শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভাৰত-দক্ষিণ আফ্ৰিকা শৃংখলাৰ বাবে দল ঘোষণাঃ সলনি হ’ল অধিনায়ক, কোনে পালে দায়িত্ব!

অষ্ট্ৰেলিয়া ভ্ৰমণ সামৰাৰ পিছতে ভাৰতীয় দলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ঘৰৰ মাটিত টেষ্ট শৃংখলাত অৱতীৰ্ণ হ’ব। এই শৃংখলাত প্ৰটিয়াছ বাহিনীৰ বিপক্ষে দুখন মেচ খেলিব ভাৰতীয় দলে। এতিয়া এই শৃংখলাৰ বাবে ঘোষণা কৰা হৈছে দল।

ভাৰত-দক্ষিণ আফ্ৰিকা শৃংখলাৰ বাবে দল ঘোষণাঃ সলনি হ’ল অধিনায়ক, কোনে পালে দায়িত্ব!
ভাৰত বনাম দক্ষিণ আফ্ৰিকা শৃংখলাৰ বাবে দল ঘোষণাImage Credit source: Lee Warren/Gallo Images/Getty Images
monjit-dutta
Monjit Dutta | Updated On: 27 Oct 2025 18:31 PM

সম্প্ৰতি সীমিত অভাৰৰ শৃংখলাৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণৰত ভাৰতীয় দল ইতিমধ্যে এই ভ্ৰমণত এদিনীয়া শৃংখলাৰ অন্ত পৰিছে এতিয়া টি২০ শৃংখলাৰ বাবে সাজু হৈছে দুয়োটা দল অষ্ট্ৰেলিয়া ভ্ৰমণ সামৰাৰ পিছতে ভাৰতীয় দলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ঘৰৰ মাটিত টেষ্ট শৃংখলাত অৱতীৰ্ণ এই শৃংখলাত প্ৰটিয়াছ বাহিনীৰ বিপক্ষে দুখন মেচ খেলিব ভাৰতীয় দলে আগন্তুক এই শৃংখলাটোৰ বাবে সাজু হৈছে দক্ষিণ আফ্ৰিকা আজি আগন্তুক এই শৃংখলাটোৰ বাবে দক্ষিণ আফ্ৰিকাৰ ১৫ জনীয়া দল ঘোষণা কৰা হৈছে।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বিগত সংস্কৰণৰ চেম্পিয়ন দক্ষিণ আফ্ৰিকাই ভাৰতৰ বিপক্ষে শৃংখলাৰ বাবে এক শক্তিশালী দল নিৰ্বাচন কৰিছে দলটোৰ অধিনায়ক হিচাপে পুনৰ দায়িত্বলৈ ঘূৰিছে টেম্বা বাভুমা। পাকিস্তানৰ বিৰুদ্ধে বিগত টেষ্ট শৃংখলাত টেম্বা বাভুমা এই দায়িত্বত নাছিল বাভুমা সম্পূৰ্ণ ৰূপে ফিট নোহোৱাৰ বাবে অধিনায়কৰ দায়িত্বত আছিল এইডেন মাৰ্ক্ৰামে

ফৰ্মত আছে দক্ষিণ আফ্ৰিকা

বৰ্তমানৰ বিশ্ব টেষ্ট চেম্পিয়ন দক্ষিণ আফ্ৰিকা সম্প্ৰতি অত্যন্ত ফৰ্মত থকা বুলিব পাৰি শেহতীয়াকৈ পাকিস্তান ভ্ৰমণৰ সময়ত দলটোৱে শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছিল। লাহোৰ টেষ্টত পৰাস্ত হলেও দক্ষিণ আফ্ৰিকাই ৰাৱালপিণ্ডি টেষ্টত প্ৰত্যৱৰ্তন ঘটাই শৃংখলা ড্ৰ কৰিবলৈ সক্ষম হয়সেয়ে এতিয়া ঘৰুৱা ক্ষেত্ৰতে ভাৰতীয় দলক প্ৰত্যাহ্বান জনাবলৈ সাজু প্ৰটিয়াছ বাহিনী।

লক্ষণীয়ভাৱে শেহতীয়াকৈ ৱেষ্ট ইণ্ডিজক টেষ্ট শৃংখলাত হোৱাইট ৱাছ কৰিলেও তাৰ পূৰ্বে ঘৰৰ মাটিতে নিউজিলেণ্ডৰ হাতত ৩-০ ব্যৱধানত ক্লীন ছুইপ হৈছিল ভাৰত গতিকে নিউজিলেণ্ডৰ এনে প্ৰদৰ্শনৰ দ্বাৰা দক্ষিণ আফ্ৰিকাই নিশ্চিতভাৱে প্ৰেৰণা লব। স্পীন সহায়ক পিটছত প্ৰটিয়াছ স্পিনাৰ কেশৱ মহাৰাজ, মথুছামি, চাইমন হাৰ্মাৰৰ প্ৰদৰ্শন লক্ষণীয় হৈ পৰিব

ঘোষিত দক্ষিণ আফ্ৰিকাৰ দলঃ টেম্বা বাভুমা (অধিনায়ক), ডেৱাল্ড ব্ৰুইছ, মাৰ্কো জেনচেন, এইডেন মাৰ্ক্ৰাম, জুবেইৰ হামজা, কেশৱ মহাৰাজ, ৰিয়ান ৰিকেল্টন, টনি ডি জিঅৰ্জি, চেনুৰাণ মুথুছামি, ট্ৰিষ্টান ষ্টাবছ, কৰ্বিন বছ, কেগিছৰাবাডা, কাইল ভেৰেইন, উইয়ান মূল্ডাৰ আৰু চাইমন হাৰ্মাৰ

ভাৰত-দক্ষিণ আফ্ৰিকাৰ শৃংখলাৰ সূচী

প্ৰথম টেষ্টঃ ১৪ নৱেম্বৰ, কলকাতা

দ্বিতীয় টেষ্টঃ ২২ নৱেম্বৰ, গুৱাহাটী

প্ৰথম এদিনীয়াঃ ৩০ নৱেম্বৰ, ৰাঁচী

দ্বিতীয় এদিনীয়াঃ ৩ ডিচেম্বৰ, ৰায়পুৰ

তৃতীয় এদিনীয়াঃ ৬ ডিচেম্বৰ, বিশাখাপট্টনম

প্ৰথম টি২০: ৯ ডিচেম্বৰ, কটক

দ্বিতীয় টি-২০: ১১ ডিচেম্বৰ, নিউ চণ্ডীগড়

তৃতীয় টি-২০: ১৪ ডিচেম্বৰ, ধৰ্মশালা

চতুৰ্থ টি-২০: ১৭ ডিচেম্বৰ, লক্ষ্ণৌ

পঞ্চম টি-২০: ১৯ ডিচেম্বৰ, আহমেদাবাদ