Operation Sindoor: সেন্দূৰৰ মূল্য, শত্ৰুক প্ৰত্যুত্তৰ দিবলৈ সন্ত্ৰাসবাদীৰ ঘাটিত চলিল অপাৰেশ্যন সেন্দূৰ
নিশা ঠিক ১ বজাত খবৰ আহে, প্ৰত্যাক্ৰমণ কৰিছে ভাৰতে । আৰম্ভ হৈছে ভাৰতৰ সামৰিক অভিযান । তাৰ পাছতেই বন্ধ হয় মুজাফৰাবাদৰ বিদ্যুত সংযোগ । ব্লেক আউট হয় বিস্তীৰ্ণ অঞ্চল ।
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ১৫ দিনৰ পাছত ভাৰতে প্ৰতিজ্ঞা মতেই পাকিস্তানত সোমাই ধ্বংস কৰিলে সন্ত্ৰাসবাদীৰ ঘাটি । ওৰে নিশা এই আক্ৰমণৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিলে প্ৰধানমন্ত্ৰীয়ে । ভাৰতীয় মহিলাৰ কপাল উকা কৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলা এই অভিযানৰ নাম দিয়া হ’ল অপাৰেশ্যন সেন্দূৰ ।
কেনেকৈ চলোৱা হৈছিল এই অভিযান? নিশা ঠিক ১ বজাত খবৰ আহে, প্ৰত্যাক্ৰমণ কৰিছে ভাৰতে । আৰম্ভ হৈছে ভাৰতৰ সামৰিক অভিযান । তাৰ পাছতেই বন্ধ হয় মুজাফৰাবাদৰ বিদ্যুত সংযোগ । ব্লেক আউট হয় বিস্তীৰ্ণ অঞ্চল । প্ৰত্যক্ষদৰ্শীয়ে জনায়, পাহাৰীয়া এলেকাত বিস্ফোৰণৰ শব্দ শুনা গৈছিল । তাৰ ঠিক পাছতেই মুখ খোলে পাকিস্তানী সেনাই । তেওঁলোকে কয়, ভাৰতৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়া হ’ব । পাক অধিকৃত কাশ্মাীৰৰ মুঠ ৯ টা স্থানক লক্ষ্য কৰি আক্ৰমণ চলায় ভাৰতে ।