প্ৰথম চেষ্টত এক ইনিংছ আৰু ১৪০ ৰাণত পৰাস্ত কেৰিবিয়ান বাহিনী, বেটে-বলে পৰাক্ৰম ৰবীন্দ্ৰ জাডেজাৰ
IND vs WI 1st Test Match: ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখনীয়া টেষ্ট শৃংখলাৰ প্রথমখন খেলত চমকপ্ৰদ জয় লাভ কৰিছে ভাৰতে ৷ আহমেদাবাদত অনুষ্ঠিত টেষ্ট মেচৰ তৃতীয় দিনা আলহী দল ৱেষ্ট ইণ্ডিজ এক ইনিংছ আৰু ১৪০ ৰাণত পৰাস্ত হয়।

ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখনীয়া টেষ্ট শৃংখলাত সমতা স্থাপন কৰাৰ পাছত ভাৰতীয় দলটোৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখনীয়া টেষ্ট শৃংখলাৰ প্রথমখন খেলত চমকপ্ৰদ জয় লাভ কৰিছে ৷ আহমেদাবাদত অনুষ্ঠিত টেষ্ট মেচৰ তৃতীয় দিনা আলহী দল ৱেষ্ট ইণ্ডিজ পৰাস্ত হয়।
এই মেচখনত ৱেষ্ট ইণ্ডিজে ভাৰতীয় দলটোৰ বিৰুদ্ধে বেটিং আৰু বলিং কোনোটো বিভাগতেই ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে। টিম ইণ্ডিয়াৰ তিনিগৰাকী খেলুৱৈয়ে শতক অর্জন কৰাৰ বিপৰীতে ৱেষ্ট ইণ্ডিজৰ বেটছমেনসকলে অৰ্ধশতকৰ সীমাও স্পৰ্শ কৰিব নোৱাৰিলে ৷ ভাৰতীয় বলাৰ সমুখত তিষ্ঠিব নোৱাৰি এই টেষ্ট মেচত এটা ইনিংছ আৰু ১৪০ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ৱেষ্ট ইণ্ডিজ।
ৱেষ্ট ইণ্ডিজৰ বেটিং বিফল
টিম ইণ্ডিয়াৰ বিৰুদ্ধে দুয়োটা ইনিংছতে ৱেষ্ট ইণ্ডিজৰ বেটিং সম্পূৰ্ণৰূপে বিফল হয়। আলহী দলটোৱে প্ৰথম ইনিংছত মাত্ৰ ১৬২ ৰান সংগ্ৰহ কৰি অল আউট হয়। ইয়াৰ প্ৰত্যুত্তৰত টিম ইণ্ডিয়াই ৫ উইকেটৰ বিনিময়ত ৪৪৮ ৰান সংগ্ৰ কৰি ইনিংছ ঘোষণা কৰে। ২৮৬ ৰান পিছ পৰি থকা ৱেষ্ট ইণ্ডিজে দ্বিতীয় ইনিংছত ভাল প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছিল যদিও সমগ্ৰ দলটো টাচপাতৰ ঘৰৰ দৰে ভাঙি পৰে।
দ্বিতীয় ইনিংছত তৃতীয় দিনৰ দ্বিতীয় ছেচনত ৱেষ্ট ইণ্ডিজে মাত্ৰ ১৪৬ ৰান সংগ্ৰহ কৰি অল আউট হয়। এইদৰে ভাৰতে প্ৰথম টেষ্টত এটা ইনিংছ আৰু ১৪০ ৰানত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি শৃংখলাত অগ্ৰগতি লাভ কৰে। ৱেষ্ট ইণ্ডিজৰ হৈ এলিক আথানাজে সৰ্বাধিক ৩৮ ৰান সংগ্ৰহ কৰে। আনহাতে জাষ্টিন গ্ৰেভছে ২৫ ৰান আৰু জেডেন ছিলেছে ২২ ৰান সংগ্ৰহ কৰে। অন্য বেটছমেনসকলে ক্ৰীজত বেছি সময় টিকি থাকিব নোৱাৰিলে।
টিম ইণ্ডিয়াৰ উজ্জ্বল বলিং প্ৰদৰ্শন
এই টেষ্ট মেচখনত ভাৰতীয় বলাৰসকলে ৱেষ্ট ইণ্ডিজৰ বেটছমেনসকলক যেন বান্ধি পেলাইছিল। আলহী দলটোৰ কোনো বেটছমেনে দুয়োটা ইনিংছতে অৰ্ধশতকো অৰ্জন কৰিব নোৱাৰিলে। দ্বিতীয় ইনিংছত সৰ্বাধিক ৪টা উইকেট দখল কৰে ৰবীন্দ্ৰ জাডেজাই। মহম্মদ ছিৰাজে তিনিটা উইকেট আৰু কুলদীপ যাদৱে দুটা উইকেট দখল কৰে।
আনহাতে প্ৰথম ইনিংছত মহম্মদ ছিৰাজে ৪ টা, যশপ্ৰীত বুমৰাহে ৩ টা কুলদ্বীপ যাদৱে ২ টা আৰু ৱাশ্বিংটন সুন্দৰে ১ টা উইকেট দখল কৰে।
এই টেষ্ট মেচখনত ৰবীন্দ্ৰ জাডেজাই বেট আৰু বল দুয়োটা ক্ষেত্ৰতেই উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। প্ৰথমে ১০৪ ৰানৰ অপৰাজিত শতক অৰ্জন কৰাৰ সমান্তৰালকৈ দ্বিতীয় ইনিংছত চাৰিটা উইকেট দখল কৰি ৱেষ্ট ইণ্ডিজক খুব সোনকালেই পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য কৰে।
ভাৰতৰ বেটিং প্ৰদৰ্শন
প্ৰথম ইনিংছত ৱেষ্ট ইণ্ডিজে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰতীয় বলাৰৰ বলিং বিক্ৰমৰ সমুখত তিষ্ঠিব নোৱাৰি ১৬২ ৰাণতে অল আউট হয় দলটো। ভাৰতৰ হৈ প্ৰথম বেটিং কৰিবলৈ অহা কে এল ৰাহুল আৰু যশস্বী জয়ছোৱালে সুন্দৰ আৰম্ভনি কৰে যদিও ৩৬ ৰাণ কৰিয়েই জয়ছোৱালে বিদায় লয়। সাই সুদৰ্শনেও মাত্ৰ ৭ ৰাণহে সংগ্ৰহ কৰে।
৫০ ৰাণৰ ব্যক্তিগত স্ক’ৰত ক্ৰীজ এৰে অধিনায়ক শুভমন গিলে। ইফালে কে এল ৰাহুলে ১০০ ৰাণৰ এটি বিস্ফোৰক ইনিংছ খেলে। উইকেট কীপাৰ বেটছমেন ধ্ৰুৱ জুৰেলে ১২৫ ৰাণ কৰি আউট হয়। অল ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই ১০৪ ৰাণৰ অপৰাজিত ইনিংছ খেলে।