৰ বাবে অনুৰাগীৰ মাজত ইতিমধ্যেই দেখা গৈছে চৰ্চা। নিজ দেশতে এই প্ৰতিযোগিতা আয়োজিত হোৱাৰ বাবে ভাৰতীয় কিকেটপ্ৰেমীও হৈ আছে উৎকণ্ঠিত। এই উৎকণ্ঠাৰ অন্ত পেলাই আজি ঘোষণা কৰা হ’ব টি-২০ বিশ্বকাপ ২০২৬ৰ সূচী।

টি-২০ বিশ্বকাপ ২০২৬ৰ সূচী

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে আজি সন্ধিয়া ৬:৩০ বজাত টি-২০ বিশ্বকাপ ২০২৬ৰ সূচী ঘোষণা কৰিব। এই প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দলে পাকিস্তান, আমেৰিকা, নেদাৰলেণ্ড, নামিবিয়াৰ সৈতে একে গ্ৰুপত স্থান লাভ কৰিব পাৰে বুলি প্ৰতিবেদন প্ৰকাশ পাইছে। এনে পৰিস্থিতিত পাকিস্তান-ভাৰত পুনৰ এবাৰ ২২ গজত মুখামুখি হোৱা নিশ্চিত।

প্ৰকাশিত খবৰ অনুসৰি অহা ১৫ ফেব্ৰুৱাৰীত কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত এই মেচখন অনুষ্ঠিত হ’ব পাৰে। পাকিস্তানৰ বিপক্ষে এই মেচখনৰ বাহিৰে ভাৰতীয় দলে নিজৰ আন সকলো মেচ ঘৰৰ মাটিতে খেলিব। পাকিস্তানে ছেমি বা ফাইনেলত প্ৰৱেশ নকৰিলে এই মেচকেইখনো ভাৰততে অনুষ্ঠিত হ’ব।

প্ৰতিযোগিতাত থাকিব ২০টা দল

অহা বৰ্ষৰ ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈকে হ’বলগীয়া টি-২০ বিশ্বকাপত ভাৰত আৰু শ্ৰীলংকাৰ বাদে আন ১৮টা দল থাকিব। এই অংশগ্ৰহণকাৰী ১৮টা দল হৈছে আফগানিস্তান, অষ্ট্ৰেলিয়া, বাংলাদেশ, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, আমেৰিকা, ৱেষ্ট ইণ্ডিজ, নিউজিলেণ্ড, পাকিস্তান, আয়াৰলেণ্ড, কানাডা, ইটালী, নেদাৰলেণ্ড, নামিবিয়া, জিম্বাবুৱে, নেপাল, ওমান, আৰু ইউ এ ই।

বিশ্বকাপত পাকিস্তানে নিজৰ সকলো মেচ শ্ৰীলংকাত খেলিব। পোহৰলৈ অহা খবৰ অনুসৰি অহা ৭ ফেব্ৰুৱাৰীত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ উদ্বোধনী দিনটোত ভাৰতে আমেৰিকাৰ বিৰুদ্ধে প্ৰথমখন গ্ৰুপ মেচ খেলিব। ইয়াৰ পিছতে ১২ ফেব্ৰুৱাৰীত দিল্লীত নামিবিয়াৰ বিৰুদ্ধে, ১৮ ফেব্ৰুৱাৰীত আহমেদাবাদত নেদাৰলেণ্ডৰ বিৰুদ্ধে মেচ হোৱাৰ সম্ভাৱনা আছে।