গুঞ্জৰি উঠিল নাৰী শক্তিৰ জয়গানঃ জেমিমা-হৰমনৰ বেটিং বিক্ৰমত বিধ্বস্ত অষ্ট্ৰেলিয়া, বিশ্বকাপৰ ফাইনেলত ভাৰত
এক বৃহৎ লক্ষ্য অনুসৰণৰ পিছতো শক্তিশালী অষ্ট্ৰেলিয়াৰ বলিং আক্ৰমণক সম্পূৰ্ণ নিষ্প্ৰভ কৰি ভাৰতীয় দলে আজি মহিলা বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেলত ৫ উইকেটত জয়লাভ কৰে। এইদৰে প্ৰথমবাৰৰ বাবে বিশ্বকাপ খিতাপত চুম্বন দিয়াৰ আকাংক্ষিত স্বপ্নৰ দিশত আগবাঢ়িছে হৰমনপ্ৰীত বাহিনী।
নৱী মুম্বাইত আজি গুঞ্জৰি উঠিছে নাৰী শক্তিৰ জয়গান। ক্ৰিকেট বিশ্বত অভিলেখৰ ধুমুহা তুলি মহিলা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় ক্ৰিকেট দলে। এক বৃহৎ লক্ষ্য অনুসৰণৰ পিছতো শক্তিশালী অষ্ট্ৰেলিয়াৰ বলিং আক্ৰমণক সম্পূৰ্ণ নিষ্প্ৰভ কৰি ভাৰতীয় দলে আজি মহিলা বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেলত ৫ উইকেটত জয়লাভ কৰে। এইদৰে প্ৰথমবাৰৰ বাবে বিশ্বকাপ খিতাপত চুম্বন দিয়াৰ আকাংক্ষিত স্বপ্নৰ দিশত আগবাঢ়িছে হৰমনপ্ৰীত বাহিনী।
ভাৰতীয় দলৰ এই ঐতিহাসিক জয়ৰ প্ৰধান খনিকৰ হৈ পৰে দলৰ নিৰ্ভৰযোগ্য খেলুৱৈ জেমিমা ৰড্ৰীগুৱেজ। ক্ৰীজত দৃঢ়তাৰে থিয় দিয়া দিয়াৰ সমান্তৰালকৈ অষ্ট্ৰেলিয়ান বলিং আক্ৰমণক দিশহাৰা কৰি তুলি চমকপ্ৰদ অপৰাজিত শতকীয় ইনিংছেৰে জেমিমা হৈ পৰে কোটি কোটি ভাৰতীয়ৰ আনন্দৰ বাহক। তেওঁক যোগ্য সহযোগ দি অধিনায়কোচিত প্ৰদৰ্শনেৰে উজলি উঠে হৰমনপ্ৰীত কৌৰ।
অৱশ্যে কেৱল জেমিমা আৰু হৰমন বুলিলে ভুল কৰা হ’ব, দলৰ প্ৰতিগৰাকী খেলুৱৈয়েই সৰ্বস্ব উজাৰি দিয়ে আকাংক্ষিত সাফল্য লাভৰ যুঁজত। ইয়াৰে ফলশ্ৰুতিত এতিয়া প্ৰথমবাৰৰ বাবে বিশ্বকাপ ট্ৰফী দাঙি ধৰাৰ প্ৰায় দুৱাৰডলিত উপনীত হৈছে ভাৰত। অৱশ্যে এই সাফল্যৰ পথ সহজ নাছিল ভাৰতৰ বাবে। কিন্তু অভিলেখ সৃষ্টিৰে সেয়াও তেনেই সহজ যেন কৰি তোলে হৰমন বাহিনীয়ে।
#Final, 𝗛𝗘𝗥𝗘 𝗪𝗘 𝗖𝗢𝗠𝗘! 🇮🇳#TeamIndia book their spot in the #CWC25 final on a historic Navi Mumbai night! 🥳👏
Scorecard ▶ https://t.co/ou9H5gN60l#WomenInBlue | #INDvAUS pic.twitter.com/RCo6FlbXSX
— BCCI Women (@BCCIWomen) October 30, 2025
মেচখনত টছত জয়ী হৈ অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰি ৩৩৮ ৰানৰ বৃহৎ স্ক’ৰ থিয় কৰাইছিল। অধিনায়ক এলিছা হিলীয়ে আৰম্ভণিতেই বিদায় ল’লেও ফ’বে লিচফিল্ডৰ মাৰমুখী শতক আৰু এলীচ পেৰী তথা ৰছলে গাৰ্ডনাৰৰ অৰ্ধশতকৰ সহায়ত ভাৰতৰ সমুখত শক্তিশালী প্ৰত্যাহ্বান গৰি তোলে। লিচফিল্ডে মাত্ৰ ৯৩টা বলত ১১৯ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে পেৰীয়ে ৭৭ আৰু গাৰ্ডনাৰে ৬৩ ৰান সংগ্ৰহ কৰে।
ভাৰতৰ হৈ শ্ৰী চৰণইি আৰু দীপ্তি শৰ্মাই দুটাকৈ উইকেট লাভ কৰাৰ বিপৰীতে ক্ৰান্তি, অমনজোৎ আৰু ৰাধা যাদৱে এটাকৈ উইকেট দখল কৰে। ইফালে ৩৩৯ ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰি ভাৰতেও আৰম্ভণিতেই উজুটি খাইছিল। আঘাতপ্ৰাপ্ত প্ৰতিকাৰ স্থানত সুযোগ পোৱা শ্বেফালী বাৰ্মাই স্বভাৱসিদ্ধ আক্ৰমণাত্মক বেটিঙেৰে ইনিংছ আগবঢ়োৱাৰ চেষ্টা চলাইছিল যদিও ৫ বলত ১০ ৰান কৰি বিদায় লয়।
লক্ষ্য অনুসৰণৰ ক্ষেত্ৰত ভাৰতৰ প্ৰধান আশা স্মৃতি মান্ধানায়ো ২৪টা বলত ২৪ ৰান কৰি পেভিলিয়নলৈ উভতে। এনে অৱস্থাত ভাৰতীয় অনুৰাগীৰ মুখলৈ নামি আহিছিল হতাশাৰ ডাৱৰ। কিন্তু ক্ৰীজত সবল ৰূপত থিয় দি এই হতাশাক হাঁহিলৈ ৰূপান্তৰিত কৰে হৰমন আৰু জেমিমাই। দুয়ো অষ্ট্ৰেলিয়ান বলিং আক্ৰমণক সহজে প্ৰতিহত কৰি আগুৱাই নিয়ে দলৰ ইনিংছ।
তৃতীয় উইকেটৰ যুটিত ১৬৭ ৰান যোগ দি হৰমন আৰু জেমিমাই ভাৰতক মেচলৈ উভতাই আনে। ব্যক্তিগত ৮৯ ৰানত অধিনায়ক হৰমনে ক্ৰীজ এৰিলেও খোপনি পুতি ৰয় জেমিমাই। ইফালে হৰমনৰ বিদায়ৰ পিছত ক্ৰীজলৈ অহা দীপ্তিয়েও খেলে খৰতকীয়া ২৪ ৰানৰ ইনিংছ। অৱশ্যে দুৰ্ভাগ্যৱশতঃ তেওঁ ৰান আউট হয়। ইয়াৰ পিছত ৰিচা ঘোষে নিজৰ পৰিচিত শৈলীৰে মাত্ৰ ১৬টা বলত ২৬ ৰান সংগ্ৰহ কৰি দলক লক্ষ্যৰ কাষ চপাই নিয়ে।
ৰিচাৰ বিদায়ৰ পিছত আৰু কোনো হানি নঘটিল দলৰ। অমনজোতৰ সৈতে মিলি জেমিমাই মেচ বিজয়ী অসাধাৰণ বেটিঙেৰে ভাৰতীয় দলক তুলি দিয়ে পৰম প্ৰত্যাশিত বিজয়। অসীম ধৈৰ্য আৰু দৃঢ়তাৰ পৰিচয় দি জেমিমাই ১৩৪ বলত ১৪টা চাৰিৰে ১২৭ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয়। তেওঁৰ সৈতে ৮টা বলত ১৫ ৰান কৰি অপৰাজিত থাকে অমনজোৎ।
দৰ্শনীয় শতকীয় ইনিংছৰ বাবে জেমিমা মেচৰ শ্ৰেষ্ঠ বিবেচিত হয়। উল্লেখ্য যে এয়া হৈছে মহিলা ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক লক্ষ্য অনুসৰণ কৰি জয়ী হোৱাৰ অভিলেখ। ইয়াৰ পূৰ্বে চলিত বিশ্বকাপৰে লীগ মেচত ভাৰতৰ বিপক্ষেই অষ্ট্ৰেলিয়াই এই অভিলেখ নিজৰ নামত গঢ়িছিল। তদুপৰি ভাৰতে আজি অষ্ট্ৰেলিয়াৰ ১৫ খন মেচৰ অপৰাজিত ধাৰাও ভংগ কৰিছে।
মহিলা বিশ্বকাপত তৃতীয়বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে। ইয়াৰ পূৰ্বে ২০০৫ আৰু ২০১৭ চনত ভাৰত ফাইনেলত প্ৰৱেশ কৰিছিল যদিও ৰাণাৰ্ছ আপতে ক্ষান্ত থাকিবলগা হৈছিল। এতিয়া এই ব্যৰ্থতা ভংগ কৰি খিতাপ জয়ৰ চেষ্টা চলাব হৰমনপ্ৰীত বাহিনীয়ে। অহা ২ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ বিপক্ষে হ’ব এই বহু প্ৰত্যাশিত ফাইনেল।