শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মাত্ৰ ১৪ বছৰ বয়সতে ৩৬ বলত শতক, মুগ্ধ প্ৰধানমন্ত্ৰী মোদী; এইদৰে কৰিলে বৈভৱৰ প্ৰশংসা

বৈভৱে বিজয় হাজাৰে ট্ৰফীৰ এখন মেচত মাত্ৰ ৩৬টা বলতে শতক সম্পৰ্ণ কৰাৰ পিছত ১৯০ ৰানৰ এক মাৰমুখী ইনিংছ খেলে। তাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ভাষণত বৈভৱৰ প্ৰতিভাৰ কথা উল্লেখ কৰে।

মাত্ৰ ১৪ বছৰ বয়সতে ৩৬ বলত শতক, মুগ্ধ প্ৰধানমন্ত্ৰী মোদী; এইদৰে কৰিলে বৈভৱৰ প্ৰশংসা
বৈভৱক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 25 Dec 2025 22:30 PM

ক্ৰিকেট বিশ্বত এতিয়া বহুল চৰ্চিত এটি নাম বৈভৱ সূৰ্যবংশী। মাত্ৰ ১৪ বছৰ বয়সতে নিজৰ চমকপ্ৰদ ক্ৰিকেটীয় কলাৰে ক্ৰিকেট বিশ্বক চমকিত কৰি তুলিছে বৈভৱে। জুনিয়ৰ পৰ্যায়ৰ পিছত আই পি এলত বিস্ফোৰক বেটিঙেৰে বৈভৱে নিজৰ এক পৰিচয় গঢ়ি তুলিছিলি। তাৰ পিছত ক্ৰমাৎ নিজ প্ৰতিভা অধিক বিকশিত কৰি আগবাঢ়িছে কিশোৰ তাৰকাগৰাকী। শেহতীয়াকৈ ১৯ বছৰ অনুৰ্ধ পৰ্যায় আৰু ইণ্ডিয়া এত বৈভৱ পুনৰবাৰ নিজৰ যোগ্যতা প্ৰমাণ কৰিছে। তাৰ পিছতে এতিয়া ভাৰতৰ ঘৰুৱা প্ৰতিযোগিতা বিজয় হাজাৰে ট্ৰফীত দেখুৱাইছে চমক।

বিহাৰৰ সন্তান বৈভৱে বিজয় হাজাৰে ট্ৰফীৰ এখন মেচত মাত্ৰ ৩৬টা বলতে শতক সম্পৰ্ণ কৰাৰ পিছত ১৯০ ৰানৰ এক মাৰমুখী ইনিংছ খেলে। তাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ভাষণত বৈভৱৰ প্ৰতিভাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “দেশৰ খেলুৱৈসকলক এতিয়া প্ৰমাণপত্ৰ আৰু স্বীকৃতিৰ ওপৰত ভিত্তি কৰি নহয়, প্ৰতিভাৰ ওপৰত ভিত্তি কৰি বাছনি কৰা হয়।”

প্ৰতিভাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আটাইতকৈ দুখীয়া শিশুৱেও এতিয়া কম বয়সতে শীৰ্ষত উপনীত হ’ব পাৰে। তেওঁলোকৰ বাবে এতিয়া সীমাহীন সুযোগ। তেওঁৰ ভাষ্য মতে দেশত এতিয়া এনে এক পৰিৱেশ তন্ত্ৰৰ সৃষ্টি হৈছে, য’ত খেলুৱৈৰ নিৰ্বাচন প্ৰশিক্ষকৰ ভিত্তিত বা প্ৰমাণপত্ৰৰ ভিত্তিত কৰাৰ পৰিৱৰ্তে প্ৰতিভাৰ ওপৰত কৰা হয়। এতিয়া প্ৰতিভাক গুৰুত্ব দিয়া হৈছে বুলিও তেওঁ দোহাৰে।

ক্ৰীড়া বিভাগ, দল বাছনি, ক্ৰীড়া আন্তঃগাঁথনিৰ ক্ষেত্ৰত ক্ৰীড়াৰ নামত যি দুৰ্নীতি সংঘটিত হৈছিল, এতিয়া সেই দুৰ্নীতিৰ অন্ত পৰিল বুলিও তেওঁ উল্লেখ কৰে। “দৰিদ্ৰ পৰিয়ালৰ শিশুৱেও এতিয়া কম বয়সতে সফলতাৰ শিখৰত উপনীত হ’ব পাৰে। কালি আপুনি নিশ্চয় খেলপথাৰত ১৫-২০ বছৰীয়া কিশোৰক দেখিছে, কোনোৱে ৩২ বলত শতক অৰ্জন কৰিছে, কোনোৱে ৩৫-৪০ বলত শতক অৰ্জন কৰিছে।”- এইদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে।

দেশৰ চুক-কোণে প্ৰতিভাৰ সন্ধান

নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে যে তেওঁৰ চৰকাৰে খেলুৱৈসকলক সম্পূৰ্ণৰূপে সহায় কৰি আছে আৰু তেওঁলোকক অধিক সুযোগ প্ৰদান কৰিছে। তেওঁ কয়, “খেলো ইণ্ডিয়া, স্কুল গেমছ, ইউথ গেমছ আৰু ইউনিভাৰ্চিটি গেমছ আদিয়ে প্ৰতিভা চিনাক্ত কৰাত সহায় কৰিছে। ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষৰ দলসমূহে নতুন তাৰকা আৱিষ্কাৰৰ বাবে দেশৰ প্ৰতিটো কোণত অন্বেষণ কৰি আছে।”

“আজি আমাৰ দেশৰ টায়াৰ ২ আৰু টায়াৰ ৩ চহৰত বিশ্বমানৰ ক্ৰীড়াৰ আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে। খেলুৱৈসকলৰ খাদ্যৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ প্ৰশিক্ষণ আৰু ফিটনেছলৈকে প্ৰতিটো সুবিধা প্ৰদান কৰা হৈছে। আপুনি দেখিছে, ২০১৪ চনৰ পূৰ্বে দেশৰ ক্ৰীড়া বাজেট আছিল মাত্ৰ ১২০০ কোটি টকা আৰু আজি বাজেট ৩০০০ কোটি টকাৰ ওপৰলৈ বৃদ্ধি পাইছে। এনে প্ৰচেষ্টাসমূহে দেশত ক্ৰীড়াক প্ৰসাৰিত কৰিছে।”- এইদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে।