শীতকালীন অধিৱেশনৰ পৰা WPL 2026 ৰ সময়সূচী ঘোষণালৈ, দিনটোৰ খবৰ…
Top9 News: আজিৰ দিনটোত ৰাজ্যৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বিভিন্ন ঘটনা সংঘটিত হয়। আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ তৃতীয় দিন। এই দিনটোত বিধানসভাত বহু বিষয় উত্থাপন কৰা হয়।
আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ তৃতীয় দিন। এই দিনটোত বিভিন্ন দিশৰ বিষয় উত্থাপন কৰা হয়। উল্লেখ্য যে, এইবাৰ বিধানসভাত কেইবাখনো বিধেয়ক উত্থাপন কৰা হৈছে।
ইয়াৰোপৰি আজি গ্ৰেপ্তাৰ হৈছে ৪ কংগ্ৰেছী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হেয় প্ৰতিপন্ন কৰি সামাজিক মাধ্যমত ভুৱা ভিডিঅ’ প্ৰচাৰ কৰিছিল। যাৰ বাবে আটাইকেইজন চি আই ডিৰ চাইবাৰ চেলৰ জালত পৰে। কেবিচিৰ ভুৱা ভিডিঅ’ বনাই প্ৰচাৰ কৰিছিল।
হংকঙত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই পৰ্যন্ত ৫৫ জন লোকৰ মৃত্যু হৈছে। ইয়াৰোপৰি প্ৰায় ৩০০ জন লোক সন্ধানহীন হৈ আছে। গতিক পৰৱৰ্তী সময়ত মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। কেইবাটাও বিল্ডিঙত এই জুই লাগে।
সবিশেষৰ বাবে চাওক ভিডিঅ’…
Latest Videos
