শীতকালত দৈ খোৱাটো উচিত নে অনুচিত? বহুলোকেই নাজানে এই প্ৰশ্নৰ সঠিক উত্তৰ
দৈ সততে আমাৰ দেহৰ বাবে অতি উপকাৰী বিবেচিত হয়। ইয়াত থকা প্ৰ’বায়’টিকে পাচনতন্ত্ৰ শক্তিশালী কৰে আৰু বহু ৰোগৰ পৰা আমাক ৰক্ষা কৰে। পিছে শীতকালত দৈ খোৱাটো উচিত হয় নে নহয়, সেই লৈ বহুলোকৰ মনত প্ৰশ্নৰ উদ্ৰেক হ’ব পাৰে। যদি আপুনিও এই দ্বিধাৰ সন্মুখীন হৈছে, এই লেখাটোৱে দূৰ কৰিব আপোনাৰ মনৰ প্ৰশ্ন।
লাহে লাহে ৰাজ্যত বৃদ্ধি পাইছে শীতকালৰ প্ৰভাৱ। এই সময়ছোৱাত স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষভাৱে যত্ন লোৱাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে। খাদ্যৰ ক্ষেত্ৰতো সেয়ে সঠিক খাদ্য গ্ৰহণ তথা কিছুমান খাদ্য পৰিহাৰ কৰাটো গুৰুত্বপূৰ্ণ। সাধাৰণতে ঠাণ্ডা বতৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তোলে আৰু সোনকালেই দেহৰ অলস ভাৱ আহি পৰে। তদুপৰি ঠাণ্ডাৰ বাবে এই সময়ত দেহক অধিক উষ্ণতাৰ প্ৰয়োজন আছে। সেয়েহে দেহক উষ্ণতা প্ৰদান কৰা কিছুমান খাদ্যৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পায়।
দৈ সততে আমাৰ দেহৰ বাবে অতি উপকাৰী বিবেচিত হয়। ইয়াত থকা প্ৰ’বায়’টিকে পাচনতন্ত্ৰ শক্তিশালী কৰে আৰু বহু ৰোগৰ পৰা আমাক ৰক্ষা কৰে। পিছে শীতকালত দৈ খোৱাটো উচিত হয় নে নহয়, সেই লৈ বহুলোকৰ মনত প্ৰশ্নৰ উদ্ৰেক হ’ব পাৰে। যদি আপুনিও এই দ্বিধাৰ সন্মুখীন হৈছে, এই লেখাটোৱে দূৰ কৰিব আপোনাৰ মনৰ প্ৰশ্ন।
শীতকালত দৈ খোৱাটো উচিত নে ভুল?
পুষ্টিবিদ নমামী আগৰৱালাই জানিবলৈ দিয়া মতে দৈ কেলচিয়ামৰ এক উৎকৃষ্ট উৎস। এই উপাদানে হাড় শক্তিশালী কৰে। কিন্তু শীতকালৰ কথা আহিলে দৈ খোৱাৰ সময়ত দুই এটা দিশৰ প্ৰতি লক্ষ্য কৰিব লাগে। যেনে, খাদ্য খোৱাৰ ১ বা ২ ঘণ্টা পূৰ্বে দৈ খাব লাগে। কম চৰ্বিযুক্ত দৈ কম পৰিমাণে সেৱন কৰিব লাগে।
শীতকালত কিদৰে দৈ খাব?
আয়ুৰ্বেদ বিশেষজ্ঞ কিৰণ গুপ্তায়ো শীতকালত দৈ খোৱাৰ পৰামৰ্শ দিয়ে যদিও কিছু কথাৰ পৰি দৃষ্টি ৰাখিবলৈও পৰামৰ্শ দিয়ে। কিৰণ গুপ্তাই কয় যে যদি আপুনি শীতকালত দৈ সেৱন কৰিব বিচাৰে, তেতিয়াহ’লে সতেজ দৈ খাব লাগে। ফ্ৰীজত ৰখা দৈ খালে কাহ আৰু চৰ্দিৰ সমস্যা হ’ব পাৰে। ইতিপূৰ্বৰে পৰা চৰ্দি হৈ আছে যদি দৈ নোখোৱাই উত্তম।
উত্তম সময় কেতিয়া?
বিশেষজ্ঞসকলে কয় যে শীতকালত পুৱা বা দুপৰীয়া দৈ খোৱাটোৱেই উত্তম বুলি বিবেচিত হয়। লগতে শীতকালত দৈত চেনি দি খোৱাৰ পৰা বিৰত থাকক। গতিকে শীতকালত আপুনি নিশ্চিতভাৱে দৈ খাব পাৰে। মাত্ৰ খোৱাৰ সময়ত প্ৰয়োজনীয় দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখিব।