শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

হোৱাইট জাৰ্ছিত দেখা নাপাব হিটমেনক ! ২৮০ নম্বৰৰ টেষ্ট কেপৰ ফটো শ্বেয়াৰ কৰি অৱসৰ ঘোষণা ৰোহিত শৰ্মাৰ

ইনষ্টাগ্ৰামত ৰোহিতে এটা ষ্ট’ৰী পোষ্ট শ্বেয়াৰ কৰে । এই ইনষ্টাগ্ৰামৰ পোষ্টত তেওঁ নিজৰ ২৮০ নম্বৰৰ টেষ্ট কেপৰ ফটো শ্বেয়াৰ কৰে আৰু ইয়াৰ লগতে তেওঁ অৱসৰৰ কথা ঘোষণা কৰে।

হোৱাইট জাৰ্ছিত দেখা নাপাব হিটমেনক ! ২৮০ নম্বৰৰ টেষ্ট কেপৰ ফটো শ্বেয়াৰ কৰি অৱসৰ ঘোষণা ৰোহিত শৰ্মাৰ
ষ্টেট ক্ৰিকেটৰ পৰা অৱসৰ ৰোহিত শৰ্মাৰImage Credit source: X Handle
manas-borah
Manas Borah | Published: 07 May 2025 23:49 PM

অৱসৰৰ কথা ঘোষণা কৰিলে টিম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই। টিম ইণ্ডিয়াৰ কিংবদন্তি অ’পেনাৰ তথা দুটা ফৰ্মেটৰ অধিনায়ক ৰোহিতে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। হিটমেন নামেৰে পৰিচিত ৰোহিতে যোৱা ৭ মে’ বুধবাৰে এটা ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে লং ফৰ্মেট ক্ৰিকেটৰ পৰা বিদায় লয় ।

ইনষ্টাগ্ৰামত ৰোহিতে এটা ষ্ট’ৰী পোষ্ট শ্বেয়াৰ কৰে । এই ইনষ্টাগ্ৰামৰ পোষ্টত তেওঁ নিজৰ ২৮০ নম্বৰৰ টেষ্ট কেপৰ ফটো শ্বেয়াৰ কৰে আৰু ইয়াৰ লগতে তেওঁ অৱসৰৰ কথা ঘোষণা কৰে। ৰোহিতে নিজৰ পোষ্টত লিখিছে, “মই আপোনালোক সকলোকে ক’ব বিচাৰো যে মই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লৈছো। হুৱাইট পৰিধান কৰি দেশক প্ৰতিনিধিত্ব কৰাটো মোৰ বাবে এক বৃহৎ সন্মান। ইমান বছৰে আপোনালোকৰ মৰম আৰু সমৰ্থনৰ বাবে ধন্যবাদ।”

অৱশ্যে টিম ইণ্ডিয়াৰ কিংবদন্তি বেটছমেন ৰোহিতে স্পষ্টভাৱে কয় যে, তেওঁ এতিয়াৰ বাবে এদিনীয়া ফৰ্মেটত নিজৰ ক্ৰিকেট যাত্ৰা অব্যাহত ৰাখিব । তেওঁ কয় যে, “মই এদিনীয়া ফৰ্মেটত ভাৰতক প্ৰতিনিধিত্ব কৰি যাম।”

যোৱা কেইদিনমানৰ পৰা টেষ্ট ক্ৰিকেটত ৰোহিত শৰ্মাৰ ভৱিষ্যতক লৈ প্ৰশ্ন উত্থাপন হৈ আছিল। বিশেষকৈ তেওঁৰ অধিনায়কত্বকলৈ চৰ্চা চলিছিল । যোৱা বছৰ তেওঁৰ অধিনায়কত্বত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে ০-৩ ব্যৱধানত পৰাজিত হয় আৰু তাৰ পিছত অষ্ট্ৰেলিয়া ভ্ৰমণত পৰাজয়ৰ পিছত ৰোহিতৰ বাবে অধিনায়কৰ দায়িত্ব অব্যাহত ৰখাটো কঠিন যেন লাগিছিল। অৱশ্যে ইংলেণ্ড ভ্ৰমণকলৈ ৰোহিত আশাবাদী আছিল। কিন্তু ৬ মে’ মঙলবাৰে বাছনি সমিতিয়ে তেওঁক অধিনায়কৰ পদৰ পৰা অপসাৰণ কৰাৰ সিদ্ধান্ত লৈছিল, যাৰ বিষয়ে বিচিচিআইকো অৱগত কৰা হৈছিল।

কোৱা হৈছে যে, এনে পৰিস্থিতিত এই লং ফৰ্মেটক বিদায় দিয়াৰ কথা ঘোষণা কৰিলে ‘হিটমেন’য়ে। ২০১৩ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্টত অভিষেক ঘটা ৰোহিতে প্ৰথমখন মেচতে শতক অৰ্জন কৰিছিল। পৰৱৰ্তী টেষ্টতো তেওঁ শতক অৰ্জন কৰি এক বিশেষ কৃতিত্ব অৰ্জন কৰে। কিন্তু ইয়াৰ পিছত পৰৱৰ্তী ৬ বছৰ ধৰি তেওঁ এই ফৰ্মেটত বহু সংগ্ৰাম কৰিবলগীয়া হয় ।

২০১৯ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাত ৰোহিতে প্ৰথমবাৰৰ বাবে অ’পেনিং কৰাৰ সুবিধা পায় আৰু ইয়াৰ পৰাই তেওঁৰ কেৰিয়াৰ সলনি হয়। প্ৰথম টেষ্টৰ দুয়োটা ইনিংছতে শতক অৰ্জন কৰিছিল ৰোহিতে আৰু তাৰ পিছত তৃতীয় টেষ্টতো দুটা শতক অৰ্জন কৰিছিল। তেতিয়াৰ পৰা ৰোহিতে দলৰ অ’পেনাৰ হৈ বহু ভাল ইনিংছ খেলিছিল।

তাৰ পিছত ২০২২ চনত বিৰাট কোহলীয়ে অধিনায়কৰ পদ ত্যাগ কৰাৰ পিছত ৰোহিতক টিম ইণ্ডিয়াৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়। ৰোহিতে মুঠ ৬৭খন টেষ্ট মেচ খেলিছিল, য’ত তেওঁৰ ৪৩০১ ৰান সংগ্ৰহ কৰিছিল। তেওঁ গড়ে ৪০.৫৭ ৰান সংগ্ৰহ কৰিছিল আৰু এই সময়ছোৱাত তেওঁ ১২ টা শতক আৰু ১৮ টা অৰ্ধশতক অৰ্জন কৰিছিল।