শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ICC Ranking: এদিনীয়াৰ বাবে ICC ৰেংকিং ঘোষণাঃ ৰোহিত ১ নম্বৰ, বিৰাটৰ স্থান কিমান?

ICC Ranking: শেহতীয়াকৈ প্ৰকাশ পাইছে এদিনীয়াৰ আই চি চি ৰেংকিং। এই তালিকাত আগলৈ গতি কৰিছে বিৰাট কোহলীয়ে। শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কোহলীৰ প্ৰদৰ্শনে তেওঁক এক উচ্চ স্থানলৈ লৈ গৈছে।

ICC Ranking: এদিনীয়াৰ বাবে ICC ৰেংকিং ঘোষণাঃ ৰোহিত ১ নম্বৰ, বিৰাটৰ স্থান কিমান?
আই চি চি ৰেংকিংImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 11 Dec 2025 12:49 PM

শেহতীয়াকৈ আই চি চিয় (ICC)য়ে  নতুন ৱান ডে ৰেংকিং (ICC Ranking) জাৰি কৰিছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শনে লাভ লৈ আনিছে বিৰাট কোহলীলৈ। যোৱা সপ্তাহত ৱান ডেত ৪ নম্বৰত থকা বিৰাট কোহলী এতিয়া দ্বিতীয় নম্বৰলৈ গতি কৰিছে। ইফালে ৰোহিত শৰ্মাৰ ১ নম্বৰ স্থান এতিয়াও অক্ষত অৱস্থাত আছে। এনে অৱস্থাত পৰৱৰ্তী সময়ত ৰোহিতক অতিক্ৰম কৰাৰ সুযোগ বিৰাটৰ হাতত থাকিব।

ৰোহিত ১ নম্বৰ, বিৰাট ২

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিৰাটৰ প্ৰদৰ্শন আছিল আকৰ্ষণীয়। যাৰ পাছত বিৰাটৰ ৰেংকিং পইন্ট ৭৭৩ হয়, আৰু ইয়াৰ সহায়ত তেওঁ তালিকাৰ দ্বিতীয় স্থান লাভ কৰে। ইফালে ৰোহিত শৰ্মাৰ ৰেংকিং পইন্ট ৭৮১ আৰু ১ নম্বৰ স্থান। অৰ্থাৎ এতিয়া বিৰাট কেৱল ৰোহিতকৈ ৮ পইন্ট পাছত আছে। ইয়াৰ বিপৰীতে ডেৰিল মিছেলে এক স্থান পিছুৱাই গৈ তৃতীয় নম্বৰ স্থান দখল কৰিছে, তেওঁৰ ৰেংকিং পইন্ট ৭৬৬। ইয়াৰ লগে চতুৰ্থ স্থানত ৭৬৪ পইন্টৰ সহায়ত আছে ইব্ৰাহিম জাদৰান আৰু ৭২৩ পইন্টৰ সৈতে পঞ্চম স্থানত শুভমন গিল।

টপ ১০ত  কোন কোন

১)ৰোহিত শৰ্মা (ভাৰত) ৭৮১
২) বিৰাট কোহলী (ভাৰত) ৭৭৩
৩) ডেৰিল মিচেল (নিউজিলেণ্ড) ৭৬৬
৪) ইব্ৰাহিম জাদৰান (আফগানিস্তান) ৭৬৪
৫) শুভমান গিল (ভাৰত) ৭২৩
৬) বাবৰ আজম (পাকিস্তান) ৭২২
৭) হেৰী টেক্টৰ (আয়াৰলেণ্ড) ৭০৫
৮) শ্বাই হোপ (ৱেষ্ট ইণ্ডিজ) ৭০১
৯) চি. আছালংকা (শ্ৰীলংকা) ৬৯০
১০) শ্ৰেয়াছ আয়াৰ (ভাৰত) ৬৭৯

বিৰাটে শেষৰবাৰ কেতিয়া আছিল ১ নম্বৰত?

২০২১ চনৰ এপ্ৰিল মাহত এদিনীয়াত কোহলী শেষৰ বাৰৰ বাবে ১ নম্বৰত আছিল। তেওঁ ২০১৭ চনৰ পৰা ২০২১ চনৰ এপ্ৰিললৈকে ১২৫৮ দিন ধৰি এক নম্বৰ ৰেংকিঙত অধিষ্ঠিত হৈছিল। ২০২১ চনত বাবৰ আজমে তেওঁক অতিক্ৰম কৰিছিল। এনে স্থলত অহা বছৰ পুনৰ বিৰাটে ১ নম্বৰ বেটছমেন হোৱাৰ সুযোগ লাভ কৰিব। ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী এদিনীয়া ১১ জানুৱাৰীৰ পৰা নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব। যদি এই শৃংখলাত বিৰাটৰ প্ৰদৰ্শন উন্নত হয় তেন্তে ৰোহিতক অতিক্ৰম কৰাৰ সুযোগ লাভ কৰিব।

 

অন্য খবৰ পঢ়কঃ অসমলৈ আহিব প্ৰধানমন্ত্ৰীঃ কি কি উপহাৰ দিব অসমক? মুখ্যমন্ত্ৰীৰ বিশেষ বৈঠক…