জেক কালিছ, কপিল দেৱক অতিক্ৰম কৰি বিশ্ব ক্ৰিকেটত অভিলেখ ৰচিলে ৰবীন্দ্ৰ জাডেজাই
ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম অভিজ্ঞ তথা জ্যেষ্ঠ খেলুৱৈ ৰবীন্দ্ৰ জাডেজা দীৰ্ঘসময় ধৰি বিশ্বৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰৰ তালিকাত শীৰ্ষস্থানত আছে । ২০২২ চনৰ ৯ মাৰ্চৰ পৰা এই পৰ্যন্ত আইচিচি টেষ্ট অলৰাউণ্ডাৰৰ তালিকাত শীৰ্ষস্থানত আছে জাডেজা ।

খেলপথাৰত ৰোহিত-বিৰাট যুটিৰ বেটিং পৰাক্ৰমে ইমানদিনে দিশহাৰা কৰি আহিছিল বিপক্ষৰ বলাৰক । এইবাৰ টেষ্ট ক্ৰিকেটৰ পৰা তেওঁলোক দুয়োৰে অৱসৰে চিন্তাত পেলাইছে ভাৰতীয় দলক । ক্ৰিকেট বিশেষজ্ঞসকলেও তেনে এক অনুমানেই কৰিছে । এই খবৰে মনটো ভাৰাক্ৰান্ত কৰি তুলিছে ক্ৰিকেটপ্ৰেমীৰ । তাৰ মাজতে দিব খুজিছো এটা ভাল খবৰ । জেক কালিছ, কপিল দেৱ, ইমৰাণ খানৰ দৰে বিশ্ব প্ৰসিদ্ধ ক্ৰিকেটাৰক অতিক্ৰম কৰি টেষ্ট ক্ৰিকেটত অভিলেখ ৰচিছে ভাৰতৰ অন্যতম অলৰাউণ্ডাৰ তথা সুদক্ষ ফিল্ডাৰ ৰবীন্দ্ৰ জাডেজাই । ভাৰতীয় দলত তেওঁ পৰিচিত জাড্ডু নামেৰে । কি অভিলেখ ৰচিছে জাডেজাই, জানেনে?
ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম অভিজ্ঞ তথা জ্যেষ্ঠ খেলুৱৈ ৰবীন্দ্ৰ জাডেজা দীৰ্ঘসময় ধৰি বিশ্বৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰৰ তালিকাত শীৰ্ষস্থানত আছে । সেয়াই হৈছে জাড্ডুৰ অভিলেখ । ২০২২ চনৰ ৯ মাৰ্চৰ পৰা এই পৰ্যন্ত আইচিচি টেষ্ট অলৰাউণ্ডাৰৰ তালিকাত শীৰ্ষস্থানত আছে জাডেজা । টেষ্ট ফৰ্মেটত ধাৰাবাহিকতাৰ লগতে প্ৰদৰ্শনো উন্নত তেওঁৰ । বেট আৰু বল উভয় ক্ষেত্ৰতেই তেওঁৰ প্ৰভাৱ আছে । বহুবাৰ দলক প্ৰচণ্ড চাপৰ পৰা উদ্ধাৰ কৰাৰ নজিৰ আছে জাডেজাৰ । যাৰ বাবে তেওঁ তিনিবছৰ ধৰি অলৰাউণ্ডাৰৰ বিশ্ব টেষ্ট ৰেংকিঙত শীৰ্ষ স্থানত আছে ।
যোৱা বৰ্ষত অলৰাউণ্ড দক্ষতাৰ দুৰ্দান্ত প্ৰদৰ্শন দেখুৱাই জাডেজাই । ২৯.২৭ গড়ে ৫২৭ ৰান সংগ্ৰহ কৰে জাড্ডুৱে । ইফালে বলিঙত ২৪.২৯ গড়ে ৪৮ টা উইকেট দখল কৰিছিল তেওঁ । ইংলেণ্ড, বাংলাদেশ আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল জাডেজাই ।
একেৰাহে ১১৫১ দিন ধৰি আইচিচি অলৰাউণ্ডাৰৰ ৰেংকিঙৰ শীৰ্ষত আছে জাডেজা । টেষ্ট ক্ৰিকেটৰ ইতিহাসত দীৰ্ঘসময় ধৰি শীৰ্ষ টেষ্ট অলৰাউণ্ডাৰ হোৱাৰ অভিলেখ ৰচিছে তেওঁ । টেষ্ট খেলুৱৈৰ ৰেংকিঙত ৪০০ ৰেটিং পইন্টেৰে শীৰ্ষত আছে জাডেজা । ৩২৭ পইন্টেৰে দ্বিতীয় স্থানত আছে বাংলাদেশৰ মেহদি হাছান । ফিটনেছ তথা অভিজ্ঞতাৰে ৩৬ বছৰীয়া জাডেজাই এতিয়াও দপদপাই আছে খেলপথাৰত ।
বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু ৰবিচন্দ্ৰন অশ্বিনে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছত, জাডেজা দীঘলীয়া ফৰ্মেটত ভাৰতৰ আটাইতকৈ জ্যেষ্ঠ খেলুৱৈৰ ভিতৰত এজন হিচাপে পৰিগণিত হৈছে । ২০২৫ চনৰ জুন মাহত ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া পাঁচখনীয়া মেচৰ টেষ্ট শৃংখলাত তেওঁৰ এই অভিজ্ঞতা ভাৰতৰ বাবে এক শক্তি হৈ পৰিব ।