Dharmendra: ধৰ্মেন্দ্ৰৰ সম্পত্তিৰ পৰা কি বিচাৰে দুই কন্যাই?
Dharmendra: বলীউডৰ জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰৰ মৃত্যুই সকলো অনুৰাগীক কন্দুৱাই গৈছে। ইয়াৰ মাজতে চৰ্চালৈ আহিছে তেওঁৰ সম্পত্তিৰ কথা। গতিকে প্ৰশ্ন হয়, হেমাৰ দুই কন্যাই কিমান সম্পত্তি লাভ কৰিব?
সকলো অনুৰাগীক কন্দুৱাই কিছুদিন পূৰ্বে এই পৃথিৱীৰ পৰা বিদায় মাগে বলীউডৰ অভিনেতা ধৰ্মেন্দ্ৰই। অতি গোপনে ধৰ্মেন্দ্ৰৰ শেষকৃত সম্পন্ন কৰে পৰিয়ালৰ লোকে। যাক লৈ বহু অনুৰাগীয়ে অসন্তুষ্টিও প্ৰকাশ কৰিছে। কিন্তু ইয়াৰ মাজতে চৰ্চালৈ আহিছে ধৰ্মেন্দ্ৰৰ সম্পত্তিৰ কথা। ধৰ্মেন্দ্ৰৰ ওচৰত প্ৰায় ৫০০ কোটি টকাৰ সম্পত্তি আছে। যাৰ এটা অংশও লাভ নকৰে হেমা মালিনীয়ে। কিয়নো ধৰ্মেন্দ্ৰৰ প্ৰথম পত্নীৰ সৈতে বিবাহ বিচ্ছেদ হোৱা নাছিল।
পিছে ধৰ্মেন্দ্ৰ আৰু হেমাৰ কন্যাই উত্তৰাধিকাৰীসূত্ৰে সম্পত্তি লাভ কৰিব পাৰে। এই সন্দৰ্ভত সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত দুই কন্যাই কৈছে তেওঁলোকে পিতৃৰ সম্পত্তিৰ পৰা কি বিচাৰে। তেওঁলোকে এখন বিশেষ গাড়ী বিচাৰিছে। ইয়াৰ ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
সবিশেষৰ বাবে চাওক ভিডিঅ’…
Latest Videos
