RCB vs CSK Live Score, IPL 2025: চিন্নাস্বামীত আৰচিবিক শ্বাসৰুদ্ধকাৰী জয়ৰ সোৱাদ দিলে দয়ালেঃ অথলে গ’ল মাহাত্ৰে-জাদেজাৰ চেষ্টা
Royal Challengers Bengaluru vs Chennai Super Kings Live Score in Assamese: ৰোমাঞ্চকৰ জয়েৰে আই পি এল ২০২৫ৰ প্লে’ অফত প্ৰৱেশৰ সম্ভাৱনা প্ৰায় নিশ্চিত কৰি তুলিছে আৰচিবিয়ে। চেন্নাই চুপাৰ কিংছক ২ ৰানত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষস্থানত উপনীত হৈছে দলটো।

আই পি এলৰ আজিৰ মেচত মুখামুখি হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু চেন্নাই চুপাৰ কিংছ। ক্ৰিকেটপ্ৰেমীৰ দুই আকৰ্ষণৰ কেন্দ্ৰবিন্দু বিৰাট কোহলী আৰু মহেন্দ্ৰ সিং ধোনীক আজি পুনৰ এবাৰ দেখা যাব পৰস্পৰৰ বিপক্ষে। অৱশ্যে আজিৰ মেচত জয়ী হ’লেও ধোনীৰ চেন্নাইৰ বাবে নহ’ব কোনো বিশেষ লাভ। ইতিমধ্যে দলটোৱে বিদায় লৈছে প্ৰতিযোগিতাৰ পৰা। গতিকে আজিৰ মেচত জয়ী হ’লেও চেন্নাইৰ বাবে সেয়া হ’ব সান্তনাৰ জয়। আনহাতে এই ছিজনত শক্তিশালী প্ৰদৰ্শন দাঙি ধৰা আৰচিবিৰ বাবে এই মেচখন যথেষ্ট গুৰুত্বপূৰ্ণ। এইপৰ্যন্ত দলটোৱে ১৪ পইণ্টেৰে তালিকাৰ তৃতীয় স্থানত আছে। আজিৰ মেচত জয়ী হ’লে দলটো পইণ্ট তালিকাৰ শীৰ্ষস্থানত উপনীত হোৱাৰ লগতে প্লে’ অফৰ দিশে আৰু এটা খোজ আগবঢ়াব।
LIVE NEWS & UPDATES
-
আৰচিবিৰ ৰোমাঞ্চকৰ জয়
অন্তিম অভাৰত য়শ দয়ালৰ চমকেৰে ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। অন্তিম অভাৰত চেন্নাইক জয়ৰ বাবে ১৫ ৰানৰ প্ৰয়োজন হৈছিল যদিও দয়ালে এটা ন’ বলৰ বাদে বাকীকেইটা বলত নিখুঁত লাইন-লেংথেৰে নাধি ৰাখিবলৈ সক্ষম হয় আৰু দলক ২ ৰানৰ ৰোমাঞ্চকৰ বিজয় প্ৰদান কৰে। এইদৰে ছিজনত চেন্নাই নৱম পৰাজয়ৰ সন্মুখীন হয়। আনহাতে জয়েৰে আৰচিবিয়ে প্লে’ অফত প্ৰৱেশৰ আশা প্ৰায় নিশ্চিত কৰি তুলিছে।
-
ধোনীৰ বিদায়
ৰোমাঞ্চকৰ স্থিতিত উপনীত হৈছে মেচ। অন্তিম অভাৰৰ তৃতীয় বলত য়শ দয়ালে বিদায় দিছে মহেন্দ্ৰ সিং ধোনীক।
-
কোহলীৰ গুৰুতৰ ভুল, ৰক্ষা পৰিল জাদেজা
গুৰুত্বপূৰ্ণ সময়ত বাউণ্ডেৰীত গুৰুতৰ ভুল কৰিছে কোহলীয়ে। মিছ কৰিছে এটা সহজ মেচ। কোহলীৰ এই ভুলৰ ফলত জীৱনদান পাইছে জাদেজাই।
-
দুই বলত দুই উইকেট এনগিডিৰ
মেচৰ স্থিতি সলনি কৰিছে লুঙ্গি এনগিডিয়ে। প্ৰথমে আয়ুস মাহাত্ৰেৰ উইকেট দখল কৰাৰ পিছত এনগিডিয়ে পৰৱৰ্তী বলতে ব্ৰেভিছকো বিদায় দিয়ে। মেচত এয়া পেচাৰগৰাকীৰ তৃতীয় উইকেট।
-
৯৪ত বিদায় মাহাত্ৰেৰ
মাত্ৰ ৬ ৰানৰ বাবে শতকৰ পৰা বঞ্চিত হৈছে আয়ুস মাহাত্ৰে। আক্ৰমণাত্মক বেটিঙেৰে চেন্নাইৰ ইনিংছৰ ভেটি গঢ়ি তোলা মাহাত্ৰেই ৪৮টা বলত ৯টা চাৰি আৰু ৫টা ছয়েৰে ৯৪ ৰানৰ ব্যক্তিগত স্ক’ৰত এনগিডিৰ বলত আউট হয়।
-
জীৱনদান পালে মাহাত্ৰেই
ব্যক্তিগত ৯১ ৰানৰ স্ক’ৰত জীৱনদান পাইছে আয়ুস মাহাত্ৰেই। য়শ দয়ালৰ বলত মাহাত্ৰেই তুলি দিয়া এটা কেচ আয়ত্ব কৰাত বিফল হৈছে আৰচিবিৰ অধিনায়ক ৰজত পাটিদাৰ।
-
জাদেজাৰ অৰ্ধশতক
ছিজনত নিজৰ প্ৰথমটো অৰ্ধশতক অৰ্জন কৰিছে ৰবীন্দ্ৰ জাদেজাই। মাহাত্ৰেৰ সৈতে চেন্নাইৰ ইনিংছ আগুৱাই নিয়া জাদেজাই মাত্ৰ ২৯টা বলত নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰিছে।
-
১৪ অভাৰত ১৫০ ৰান
১৪ অভাৰৰ সমাপ্তিত চেন্নাইয়ে সংগ্ৰহ কৰিছে ১৫০ ৰান। হাতত এতিয়াও ৮টা উইকেট বাকী থকা অৱস্থাত চেন্নাইক অন্তিম ৬ অভাৰত এতিয়া ৬৪ ৰানৰ প্ৰয়োজন।
-
অৰ্ধশতক সম্পূৰ্ণ মাহাত্ৰেৰ
নিজ আই পি এল কেৰিয়াৰৰ প্ৰথমটো অৰ্ধশতক অৰ্জন কৰিছে আয়ুস মাহাত্ৰেই। আই পি এল ইতিহাসত অৰ্ধশতক অৰ্জন কৰা তৃতীয় কনিষ্ঠতম খেলুৱৈ হিচাপে পৰিগণিত হৈছে খেলুৱৈগৰাকী। আক্ৰমণাত্মক বেটিঙেৰে তেওঁ মাত্ৰ ২৫টা বলতে অৰ্ধশতক সম্পূৰ্ণ কৰে।
-
কুৰাণ ব্যৰ্থ
চেন্নাইৰ শেহতীয়া মেচখনত আক্ৰমণাত্মক বেটিঙেৰে আকৰ্ষিত কৰা চেম কুৰাণ আজি ব্যৰ্থ হৈছে। আৰচিবিৰ হৈ অভিষেক মেচ খেলা লুঙ্গি এনগিডিয়ে নিজৰ প্ৰথম অভাৰতে লাভ কৰিছে সফলতা। তেওঁৰ বলত জিতেশ শৰ্মাৰ হাতত কেচ দি বিদায় লৈছে কুৰাণে (৫)।
-
ৰছিদৰ বিদায়
পুনৰ এবাৰ আৰচিবিৰ ত্ৰাণকৰ্তাৰ ৰূপত দেখা গৈছে ক্ৰুনাল পাণ্ডিয়াক। চেন্নাইৰ অৰ্ধশতকীয় অপেনিং যুটি ভংগ কৰি ক্ৰুনালে দখল কৰিছে প্ৰথমটো উইকেট। ১১টা বলত ১৪ ৰান সংগ্ৰহ কৰি বিদায় লৈছে শ্বেইক ৰছিদে।
-
মাহাত্ৰেৰ আক্ৰমণ
আয়ুস মাহাত্ৰেৰ সমুখত নিষ্প্ৰভ হৈ পৰিছে অভিজ্ঞ তাৰকা ভুৱনেশ্বৰ কুমাৰ। আক্ৰমণাত্মক বেটিঙেৰে মাহাত্ৰেই ভুৱনেশ্বৰৰ অভাৰটোত ৫টা চাৰি আৰু এটা ছয়েৰে মুঠ ২৬ ৰান সংগ্ৰহ কৰে।
-
বাউণ্ডেৰীৰে আৰম্ভণি চেন্নাইৰো
আৰচিবিৰ দৰে চেন্নাইৰ স্ক’ৰব’ৰ্ডো আৰম্ভ হৈছে এটা চাৰিৰে। ক্ৰুণাল পাণ্ডিয়াই কৰা প্ৰথম অভাৰৰ চতুৰ্থটো বলত আয়ুস মাহাত্ৰেই এটা চাৰি কোবাই চেন্নাইৰ স্ক’ৰব’ৰ্ড মুকলি মুকলি কৰে।
-
শ্বেফাৰ্ডৰ বিস্ফোৰণ, আৰচিবিৰ সংগ্ৰহ ২১৩ ৰান
অন্তিম দুই অভাৰত শ্বেফাৰ্ডে তুলিলে বাউণ্ডেৰীৰ লহৰ। খলীলৰ ১৯ তম অভাৰত শ্বেফাৰ্ডে ৩২ ৰান সংগ্ৰহ কৰাৰ পিছত অন্তিম অভাৰতো পাথিৰাণাৰ বলত ২০ ৰান সংগ্ৰহ কৰে। এইদৰে মাত্ৰ ১৪টা বলতে তেওঁ ৪টা চাৰি আৰু ৬টা ছয়েৰে ৫৩ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে। অন্তিম দুই অভাৰত আৰচিবিৰ ইনিংছত সামগ্ৰিকভাৱে যোগ হয় ৫৪ ৰান। ইয়াৰ ফলস্বৰূপে দলটোৱে চেন্নাইৰ সমুখত বান্ধি দিছে ২১৪ ৰানৰ লক্ষ্য।
-
শ্বেফাৰ্ডৰ আক্ৰমণ
দলৰ স্ক’ৰত গতি দিছে ৰোমাৰিঅ’ শ্বেফাৰ্ডে। ইনিংছৰ ১৯তম অভাৰত খলীল আহমেদৰ বলত শ্বেফাৰ্ডে চাৰিটা ছয় আৰু দুটা চাৰি কোবায়। এটা ন’ বলসহ খলীলে অভাৰটোত মুঠ ৩৩ ৰান খৰচ কৰে।
-
পাটিদাৰ ব্যৰ্থ
আৰচিবিৰ ইনিংছত সৃষ্টি হৈছে খহনীয়াৰ। দৰ্শনীয় স্পেলেৰে পাথিৰাণাই দখল কৰিছে নিজ স্পেলৰ তৃতীয়টো উইকেট। মাত্ৰ ১১ ৰান কৰিয়েই পেভিলিয়নলৈ উভতিছে আৰচিবিৰ অধিনায়ক ৰজত পাটিদাৰ।
-
জিতেশৰো বিদায়
বাউণ্ডেৰীত কুৰাণ আৰু ব্ৰেভিছৰ সঠিক তাল-মিলৰ ফলশ্ৰুতিত নুৰ আহমেদৰ হাতলৈ আহিছে জিতেশ শৰ্মাৰ উইকেট। জিতেশে মাত্ৰ ৭ কৰিয়েই ক্ৰীজ এৰিছে।
-
পাড়িক্কালৰ বিদায়
ৰানৰ গতি মন্থৰ হৈ পৰিছে আৰচিবিৰ। এই হেঁচাতে দলটোৱে হেৰুৱাইছে তৃতীয়টো উইকেট। পাথিৰাণাৰ বলত জাদেজাৰ হাতত কেচ তুলি দি পেভিলিয়নলৈ উভতিছে পাড়িক্কাল। তেওঁৰ বেটৰ পৰা আহে ১৫টা বলত ১৭ ৰান।
-
বিদায় ল’লে কোহলীয়ে
মাত্ৰ ৩৩টা বলত ৫টাকৈ চাৰি আৰু ছয়েৰে ৬২ ৰানৰ এক আক্ৰমণাত্মক ইনিংছ খেলি বিদায় লৈছে বিৰাট কোহলীয়ে। চেম কুৰাণৰ বলত খলীল আহমেদৰ হাতত কেচ তুলি দি কোহলীয়ে ক্ৰীজ এৰিবলগা হয়।
-
কোহলীৰ অৰ্ধশতক
অব্যাহত আছে কোহলীৰ ৰানৰ গতি। আজি ছিজনৰ আন এটা অৰ্ধশতক পূৰ কৰিছে তাৰকাগৰাকীয়ে। অৱশ্যে পূৰ্বৰ ধৈৰ্যশীল বেটিঙৰ বিপৰীতে কোহলীক আজি কিছু আক্ৰমণাত্মক শৈলীৰে বেটিং কৰা পৰিলক্ষিত হৈছে। মাত্ৰ ২৯টা বলতে তেওঁ সম্পূৰ্ণ কৰিছে নিজৰ অৰ্ধশতক।
-
পাথিৰানাই বিদায় দিলে বেথেলক
শক্তিশালী আৰম্ভণিৰ পিছত আৰচিবিয়ে হেৰুৱাইছে প্ৰথমটো উইকেট। নিজৰ প্ৰথমটো অভাৰতে পাথিৰানাই বিদায় দিছে বেথেলক। ব্ৰেভিছে আয়ত্ব কৰা এক দৰ্শনীয় কেচৰ পৰিণতিত বেথেলে ৩৩টা বলত ৫৫ ৰান কৰি বিদায় লয়।
-
বেথেলৰ অৰ্ধশতক
এটা চাৰি কোবাই অৰ্ধশতক সম্পূৰ্ণ কৰিছে জেকব বেথেলে। আৰম্ভণিৰ পৰাই আক্ৰমণাত্মক শৈলী গ্ৰহণ কৰা বেথেলে জাদেজাৰ বলত চাৰি কোবাই মাত্ৰ ২৮টা বলত নিজা স্ক’ৰ ৫০ৰ পাৰ কৰায়।
-
৬ অভাৰৰ খেল সমাপ্ত
বাংগালুৰুৰ ইনিংছৰ পাৱাৰপ্লে’ শেষ হোৱাৰ লগে লগে বিস্ফোৰক আৰম্ভণি কৰিছে আৰ চি বিৰ দুই অ’পেনাৰে। বেথেল আৰু কোহলিয়ে একেলগে প্ৰথম ৬ অভাৰত ৭১ ৰান সংগ্ৰহ কৰে।
-
জীৱনদান পালে বেথেলে
এক আক্ৰমণাত্মক আৰম্ভণি ঘটাইছে বেথেল আৰু কোহলীয়ে। পিছে তাৰ মাজতে উইকেট দখলৰ এক সুযোগ পাইছিল চেন্নাইয়ে। কম্বোজৰ বলত বেথেলে এটা কেচ তুলি দিয়ে যদিও জাদেজা আৰু পাথিৰানাই এই কেচ আয়ত্ব কৰাৰ চেষ্টাত খুন্দা খায়। এইদৰে কেচ ড্ৰপ হোৱাৰ ফলত জীৱনদান পায় বেথেলে।
-
বাউণ্ডেৰীৰে আৰম্ভণি আৰচিবিৰ স্ক’ৰবৰ্ড
প্ৰথমে বেটিং কৰা আৰচিবিৰ স্ক’ৰব’ৰ্ড আৰম্ভ হৈছে এটা চাৰিৰে। খলীদ আহমেদে কৰা প্ৰথম অভাৰৰ তৃতীয় বলত জেকব বেথেলে এটা চাৰি কোবাই স্ক’ৰব’ৰ্ড মুকলি কৰে। তাৰ পিছত পৰৱৰ্তী দুটা বলতো বেথেলৰ বেটৰ পৰা আহে দুটা চাৰি।
-
ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মূল একাদশ
ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মূল একাদশত থাকিব জেকব বেথেল, বিৰাট কোহলী, দেৱদত্ত পাড়িক্কাল, ৰজত পাটিদাৰ (অধিনায়ক), জিতেশ শৰ্মা, টিম ডেভিড, ক্ৰুণাল পাণ্ডিয়া, ৰোমাৰিঅ’ শ্বেফাৰ্ড, ভুৱনেশ্বৰ কুমাৰ, লুঙ্গি এনগিডি, যশ দয়াল। আনহাতে ইম্পেক্ট চাবৰ তালিকাত আছে সুয়শ শৰ্মা, লিয়াম লিভিংষ্ট’ন, ৰশিখ দাৰ ছালাম, মনোজ ভাণ্ডাগে আৰু স্বপ্নিল সিঙৰ নাম।
-
চেন্নাই চুপাৰ কিংছৰ্ম মূল একাদশ
চেন্নাই চুপাৰ কিংছ আজি অপৰিৱৰ্তিত একাদশৰ সৈতে মেচত নামিব। দলৰ মূল একাদশত আজি দেখা যাব শ্বেইক ৰছিদ, আয়ুস মাহাত্ৰে, চেম কুৰাণ, ৰবীন্দ্ৰ জাদেজা, ডেৱাল্ড ব্ৰেভিছ, দীপক হুডা, এম এছ ধোনী (অধিনায়ক), নুৰ আহমেদ, খলিল আহমেদ, অংশুল কম্বোজ, মথিশা পাথিৰানাক। আনহাতে ইম্পেক্ট চাবৰ ৰূপত থাকিব শিৱম ডুবে, ৰবিচন্দ্ৰন অশ্বিন, কমলেশ নগৰকোট্টি, ৰামকৃষ্ণ ঘোষ, জেমি অভাৰটন।
-
প্ৰথমে বলিঙৰ সিদ্ধান্ত ধোনীৰ
চেন্নাইৰ বাবে আজিৰ মেচ বিশেষ গুৰুত্বপূৰ্ণ নহ’লেও দলটোৱে আজি জয়েৰে কিছু মনোবল ঘূৰাই অনাৰ চেষ্টা চলাব। সেয়ে ৰণনীতি অনুসাৰে আজি দলৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
Published On - May 03,2025 7:01 PM