শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বৰ্ষাপাৰাৰ টেষ্টত টীম ইণ্ডিয়াৰ বিপৰ্যয়! ২১ বছৰৰ পাছত দেখা গ’ল এনে প্ৰদৰ্শন…

গুৱাহাটী টেষ্ট মেচত নিজৰ দখল শক্তিশালী কৰিছে দক্ষিণ আফ্ৰিকাই । দ্বিতীয় ইনিংছত ৫০০ ৰানৰ ওপৰত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয় । প্ৰথম ইনিংছৰ দৰেই এই ইনিংছতো ভাৰতীয় বলাৰসকলে উইকেটৰ বাবে হাহাকাৰ কৰা দেখা গৈছিল। চতুৰ্থ দিনটোত দক্ষিণ আফ্ৰিকাই ২৬০ ৰানত দ্বিতীয় ইনিংছ ঘোষণা কৰি ভাৰতক ৫৪৯ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। দ্বিতীয় ইনিংছত ২৭ ৰানত দুটা উইকেট হেৰুৱাই ভাৰতে। লক্ষ্যৰ পৰা এতিয়াও ৫২২ ৰান দূৰত আছে ভাৰত।

trishna-kalita
Trishna Kalita | Updated On: 25 Nov 2025 19:32 PM
গুৱাহাটী টেষ্টত দক্ষিণ আফ্ৰিকাৰ কিছু আকৰ্ষণীয় বেটিং দেখা গ’ল। প্ৰথম ইনিংছত ৪৮৯ ৰান সংগ্ৰহ কৰাৰ পিছত আফ্ৰিকান বেটছমেনসকলেও দ্বিতীয় ইনিংছত ভাৰতীয় বলিঙক বিধ্বস্ত কৰে। ফলত দক্ষিণ আফ্ৰিকাই ৫৪৮ ৰানৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয় আৰু ভাৰতে জয়ৰ বাবে ৫৪৯ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে। (PHOTO CREDIT- PTI)

1 / 5
টেষ্ট ক্ৰিকেটত পঞ্চমবাৰৰ বাবে এটা দলে টীম ইণ্ডিয়াৰ বিৰুদ্ধে দ্বিতীয় ইনিংছত ৫০০ ৰানৰ ওপৰত অগ্ৰগতি লাভ কৰিছে। ২০০৬ চনত পাকিস্তানে শেষবাৰৰ বাবে এই কৃতিত্ব অৰ্জন কৰিছিল ।পাকিস্তানী দলটোৱে কৰাচী টেষ্টত এই কৃতিত্ব অৰ্জন কৰিছিল। (PHOTO CREDIT- PTI)

2 / 5
ভাৰতত দ্বিতীয় ইনিংছত কোনো দলে ভাৰতীয় দলৰ বিৰুদ্ধে ৫০০ বা তাতকৈ অধিক ৰাণত অগ্ৰগতি লাভ কৰা এয়া দ্বিতীয়বাৰৰ বাবে। শেষবাৰৰ বাবে এনেকুৱা হৈছিল ২১ বছৰ পূৰ্বে, যেতিয়া ২০০৪ চনৰ নাগপুৰ টেষ্টত অষ্ট্ৰেলিয়াই ৫৪২ ৰানত অগ্ৰগতি লাভ কৰিছিল। (PHOTO CREDIT- PTI)

3 / 5
দক্ষিণ আফ্ৰিকাৰ ঐতিহাসিক বেটিঙৰ পিছত এই মেচত জয়ী হোৱাটো টীম ইণ্ডিয়াৰ বাবে প্ৰায় অসম্ভৱ হৈ পৰিছে। দৰাচলতে টেষ্ট ক্ৰিকেটৰ ইতিহাসত চতুৰ্থ ইনিংছত সৰ্বাধিক সফল ৰান চেজ হৈছে ৪১৮ ৰান। ভাৰতৰ সৰ্বোচ্চ সফল ৰান চেজ হৈছে ৩৮৭ ৰান, যিটো ২০০৮ চনত চেন্নাইত ইংলেণ্ডৰ বিৰুদ্ধে লাভ কৰা হৈছিল।(PHOTO CREDIT- PTI)

4 / 5
কেৱল ভাৰততে নহয়, এছিয়াতো কোনো দলেই টেষ্ট মেচত জয়ী হ’বলৈ ৪০০তকৈ অধিক ৰানৰ অতিক্ৰম কৰা নাই। ২০২১ চনৰ চট্টগং টেষ্টত ৱেষ্ট ইণ্ডিজে বাংলাদেশৰ বিৰুদ্ধে ৩৯৫ ৰানৰ লক্ষ্য খেদি, যিটো এছিয়াৰ এতিয়ালৈকে সৰ্বাধিক সফল ৰানৰ লক্ষ্য। যদি টীম ইণ্ডিয়াই এই মেচত জয়ী হ’ব বিচাৰে তেন্তে তেওঁলোকে এই অভিলেখ ভংগ কৰিব লাগিব, যিটো কোনো সহজ কাম নহয়। (PHOTO CREDIT- PTI)

5 / 5