শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা, বিৰাট-ৰোহিতৰ প্ৰত্যাৱৰ্তন…অধিনায়ক কোন?

India tour of Australia: শীঘ্ৰে অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাব টিম ইণ্ডিয়া। এই ভ্ৰমণৰ সময়ত দল দুটাই তিনিখন এদিনীয়া আৰু ৫খন টি-২০ মেচ খেলিব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এই ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা কৰিছে, য’ত আছে ৰোহিত শৰ্মা আৰু বিৰাট কোহলী।

অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা, বিৰাট-ৰোহিতৰ প্ৰত্যাৱৰ্তন…অধিনায়ক কোন?
অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণাImage Credit source: PTI
raj-saikia
Raj Saikia | Updated On: 04 Oct 2025 16:23 PM

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখনীয়া মেচৰ টেষ্ট শৃংখলাৰ অন্তত অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব টিম ইণ্ডিয়াই। ভাৰতীয় দলটোৰ অষ্ট্ৰেলিয়া ভ্ৰমণ ১৯ অক্টোবৰৰ পৰা ৮ নৱেম্বৰলৈ চলিব। এই সময়ছোৱাত দুয়োটা দলৰ মাজত তিনিখন এদিনীয়া আৰু ৫খন টি-২০ মেচ অনুষ্ঠিত হ’ব।

বিচিচিআইয়ে এই ভ্ৰমণৰ বাবে ঘোষণা কৰিছে টিম ইণ্ডিয়াৰ দল। এদিনীয়া শৃংখলাৰ বাবে নিৰ্বাচিত হৈছে ৰোহিত শৰ্মা আৰু বিৰাট কোহলী। আই পি এল ২০২৫ৰ পিছত প্ৰথমবাৰৰ বাবে খেলপথাৰত একেলগে দেখা যাব এই দুয়োগৰাকী প্ৰবীণ খেলুৱৈক।

লগতে পঢ়ক: প্ৰথম চেষ্টত এক ইনিংছ আৰু ১৪০ ৰাণত পৰাস্ত কেৰিবিয়ান বাহিনী, বেটে-বলে পৰাক্ৰম ৰবীন্দ্ৰ জাডেজাৰ

অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা

টিম ইণ্ডিয়াৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰে সংবাদমেল অনুষ্ঠিত কৰি অষ্ট্ৰেলিয়া ভ্ৰমণৰ দল ঘোষণা কৰে। ইয়াৰ লগে লগে ভাৰতে এদিনীয়া ফৰ্মেটৰ বাবে নতুন অধিনায়ক লাভ কৰে। এতিয়া টেষ্ট আৰু এদিনীয়া দুয়োখন খেলতে দলটোক নেতৃত্ব দিব শুভমন গিল। অৰ্থাৎ ৰোহিত শৰ্মা এতিয়া বেটছমেন হিচাপেহে দলৰ অংশ হ’ব। ২০২১ চনৰ ডিচেম্বৰৰ পিছত প্ৰথমবাৰৰ বাবে ৰোহিতক কেৱল খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হৈছে।

ৰোহিত শৰ্মাৰ লগতে বিৰাট কোহলীয়েও এদিনীয়া দললৈ ঘূৰি আহিছে। দুয়োগৰাকী খেলুৱৈয়ে শেষবাৰৰ বাবে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ সময়ত ভাৰতৰ হৈ খেলিছিল। অৰ্থাৎ প্ৰায় সাত মাহৰ পিছত টিম ইণ্ডিয়াৰ হৈ পুনৰ খেলপথাৰত নামিব। চেম্পিয়নছ ট্ৰফী জয় কৰাৰ পিছত ভাৰতীয় দলৰ এয়া হ’ব প্ৰথম এদিনীয়া শৃংখলা। তদুপৰি ২০২০ চনৰ ডিচেম্বৰৰ পিছত অষ্ট্ৰেলিয়াত এইখন হ’ব প্ৰথমখন এদিনীয়া শৃংখলা।

যশপ্ৰীত বুমৰাহক বিশ্ৰাম প্ৰদান

এই ভ্ৰমণত যশপ্ৰীত বুমৰাহক এদিনীয়া শৃংখলাৰ পৰা জিৰণি দিয়া হৈছে। বৰ্তমান তেওঁ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট ছিৰিজ খেলি আছে, যাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। ইংলেণ্ড ভ্ৰমণৰ সময়ত আঘাতপ্ৰাপ্ত হোৱা ঋষভ পণ্টো এই ভ্ৰমণৰ পৰা আঁতৰি আছে। আঘাতৰ বাবে হাৰ্দিক পাণ্ডিয়াও দলৰ পৰা বাহিৰ হ’ব।

অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে এদিনীয়া দল

শুভমান গিল (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, অক্ষৰ পেটেল, কে এল ৰাহুল, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, মহম্মদ চিৰাজ, অৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণ, ধ্ৰুৱ জুৰেল, যশস্বী জয়ছৱাল।

অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে টি-২০ দল

সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, শুভমন গিল (উপ অধিনায়ক), তিলক বাৰ্মা, নীতিশ কুমাৰ ৰেড্ডী, শিৱম ডুবে, অক্ষৰ পেটেল, জিতেশ শৰ্মা (উইকেটকীপাৰ), বৰুণ চক্ৰবৰ্তী, যশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং, কুলদীপ যাদৱ, হৰ্ষিত ৰানা, সঞ্জু চেমচন (উইকেটকীপাৰ), ৰিংকু সিং, ৱাশ্বিংটন সুন্দৰ।