RCB vs KKR Live Score, IPL 2025: বৰষুণৰ বাবে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু বনাম কলকাতা নাইট ৰাইডাৰ্ছৰ মেচ বাতিল
Royal Challengers Bengaluru vs Kolkata Knight Riders Live Score in Assamese: ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছত বিচিচিআইয়ে প্ৰতিযোগিতাখন পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল আৰু প্ৰকাশ কৰিছিল নতুন সূচী। সেই অনুসাৰে ১৭ মে’, অৰ্থাৎ আজিৰে পৰা পুনৰ আৰম্ভ হৈছে এই প্ৰতিযোগিতা। প্ৰথমখন মেচত ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। চাওক মেচৰ প্ৰতিমুহূৰ্তৰ লাইভ আপডেট...

প্ৰায় সপ্তাহজোৰা বিৰতিৰ পিছত পুনৰ আৰম্ভ আই পি এল ২০২৫। ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হোৱা সংঘাতৰ পৰিপ্ৰেক্ষিতত যোৱা ৯ মে’ত স্থগিত ৰখা হৈছিল প্ৰতিযোগিতাখন। অৱশ্যে দুয়োখন দেশে যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছত বিচিচিআইয়ে প্ৰতিযোগিতাখন পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল আৰু প্ৰকাশ কৰিছিল নতুন সূচী। সেই অনুসাৰে ১৭ মে’, অৰ্থাৎ আজিৰে পৰা পুনৰ আৰম্ভ হৈছে এই প্ৰতিযোগিতা। প্ৰথমখন মেচত মুখামুখি হৈছে ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। প্লে’ অফত প্ৰৱেশৰ দিশৰ পৰা দুয়োটা দলৰ বাবেই এই মেচখন হৈ পৰিছে অত্যন্ত প্ৰয়োজনীয়। এই মেচখন গুৰুত্বপূৰ্ণ কাৰণ বিৰাট কোহলিয়ে কিছুদিন পূৰ্বে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰাৰ পিছত প্ৰথমবাৰৰ বাবে এখন মেচ খেলা দেখা যাব।
LIVE NEWS & UPDATES
-
মেচ বাতিল
বৰষুণৰ বাবে বাতিল হ’ল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু বনাম কলকাতা নাইট ৰাইডাৰ্ছৰ মেচ। দুয়োটা দলে পাব ১-১ পইণ্ট।
-
আকৌ আৰম্ভ বৰষুণ
বেংগালুৰুত পুনৰবাৰ বৰষুণ আৰম্ভ হৈছে, যাৰ ফলত স্তব্ধ হৈ পৰিছে অনুৰাগীৰ আশা । অৰ্থাৎ মেচখন আৰম্ভ হ’বলৈ আৰু অধিক সময় লাগিব।
-
বেংগালুৰুত বন্ধ হৈছে বৰষুণ
বৰষুণ সম্পূৰ্ণৰূপে বন্ধ হোৱাৰ বাবে বেংগালুৰুৰ পৰা আহি আছে এটা ভাল খবৰ। খেলপথাৰ শুকুৱাৰ কামত ব্যস্ত হৈ পৰিছে গ্ৰাউণ্ড ষ্টাফ।
-
অভাৰ কমাবলৈ আৰম্ভ কৰিব
বেংগালুৰুৰ পৰা শেহতীয়া আপডেট অনুসৰি বৰষুণ পাতল হৈ পৰিছে যদিও এতিয়াও সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই। এনে পৰিস্থিতিত মেচ আৰম্ভ হ’বলৈ আৰু কিছু সময় লাগিব। কিন্তু ঠিক ৮.৩০ বজাত অভাৰ কৰ্তন আৰম্ভ হ’ব। ইয়াৰ পূৰ্বেও জনোৱা হৈছিল যে নিশা ৮.৪৫ বজাৰ পৰা অভাৰ কৰ্তন কৰা হ’ব।
-
কেতিয়াৰ পৰা আৰম্ভ হ’ব পাৰে মেচ?
বেংগালুৰুত এতিয়াও বৰষুণ দি আছে, যাৰ বাবে মেচ আৰম্ভ হোৱা নাই। এনে পৰিস্থিতিত কিছুমান বিশেষ কথা জনাটো জৰুৰী-
- যদি নিশা ৮:৪৫ বজাৰ ভিতৰত মেচ আৰম্ভ নহয়, তেন্তে এটা এটাকৈ অভাৰবোৰ কম কৰা হ’ব।
- মেচৰ ফলাফল পাবলৈ হ’লে অন্ততঃ ৫-৫ অভাৰ খেল খেলিব লাগিব আৰু ইয়াৰ বাবে শেষ সময় সীমা অৰ্থাৎ কাট অফ নিশা ১০:৫৬ বজা।
-
বাংগালুৰুত বৰষুণ
এই সময়ত বেংগালুৰুত অব্যহত আছে বৰষুণ। যাৰ বাবে পলম হৈছে মেচ।
Published On - May 17,2025 8:20 PM