শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

PBKS vs MI Live Score, IPL 2025: মুম্বাইক বিধ্বস্ত কৰি শীৰ্ষলৈ পঞ্জাৱঃ প্ৰথম কোৱালিফায়াৰত নিশ্চিত কৰিলে স্থান

Punjab Kings vs Mumbai Indians Live Score in Assamese: ছিজনৰ নিজৰ দুৰন্ত প্ৰদৰ্শন অব্যাহত ৰাখি শক্তিশালী মুম্বাই ইণ্ডিয়ানছক আজি ৭ উইকেটত পৰাস্ত কৰিলে পঞ্জাৱ কিংছে। মুম্বাইয়ে বান্ধি দিয়া ১৮৫ ৰানৰ লক্ষ্য পঞ্জাৱে সহজেই অতিক্ৰম কৰি প্ৰথম কোৱালিফায়াৰত স্থান নিশ্চিত কৰে।

monjit-dutta
Monjit Dutta | Updated On: 26 May 2025 23:26 PM
PBKS vs MI Live Score, IPL 2025: মুম্বাইক বিধ্বস্ত কৰি শীৰ্ষলৈ পঞ্জাৱঃ প্ৰথম কোৱালিফায়াৰত নিশ্চিত কৰিলে স্থান
আজি গুৰুত্বপূৰ্ণ মেচত মুম্বাই বনাম পঞ্জাৱ

আই পি এল ২০২৫ৰ আজিৰ এক গুৰুত্বপূৰ্ণ মেচত অৱতীৰ্ণ হ’ব পঞ্জাৱ কিংছ বনাম মুম্বাই ইণ্ডিয়ানছ। জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত এই মেচখন অন্তুষ্ঠিত হ’ব। ইতিপূৰ্বেই এই দুয়োটা দলে প্ৰতিযোগিতাৰ প্লে’ অফত স্থান নিশ্চিত কৰিছে। এই দিশৰ পৰা আজিৰ মেচখন বিশেষ গুৰুত্বপূৰ্ণ নহয় যেন লাগিলেও পইণ্ট তালিকা তথা প্লে’ অফৰ দৃষ্টিকোণৰ পৰা দুয়োটা দলৰ বাবেই জয়ৰ অত্যন্ত প্ৰয়োজনীয়তা আছে। পঞ্জাৱ তথা মুম্বাই, যিটো দলেই আজিৰ মেচখনত জয়ী নহওক কিয় লগে লগে পইণ্ট তালিকাৰ শীৰ্ষস্থানলৈ উন্নীত হ’ব। এইদৰে দল দুটাই প্ৰথমখন কোৱালিফায়াৰত খেলাৰ সুযোগ লাভ কৰিব। গতিকে আজিৰ মেচত দুয়োটা দলৰ মাজত কঠিন প্ৰতিদ্বন্দিতাৰ সম্ভাৱনা আছে।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 26 May 2025 11:24 PM (IST)

    পঞ্জাৱৰ সহজ জয়

    লীগ পৰ্যায়ত নিজৰ অন্তিম মেচত মুম্বাইক ৭ উইকেটত সহজে পৰাস্ত কৰিছে পঞ্জাৱ কিংছে। এইদৰে শীৰ্ষস্থানৰ দল লীগ পৰ্যায়ৰ অন্ত পেলালে আয়াৰ বাহিনীয়ে আৰু প্ৰথম কোৱালিফায়াৰত স্থান নিশ্চিত কৰিলে। মুম্বাইয়ে বান্ধি দিয়া ১৮৫ ৰানৰ জয়ৰ লক্ষ্য পঞ্জাৱে ৩টা উইকেট হেৰুৱাই ৯টা বল বাকী থকা অৱস্থাতে অতিক্ৰম কৰে। এতিয়া গুজৰাট টাইটানছ বা ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিপক্ষে প্ৰথম কোৱালিফায়াৰত অৱতীৰ্ণ হ’ব পঞ্জাৱ কিংছ। আনহাতে এলিমিনেটৰ মেচত অৱতীৰ্ণ হ’ব লাগিব মুম্বাই ইণ্ডিয়ানছ।

  • 26 May 2025 11:15 PM (IST)

    ইংলিছক বিদায় দিলে চেণ্টনাৰে

    চেণ্টনাৰে দখল কৰিছে আন এটা উইকেট। এইবাৰ তেওঁৰ চিকাৰ হৈছে জ’ছ ইংলিছ। পঞ্জাৱক এক শক্তিশালী স্থিতিত উপনীত কৰাই ইংলিছে ৪২টা বলত ৯টা চাৰি আৰু ৩টা ছয়েৰে ৭৩ ৰান কৰি বিদায় লয়।

  • 26 May 2025 10:56 PM (IST)

    প্ৰিয়াংশৰ বিদায়

    ইংলিছৰ সৈতে দ্বিতীয় উইকেটত ১০৯ ৰানৰ যুটি বান্ধি ক্ৰীজ এৰিছে প্ৰিয়াংশ আৰ্যই। বিস্ফোৰক বেটিঙেৰে তেওঁ মাত্ৰ ৩৫টা বলত ৯টা চাৰি আৰু ২টা ছয়েৰে ৬২ ৰান সংগ্ৰহ কৰে। তেওঁৰ উইকেট দখল কৰে মিচেল চেণ্টনাৰে।

  • 26 May 2025 10:48 PM (IST)

    ইংলিছ-প্ৰিয়াংশৰ অৰ্ধশতক

    একেটা অভাৰতে অগাপিছাকৈ অৰ্ধশতক সম্পূৰ্ণ কৰিছে জ’ছ ইংলিছ আৰু প্ৰিয়াংশ আৰ্যই। ইংলিছে ২৯টা বলত অৰ্ধশতক পূৰ কৰাৰ বাদে প্ৰিয়াংশে ২৭টা বলত অৰ্জন কৰে অৰ্ধশতক।

  • 26 May 2025 10:33 PM (IST)

    পঞ্জাৱৰ স্ক’ৰব’ৰ্ডত শতক

    আক্ৰমণাত্মক শৈলীৰে পঞ্জাৱৰ ইনিংছ আগুৱাই নিছে ইংলিছ আৰু প্ৰিয়াংশে। দুয়োৰে প্ৰচেষ্টাত পঞ্জাৱে মাত্ৰ ১০.৪ অভাৰত দলৰ স্ক’ৰ ১০০ৰ পাৰ কৰাইছে।

  • 26 May 2025 10:02 PM (IST)

    ভুলৰ শুধৰণি অশ্বনীৰ

    বিদায় লৈছে প্ৰভচিমৰণ সিঙে। চতুৰ্থ অভাৰত জীৱনদান পোৱা প্ৰভচিমৰণৰ কেচ আয়ত্ব কৰাত এইবাৰ ভুল নকৰিলে অশ্বনী কুমাৰে আৰু এইদৰে বুমৰাহৰ হাতলৈ আহে পঞ্জাৱৰ ইনিংছৰ প্ৰথমটো সফলতা।

  • 26 May 2025 09:57 PM (IST)

    জীৱনদান পালে প্ৰভচিমৰণে

    ইনিংছৰ চতুৰ্থ অভাৰত জীৱনদান পাইছে প্ৰভচিমৰণ সিঙে। ফৰ্মত থকা বেটাৰগৰাকীয়ে দীপক চাহাৰৰ বলত তুলি দিয়া এক কঠিন কেচ আয়ত্ব কৰাত বিফল হয় অশ্বনী কুমাৰ।

  • 26 May 2025 09:40 PM (IST)

    প্ৰথম বলতে বাউণ্ডেৰী

    প্ৰিয়াংশ আৰ্যই এটা বাউণ্ডেৰীৰে আৰম্ভ কৰিছে পঞ্জাৱৰ ইনিংছ। ট্ৰেণ্ট ব’ল্টৰ বলত প্ৰিয়াংশে কোবায় এটা চাৰি।

  • 26 May 2025 09:24 PM (IST)

    মুম্বাইৰ সংগ্ৰহ ১৮৪ ৰান

    ইনিংছৰ অন্তিম অভাৰত অৰ্শদীপৰ চমকৰ বাবে মুম্বাইৰ ৰানৰ গতি হ্ৰাস পায়। অভাৰৰ প্ৰথম বলত নমনক বিদায় দিয়া অৰ্শদীপে অন্তিম বলত সূৰ্যৰ উইকেট দখল কৰে। অৰ্শদীপে অভাৰটোত খৰচ কৰে মাত্ৰ ৩ ৰান আৰু এইদৰে মুম্বাইৰ ইনিংছ ১৮৪ ৰানত বান্ধি ৰাখে।

  • 26 May 2025 09:18 PM (IST)

    নমন ধীৰ আউট

    ইনিংছৰ অন্তিম সময়লৈ ১২টা বলত ২০ ৰানৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই বিদায় লৈছে নমন ধীৰে। অন্তিম অভাৰৰ প্ৰথমটো বলত ধীৰৰ উইকেট দখল কৰে অৰ্শদীপ সিঙে।

  • 26 May 2025 09:16 PM (IST)

    সূৰ্যৰ অৰ্ধশতক

    পুনৰ মুম্বাইৰ ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হৈছে সূৰ্যকুমাৰ যাদৱ। ছিজনত ধাৰাবাহিকতা অব্যাহত ৰাখি আজিও অৰ্ধশতক অৰ্জন কৰে সূৰ্যই। বিজয়ৰ বলত এটা চাৰি কোবাই সূৰ্যই ৩৪টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে।

  • 26 May 2025 09:03 PM (IST)

    পাণ্ডিয়াক বিদায় দিলে জেনচেনে

    এক চমু অথচ গুৰুত্বপূৰ্ণ ইনিংছ খেলি বিদায় লৈছে মুম্বাইৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই। মাৰ্কো জেনচেনৰ বলত ইংলিছৰ হাতত কেচ তুলি দিয়া পাণ্ডিয়াই ১৫টা বলত দুটাকৈ চাৰি আৰু ছয়েৰে ২৬ ৰান সংগ্ৰহ কৰে।

  • 26 May 2025 08:41 PM (IST)

    উইল জেকছ আউট

    চতুৰ্থটো উইকেট হেৰুৱালে মুম্বাইয়ে । ৮ টা বলত ১৭ ৰান কৰি আউট উইল জেকছ । ১৩ অভাৰৰ অন্তত ৪ টা উইকেট হেৰুৱাই মুম্বাইয়ে সংগ্ৰহ কৰিছে ১১৩ ৰান ।

  • 26 May 2025 08:30 PM (IST)

    তিলক ব্যৰ্থ

    ব্যৰ্থ হৈছে তিলক বাৰ্মা। বিজয় কুমাৰ ব্যৈশাকৰ বলত আউট হোৱা তিলকে ৪টা বলত মাত্ৰ ১ ৰানহে সংগ্ৰহ কৰে। তিলকৰ বিদায়ৰ পিছত ক্ৰীজলৈ আহিছে উইল জেকছ।

  • 26 May 2025 08:22 PM (IST)

    ৰোহিত পেভিলিয়নলৈ

    নেহাল ৱাধেৰাই আয়ত্ব কৰা এক দৰ্শনীয় কেচৰ ফলত পেভিলিয়নলৈ উভতিছে ৰোহিত শৰ্মা। হৰপ্ৰীত ব্ৰাৰৰ বলত নিজৰ উইকেট হেৰুওৱা ৰোহিতে ২১টা বলত ২৪ ৰান সংগ্ৰহ কৰে।

  • 26 May 2025 07:56 PM (IST)

    ৰিকেল্টনৰ বিদায়

    মুম্বাইয়ে হেৰুৱাইছে প্ৰথমটো উইকেট। মাৰ্কো জেনচেনে নিজ স্পেলৰ দ্বিতীয় অভাৰৰ প্ৰথমটো বলতে ৰিয়ান ৰিকেল্টনক বিদায় দিছে। ৰিকেল্টনে ২০টা বলত ৫টা চাৰিৰে ২৭ ৰান সংগ্ৰহ কৰে।

  • 26 May 2025 07:52 PM (IST)

    চাৰি অভাৰত সংগ্ৰহ ৩২ ৰান

    আৰম্ভণিতে কিছু ব্যৰ্থ হ’লেও ৰোহিতৰ বেটৰ পৰা আহিছে এটা চাৰি। আনহাতে ৰিকেল্টনে কৰিছে কৰিছে আক্ৰমণাত্মক আৰম্ভণি। প্ৰথম চাৰি অভাৰত এইদৰে মুম্বাইৰ দুই অপেনাৰে সংগ্ৰহ কৰিছে ৩২ ৰান।

  • 26 May 2025 07:31 PM (IST)

    ক্ৰীজত ৰিকেল্টন-ৰোহিত

    মুম্বাইৰ দুই অপেনাৰ ৰিয়ান ৰিকেল্টন আৰু ৰোহিত শৰ্মাই আৰম্ভ কৰিছে ইনিংছ। এই দুই খেলুৱৈৰ ওপৰত নিৰ্ভৰ কৰিব মুম্বাইৰ ইনিংছৰ গতি।

  • 26 May 2025 07:08 PM (IST)

    পঞ্জাৱ কিংছৰ মূল একাদশ

    পঞ্জাৱৰ দলত আজি দেখা যাব দুটা পৰিৱৰ্তন। মূল একাদশত স্থান দিয়া হৈছে কাইল জেমিচন আৰু বিজয় কুমাৰ ব্যৈশাকে। দলটোৰ মূল একাদশ হ’ব এনেধৰণৰ- প্ৰিয়াংশ আৰ্য, জ’ছ ইংলিছ, শ্ৰেয়স আয়াৰ (অধিনায়ক), নেহাল ৱাধেৰা, শশাংক সিং, মাৰ্কাছ ষ্ট’ইনিছ, মাৰ্কো জেনচেন, হৰপ্ৰীত ব্ৰাৰ, কাইল জেমিছন, বিজয়কুমাৰ ব্যৈশাক, অৰ্শদীপ সিং। প্ৰভচিমৰণ সিঙে ইম্পেক্ট চাব হিচাপে বেটিং মুকলি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

  • 26 May 2025 07:06 PM (IST)

    মুম্বাই ইণ্ডিয়ানছৰ মূল একাদশ

    আজি মুম্বাই ইণ্ডিয়ানছৰ মূল একাদশ হ’ব এনেধৰণৰ- ৰিয়ান ৰিকেল্টন, ৰোহিত শৰ্মা, উইল জেকছ, সূৰ্যকুমাৰ যাদৱ, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), নমন ধীৰ, মিচেল চেণ্টনাৰ, দীপক চাহাৰ, ট্ৰেণ্ট বল্ট, যশপ্ৰীত বুমৰাহ।

  • 26 May 2025 07:02 PM (IST)

    টছত জয়ী আয়াৰ, প্ৰথমে কৰিব বলিং

    ছিজনত আজি নিজৰ অন্তিমখন মেচ খেলিছে মুম্বাই আৰু পঞ্জাৱে। ইতিমধ্যে অধিনায়কদ্বয় হাৰ্দিক পাণ্ডিয়া আৰু শ্ৰেয়স আয়াৰৰ মাজত টছ হৈ গৈছে। টছত জয়ী হৈ পঞ্জাৱৰ অধিনায়ক আয়াৰে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে।

  • 26 May 2025 06:58 PM (IST)

    দুয়ো দলৰ মাজত পূৰ্বৰ ৰেকৰ্ড

    আই পি এলৰ অন্যতম শ্ৰেষ্ঠ দল হ’লেও পঞ্জাৱৰ বিপক্ষে কিছু যুঁজ দিব লগা হৈছে মুম্বাইয়ে। এইপৰ্যন্ত প্ৰতিযোগিতাখনত দুয়োটা দলৰ মাজত হোৱা মেচত মুম্বাই ১৭ খনত জয়ী হোৱাৰ বিপৰীতে পঞ্জাৱে ১৫ খনত জয়লাভ কৰিছে। বিগত ২০১৯ চনৰ পৰা দুয়োটা দল পাঁচখনকৈ মেচত জয়ী হৈছে।

Published On - May 26,2025 6:53 PM