U19 Asia Cup:৫ টা চাৰি, ৯টা ছয়! বিদেশৰ মাটিত পুনৰ শতক অৰ্জন বৈভৱ সূৰ্যবংশীৰ…
Vaibhav Suryavanshi: ACC পুৰুষৰ ১৯ অনুৰ্ধ এছিয়া কাপ ২০২৫ৰ প্ৰথমখন মেচত শতক অৰ্জন কৰে ভাৰতীয় যুৱ বেটছমেন বৈভৱ সূৰ্যবংশীয়ে। এই শতক বৈভৱে সংযুক্ত আৰব আমিৰশ্বাহীৰ বিৰুদ্ধে কৰে। পুনৰ এবাৰ দেখুৱাই দিলে বৈভৱে বেটৰ যাদু।
পুনৰ বৈভৱ সূৰ্যবংশীৰ বেটৰ যাদু! আৰম্ভ হৈছে এচিচি পুৰুষৰ ১৯ বছৰ অনুৰ্ধ এছিয়া কাপ ২০২৫ (U19 Asia Cup)। এই প্ৰতিযোগিতাৰ প্ৰথমখন খেলত ভাৰতে ডুবাইৰ আই চি চি একাডেমী খেলপথাৰত সংযুক্ত আৰব আমিৰশ্বাহী (UAE)ৰ বিৰুদ্ধে মুখামুখি হয়। য’ত বৈভৱ সূৰ্যবংশীয়ে শতক অৰ্জন কৰি পুনৰ এবাৰ দক্ষতা প্ৰকাশ কৰে। মাত্ৰ কেইটামান বলতে বৈভৱে এই শতক অৰ্জন কৰিবলৈ সক্ষম হয়।
বৈভৱৰ শতক
এই ইনিংছ মুকলি কৰি বৈভৱে অতি উজ্বল প্ৰদৰ্শনে কৰে। প্ৰথমে সাৱধানে খেল আৰম্ভ কৰে আৰু পাছত ৰানৰ বৰষুণ আনে। মাত্ৰ ৩০ টা বলত তেওঁ অৰ্ধশতক কৰিলবৈ সক্ষম হয়। ইয়াতেই থমকি নৰয় তেওঁ, দুৰ্দান্ত খেল প্ৰদৰ্শন কৰি মাত্ৰ ৫৬ টা বলত শতক অৰ্জন কৰে বৈভৱ সূৰ্যবংশীয়ে। এই সময়চোৱাত তেওঁ ৫ টা চাৰি আৰু ৯ টা ছয় কোবায়।
উল্লেখ্য যে, অৰ্ধশতক অৰ্জন কৰাৰ পাছতে বৈভৱে দ্ৰুতগতিত ৰান সংগ্ৰহ কৰি ১০০ কৰে। বৈভৱৰ ৰানৰ আগত তিষ্টিব নোৱাৰিলে ইউ এ ইৰ বলাৰসকলে। এই সময়চোৱাত বৈভৱ আউট হোৱাৰ পৰা দুবাৰলৈ ৰক্ষা পৰিছিল। প্ৰথমে ২৮ ৰানত। ইয়াৰ পাছতে ৮৫ ৰান কৰি থকা অৱস্থাত তেওঁৰ এটা কেচ ড্ৰ’প কৰে। যাৰ পাছত বৈভৱে শতক অৰ্জন কৰাৰ বাট মুকলি হয়।
ইয়াৰ পূৰ্বে বৈভৱে ২০২৫ চনৰ ৰাইজিং ষ্টাৰছ এছিয়া কাপত উজ্বল প্ৰদৰ্শন আগবঢ়াইছিল। UAE ৰ বিৰুদ্ধে খেলত তেওঁ মাত্ৰ ৪২ টা বলত ১৪৪ ৰান সংগ্ৰহ কৰিছিল। সেই সময়ত তেওঁ ১৫টা ছয় আৰু ১১টা চাৰি কোবাইছিল। মাত্ৰ ৩২ টা বলত শতক অৰ্জন কৰিছিল। ৰাইজিং ষ্টাৰছ এছিয়া কাপৰ পাছত পুনৰ এবাৰ এতিয়া বৈভৱ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
অন্য খবৰ পঢ়কঃ এদিনীয়াৰ বাবে ICC ৰেংকিং ঘোষণাঃ ৰোহিত ১ নম্বৰ, বিৰাটৰ স্থান কিমান?