শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ক্ৰিকেটৰ লগতে জ্যোতিষতো পাৰ্গত নেকি শশাংক! ভাইৰেল ভিডিঅ’ ক্লিপে যোগাইছে খোৰাক

আই পি এলত শশাংক সিঙৰ অন্তৰ্ভুক্তি হৈছিল এক ভুলৰ দ্বাৰা। ইয়াৰ পিছত হৈছিল নানা ট্ৰ’ল। পিছে নিজৰ প্ৰদৰ্শনেৰে এই ট্ৰ’লক প্ৰশংসালৈ ৰূপান্তৰ কৰিলে শশাংকই। এতিয়া আই পি এল ২০২৫ত শষাংকৰ দল পঞ্জাৱ কিংছে প্ৰথম কোৱালিফায়াৰত স্থান নিশ্চিত কৰাৰ পিছত তেওঁক লৈ পুনৰ চৰ্চা আৰম্ভ হৈছে। ইয়াৰ আঁৰত আছে শশাংকৰ এক ভৱিষ্যদ্বাণী।

ক্ৰিকেটৰ লগতে জ্যোতিষতো পাৰ্গত নেকি শশাংক! ভাইৰেল ভিডিঅ’ ক্লিপে যোগাইছে খোৰাক
শশাংক সিংImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 27 May 2025 17:17 PM

প্ৰতিভা প্ৰকাশৰ এক অনন্য মঞ্চ আই পি এল। ভাৰতীয় ক্ৰিকেটক এই প্ৰতিযোগিতাই দিছে কেইবাগৰাকীও তাৰকা। জাতীয় দলত স্থান নাপালেও এই মঞ্চত নিজৰ প্ৰতিভাৰ পূৰ্ণ প্ৰকাশ ঘটাই নায়ক হৈছে বহু খেলুৱৈ। সাম্প্ৰতিক সময়ত যথেষ্ট চৰ্চিত তেনে এগৰাকী খেলুৱৈ হৈছে শশাংক সিং। আই পি এলত এই খেলুৱৈজনৰ অন্তৰ্ভুক্তি হৈছিল এক ভুলৰ দ্বাৰা। আন এগৰাকী শশাংকৰ ঠাইত নিলামত এইজন শশাংকক ক্ৰয় কৰিছিল পঞ্জাৱ কিংছে। ইয়াৰ পিছত হৈছিল নানা ট্ৰ’ল। পিছে নিজৰ প্ৰদৰ্শনেৰে এই ট্ৰ’লক প্ৰশংসালৈ ৰূপান্তৰ কৰিলে শশাংকই।

বিগত ছিজনত শশাংকই দাঙি ধৰা প্ৰদৰ্শনৰ সুবাদত তেওঁক এই ছিজনৰ বাবে ৰিটেইন কৰিছিল পঞ্জাৱে। আৰু এই আস্থাক উচিত মূল্য দি শশাংকই এইবাৰো দাঙি ধৰিছে উন্নত প্ৰদৰ্শন। পিছে এই প্ৰদৰ্শনতকৈও এতিয়া আন এক কাৰণত চৰ্চাত এই খেলুৱৈগৰাকী। কালি মুম্বাইৰ বিপক্ষে পঞ্জাৱৰ লীগ মেচৰ পিছতে ভাইৰেল হৈ পৰিছে শশাংকৰ এক পুৰণি ভিডিঅ’। ইয়াৰ পিছতে চৰ্চা চলিছে, ক্ৰিকেটৰ লগতে জ্যোতিষতো পাৰ্গত নেকি শশাংক!

আই পি ইতিহাসত ব্যৰ্থ দলসমূহৰ ভিতৰত অন্যতম পঞ্জাৱ কিংছ। এইপৰ্যন্ত দলটোৱে জয় কৰিব পৰা নাই এটাও খিতাপ। সিমানেই নহয়, ১১ বছৰৰ পিছত পঞ্জাৱে এইবাৰ প্লে’ অফত প্ৰৱেশ কৰিছে। দুৰন্ত প্ৰদৰ্শনেৰে লীগৰ শীৰ্ষ দুটা স্থানৰ ভিতৰতো স্থান নিশ্চিত কৰিছে পঞ্জাৱে। তাৰ পিছতে চৰ্চাত শশাংক। কিয়নো প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বেই শশাংকই এই ফলাফল সন্দৰ্ভত কৰিছিল ভৱিষ্যদ্বাণী।

এগৰাকী জনপ্ৰিয় ইউটিবাৰৰ সৈতে এক প’ডকাষ্টত অংশ লৈছিল শশাংক সিঙে। এই পডকাষ্টত শশাংকক সোধা হৈছিল আই পি এল ২০২৫ৰ প্লে’ অফত স্থান পাবলগা সম্ভাৱ্য চাৰিটা দলৰ নাম। তেতিয়া শশাংকই নিজ দল পঞ্জাব কিংছৰ নাম লৈছিল। এই উত্তৰ শুনি প’ডকাষ্টৰ এংকৰগৰাকীয়ে হাঁহি উঠিছিল। অৱশ্যে শশাংক সিঙে স্পষ্ট কৰি দিছিল যে তেওঁ ধেমালি কৰা নাই, পঞ্জাৱ কিংছে শীৰ্ষ দুটা স্থানৰ ভিতৰত ঠাই পাব।

তাৰ সমান্তৰালকৈ গ্ৰুপ পৰ্যায়ৰ ১৪ সংখ্যক মেচ শেষ হ’লে এই প’ডকাষ্টটো পুনৰ এবাৰ বজাবলৈও ক’ব বুলি উল্লেখ কৰিছিল শশাংকই। তেতিয়া এংকৰগৰাকীয়ে ধেমালিতে শশাংকক ট্ৰ’ল কৰাৰ ভাবুকি দিয়ে। কিন্তু তথাপিও শশাংক সিঙে নিজৰ মতত দৃঢ় হৈ থাকি পঞ্জাব কিংছ শীৰ্ষ দুটা স্থানত প্ৰৱেশ কৰিব বুলি স্পষ্ট উত্তৰ দিয়ে। এতিয়া শশাংক সিঙৰ সেই মন্তব্য কাৰ্যতঃ বাস্তৱত পৰিণত হৈছে।

 

 

View this post on Instagram

 

A post shared by WFNSPORT (@wfnsport)

লীগ পৰ্যায়ত সামগ্ৰিকভাৱে আৰু এখন মেচ বাকী থকা অৱস্থাত আই পি এল ২০২৫ৰ শীৰ্ষ দুটাৰ ভিতৰত স্থান দখল কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে পঞ্জাব কিংছ। প’ডকাষ্টৰ সময়ত শশাংক সিঙে শীৰ্ষ ৪টা দলৰ নামো উল্লেখ কৰিছিল, ইয়াৰে এটা দলৰ বাহিৰে ৩টা দলৰ ক্ষেত্ৰত তেওঁৰ ভৱিষ্যদ্বাণী শুদ্ধ প্ৰমাণিত হৈছে। পঞ্জাৱ কিংছৰ বাহিৰেও তেওঁ আৰচিবি, ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু মুম্বাই ইণ্ডিয়ানছৰ নাম উল্লেখ কৰিছিল।