শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

PBKS vs MI Live Score, IPL 2025: আয়াৰৰ বেটিং বিক্ৰমত আশা ভংগ মুম্বাইৰঃ আই পি এল ২০২৫ৰ খিতাপ যুঁজত আৰচিবি বনাম পঞ্জাৱ

Punjab Kings vs Mumbai Indians Live Score in Assamese: অধিনায়ক শ্ৰেয়স আয়াৰৰ অধিনায়কোচিত বেটিঙৰ সহায়ত মুম্বাই ইণ্ডিয়ানছক দ্বিতীয় কোৱালিফায়াৰত ৫ উইকেটত সহজে পৰাস্ত কৰি আই পি এল ২০২৫ৰ ফাইনেলত প্ৰৱেশ কৰিছে পঞ্জাৱ কিংছে। এতিয়া ৩ জুনত আৰচিবিৰ বিপক্ষে ফাইনেলত অৱতীৰ্ণ হ’ব পঞ্জাৱ।

monjit-dutta
Monjit Dutta | Updated On: 02 Jun 2025 01:46 AM
PBKS vs MI Live Score, IPL 2025: আয়াৰৰ বেটিং বিক্ৰমত আশা ভংগ মুম্বাইৰঃ আই পি এল ২০২৫ৰ খিতাপ যুঁজত আৰচিবি বনাম পঞ্জাৱ
আজি দ্বিতীয় কোৱালিফায়াৰত পঞ্জাৱ বনাম মুম্বাই

আজি আই পি এল ২০২৫ৰ দ্বিতীয়খন কোৱালিফায়াৰ। এই দ্বিতীয়খন কোৱালিফায়াৰ মেচত আজি মুখামুখি হ’ব পঞ্জাৱ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ। লীগ পৰ্যায়ত দ্বিতীয় স্থানৰ দল হিচাপে প্লে’ অফত প্ৰৱেশ কৰা পঞ্জাৱে প্ৰথম কোৱালিফায়াৰত খেলাৰ সুযোগ লাভ কৰিছিল যদিও আৰচিবিৰ হাতত পৰাজয়ৰ সন্মুখীন হৈছিল। এইদৰে দ্বিতীয় কোৱালিফায়াৰৰ ৰূপত আন এক সুযোগ লাভ কৰিছে দলটোৱে। আনহাতে মুম্বাই ইণ্ডিয়ানছে এলিমিনেটৰ মেচত গুজৰাট টাইটানছক পৰাস্ত কৰি দ্বিতীয় কোৱালিফায়াৰলৈ যোগ্যতা অৰ্জন কৰিছে। আজি আহমেদামাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় কোৱালিফায়াৰত জয়ী হোৱা দলটোৱে অহা ৩ জুনত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিপক্ষে ফাইনেলত অৱতীৰ্ণ হ’ব।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 02 Jun 2025 01:43 AM (IST)

    ফাইনেলত পঞ্জাৱ

    সুদীৰ্ঘ এটা দশকতকৈও অধিক সময়ৰ বিৰতিৰ পিছত আই পি এলৰ খিতাপ যুঁজত প্ৰৱেশ কৰিছে পঞ্জাৱ কিংছে। মুম্বাই ইণ্ডিয়ানছক সহজে ৫ উইকেটত পৰাস্ত কৰি পঞ্জাৱে ফাইনেলৰ পথ প্ৰশস্ত কৰে। দলটোক অন্তিম দুই অভাৰত জয়ৰ বাবে ৰানৰ প্ৰয়োজন হৈছিল যদিও অশ্বনী বৈষ্ণৱে কৰা ইনিংছৰ ১৯ সংখ্যক অভাৰতে শ্ৰেয়স আয়াৰে প্ৰয়োজনীয় ৰান সংগ্ৰহ কৰি এটা অভাৰ বাকী থকা অৱস্থাতে দলক জয়ী কৰায়। অধিনায়কোচিত বেটিঙেৰে আয়াৰ ৪১টা বলত ৫টা চাৰি আৰু ৮টা ছয়েৰে ৮৭ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে। এতিয়া আৰচিবিৰ বিপক্ষে ৩ জুনত প্ৰতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হ’ব পঞ্জাৱ। এইদৰে আই পি এলত দেখা যাব এক নতুন চেম্পিয়ন দল।

  • 02 Jun 2025 01:29 AM (IST)

    অন্তিম দুই অভাৰত প্ৰয়োজন ২৩ ৰানৰ

    ফাইনেলত প্ৰৱেশৰ চেষ্টাত দুয়োটা দলে দিছে তীব্ৰ যুঁজ। পঞ্জাৱক জয়ী হোৱাৰ বাবে এতিয়া অন্তিম দুই অভাৰত ২৩ ৰানৰ প্ৰয়োজন। হাতত এতিয়াও ৫টা উইকেট বাকী আছে দলটোৰ।

  • 02 Jun 2025 01:24 AM (IST)

    শশাংক ৰান আউট

    এক ৰোমাঞ্চকৰ স্থিতিত উপনীত হৈছে মেচ। পঞ্জাৱে হেৰুৱাইছে শশাংক সিঙৰ গুৰুত্বপূৰ্ণ উইকেট। হাৰ্দিক পাণ্ডিয়াৰ এটা ডাইৰেক্ট থ্ৰ’ই শশাংকক দেখুৱায় পেভিলিয়নৰ পথ।

  • 02 Jun 2025 01:22 AM (IST)

    আয়াৰৰ অৰ্ধশতক

    অধিনায়কোচিত বেটিঙেৰে দলক লক্ষ্যৰ কাষ চপাই নিছে শ্ৰেয়স আয়াৰে। ক্ৰীজত মুম্বাইৰ সমুখত প্ৰত্যাহ্বান হৈ থিয় দিয়া আয়াৰে মাত্ৰ ২৭টা বলত নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰিছে।

  • 02 Jun 2025 01:15 AM (IST)

    ৱাধেৰাক বিদায় দিলে অশ্বনীয়ে

    ইম্পেক্ট চাবৰ ৰূপত ক্ৰীজলৈ অহা অশ্বনী কুমাৰে দখল কৰিছে নেহাল ৱাধেৰাৰ গুৰুত্বপূৰ্ণ উইকেট। ৱাধেৰাই ২৯টা বলত ৪তা চাৰি আৰু দুটা ছয়েৰে ৪৮ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলে।

  • 02 Jun 2025 12:57 AM (IST)

    আয়াৰৰ ছয়ৰ হেট্ৰিক

    আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছে অধিনায়ক শ্ৰেয়স আয়াৰে। ৰিচ টপলীয়ে কৰা ইনিংছৰ ১৩ সংখ্যক অভাৰত আয়াৰে একেলগে তিনিটা ছয় কোবাই দলৰ প্ৰয়োজনীয় ৰানৰ সংখ্যা যথেষ্ট হ্ৰাস কৰে।

  • 02 Jun 2025 12:44 AM (IST)

    ৰক্ষা পৰিল ৱাধেৰা

    পাণ্ডিয়াৰ বলত এক প্ৰায় সহজ কেচ তুলি দিছিল নেহাল ৱাধেৰাই। কিন্তু বাউণ্ডেৰীত থকা ট্ৰেণ্ট ব’ল্টে এই সহজ কেচ আয়ত্ব কৰাত বিফল হয় আৰু এইদৰে মাত্ৰ ১৩ ৰানৰ ব্যক্তিগত স্ক’ৰত ৱাধেৰাই জীৱনদান পায়।

  • 02 Jun 2025 12:32 AM (IST)

    ইংলিছৰ বিদায়

    আক্ৰমণাত্মক বেটিঙেৰে ইনিংছ আগবঢ়াই নিয়া জ’ছ ইংলিছে লৈছে পেভিলিয়নৰ পথ। অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ বলত আউট হোৱা ইংলিছে ২১টা বলত ৫টা চাৰি আৰু দুটা ছয়েৰে ৩৮ ৰানৰ অৱদান আগবঢ়ায়।

  • 02 Jun 2025 12:19 AM (IST)

    অশ্বনীয়ে বিদায় দিলে প্ৰিয়াংশক

    নিজ স্পেলৰ প্ৰথমটো বলতে সফলতা লাভ কৰিছে অশ্বনী কুমাৰে। অশ্বনীয়ে দখল কৰিছে প্ৰিয়াংশ আৰ্যৰ উইকেট। প্ৰিয়াংশে ১০টা বলত দুটা চাৰি আৰু এটা ছয়েৰে ২০ ৰান সংগ্ৰহ কৰি বিদায় লয়।

  • 02 Jun 2025 12:04 AM (IST)

    সফল নহ’ল প্ৰভচিমৰণ

    ইম্পেক্ট চাবৰ ৰূপত ক্ৰীজলৈ অহা প্ৰভচিমৰণ সিং ব্যৰ্থ হৈছে দলক সঠিক আৰম্ভণি দিয়াত। ৯টা বলত ৬ ৰান সংগ্ৰহ কৰি তেওঁ পেভিলিয়নলৈ উভতিছে। তেওঁৰ উইকেট দখল কৰিছে ট্ৰেণ্ট ব’ল্টে।

  • 01 Jun 2025 11:52 PM (IST)

    ক্ৰীজত প্ৰিয়াংশ-প্ৰভচিমৰণ

    পঞ্জাৱৰ সমুখত জয়ৰ বাবে বৃহৎ লক্ষ্য। এই লক্ষ্য অনুসৰণ কৰিবলৈ ক্ৰীজলৈ আহিছে দলৰ অপেনাৰদ্বয় প্ৰিয়াংশ আৰ্য আৰু প্ৰভচিমৰণ সিং। দুয়োৰে ওপৰত নিৰ্ভৰ কৰিব পঞ্জাৱৰ বেটিং বিভাগৰ শক্তি।

  • 01 Jun 2025 11:43 PM (IST)

    পঞ্জাৱৰ সমুখত ২০৪ ৰানৰ লক্ষ্য

    ইনিংছৰ সমাপ্তিলৈ ৬ উইকেট হেৰুৱাই ২০৩ ৰান সংগ্ৰহ কৰিছে মুম্বাই ইণ্ডিয়ানছে আৰু এইদৰে দলটোৱে পঞ্জাৱ কিংছৰ সমুখত ২০৪ ৰানৰ এক শক্তিশালী লক্ষ্য থিয় কৰাইছে। মুম্বাইৰ শক্তিশালী বলিং আক্ৰমণৰ সমুখত পঞ্জাৱৰ বেটিং বিভাগ এই লক্ষ্য অনুসৰণত সফল হ’বনে, সেয়া লক্ষণীয় হ’ব।

  • 01 Jun 2025 11:38 PM (IST)

    নমনো পেভিলিয়নলৈ

    ইনিংছৰ অন্ত পৰিবলৈ ৩টা বল বাকী থকা অৱস্থাত ক্ৰীজ এৰিছে নমন ধীৰে। ওমৰজাইৰ বলত আউট হোৱা নমনে ১৮টা বলত ৭টা চাৰিৰে ৩৭ ৰানৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলে।

  • 01 Jun 2025 11:29 PM (IST)

    পাণ্ডিয়াৰ বিদায়

    গুৰুত্বপূৰ্ণ সময়ত অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ উইকেট হেৰুৱাইছে মুম্বাইয়ে। ইনিংছৰ ১৮ অভাৰৰ অন্তিমটো বলত ওমৰজাইয়ে পাণ্ডিয়াক বিদায় দিয়ে। পাণ্ডিয়াই ১৩টা বলত ১৫ ৰান কৰি বিদায় লয়।

  • 01 Jun 2025 11:23 PM (IST)

    ১৭ অভাৰত ১৭০ ৰান

    অধিনায়ক হাৰ্দিক পাণ্ডিয়া আৰু নমন ধীৰৰ কান্ধত দলক শক্তিশালী স্ক’ৰ প্ৰদানৰ গধুৰ দায়িত্ব। এইসময়লৈ মুম্বাইয়ে ১৭ অভাৰত সংগ্ৰহ কৰিছে ১৭০ ৰান।

  • 01 Jun 2025 11:11 PM (IST)

    তিলকো আউট

    সূৰ্যকুমাৰ যাদৱৰ পিছত তিলক বাৰ্মাইও এৰিছে ক্ৰীজ। কাইল জেমিচেনৰ বলত প্ৰিয়াংশ আৰ্যৰ হাতত কেচ তুলি দি বিদায় লৈছে তিলকে। তেওঁ ২৯টা বলত দুটাকৈ চাৰি আৰু ছয়েৰে ৪৪ ৰান সংগ্ৰহ কৰে।

  • 01 Jun 2025 11:06 PM (IST)

    সূৰ্যক বিদায় দিলে চাহালে

    আঘাতমুক্ত হৈ দললৈ উভতা চাহালে দলক দিছে গুৰুত্বপূৰ্ণ সফলতা, বিদায় দিছে সূৰ্যকুমাৰ যাদৱক। সূৰ্যই তিলকৰ সৈতে যুটি বান্ধি দলক এক সবল স্থিতিত উপনীত কৰায়। তেওঁৰ বেটৰ পৰা আহে ২৬টা বলত ৪৪ ৰানৰ অৱদান।

  • 01 Jun 2025 10:49 PM (IST)

    ১১ অভাৰত সংগ্ৰহ ১১২ ৰান

    আগবাঢ়িছে মুম্বাইৰ ইনিংছ। বিশেষকৈ তিলক বাৰ্মাই পুনৰ এবাৰ নিজৰ যোগ্যতাৰ প্ৰমাণ দি পঞ্জাৱৰ সমুখত প্ৰত্যাহ্বান গঢ়ি তুলিছে। দলটোৱে ১১ অভাৰত সংগ্ৰহ কৰিছে ১১২ ৰান।

  • 01 Jun 2025 10:27 PM (IST)

    বেয়াৰষ্ট’ পেভিলিয়নলৈ

    মুম্বাইয়ে হেৰুৱাইছে দ্বিতীয়টো উইকেট। এইবাৰ পেভিলিয়নলৈ উভতিছে জনী বেয়াৰষ্ট’। বিজয় কুমাৰ ব্যৈশাকৰ চিকাৰ হোৱা বেয়াৰষ্ট’ৱে ২৪টা বলত ৩টা চাৰি আৰু ২টা ছয়েৰে ৩৮ ৰান সংগ্ৰহ কৰে।

  • 01 Jun 2025 10:22 PM (IST)

    পাৱাৰ প্লে’ত সংগ্ৰহ ৬৫ ৰান

    আৰম্ভণিতেই ৰোহিতৰ উইকেট হেৰুৱালেও বেয়াৰষ্ট’ আৰু তিলক বাৰ্মাই আগুৱাই নিছে দলৰ ইনিংছ। দুয়োৰে প্ৰচেষ্টাত মুম্বাই ইণ্ডিয়ানছে পাৱাৰ প্লে’ৰ সমাপ্তিলৈ ৬৫ ৰান সংগ্ৰহ কৰিছে।

  • 01 Jun 2025 10:16 PM (IST)

    স্ক’ৰব’ৰ্ডত ৫০ ৰান

    ইনিংছৰ পঞ্চম অভাৰত মুম্বাই ইণ্ডিয়ানছে ৫০ ৰানৰ সীমা স্পৰ্শ কৰিছে। অভাৰৰ অন্তিমটো বলত বেয়াৰষ্ট’ই এক ৰান সংগ্ৰহ কৰাৰ লগে লগে দলটোৰ ৫০ ৰান সম্পূৰ্ণ হয়।

  • 01 Jun 2025 09:59 PM (IST)

    ৰোহিতৰ বিদায়

    জীৱনৰক্ষা পোৱাৰ পিছত ৰোহিতৰ বেটৰ পৰা আশা কৰা হৈছিল এক দীঘলীয়া ইনিংছ। তৃতীয় অভাৰৰ প্ৰথমটো বলত এটা চাৰি কোবাই তেওঁ আশাও দেখুৱাইছিল। কিন্তু পৰৱৰ্তী বলতে তেওঁক ষ্ট’ইনিছে বিদায় দিয়ে। ৰোহিতৰ বেটৰ পৰা আহে মাত্ৰ ৮ ৰান।

  • 01 Jun 2025 09:56 PM (IST)

    ৰক্ষা পৰিল ৰোহিত

    দ্বিতীয় অভাৰৰ পঞ্চম বলত জীৱনদান পাইছে ৰোহিত শৰ্মাই। জেমিচনৰ বলত ৰোহিতে আক্ৰমণৰ চেষ্টা কৰে যদিও বল ভালদৰে সংযোগ নোহোৱাত ওপৰলৈ উঠে। অৱশ্যে ওমৰজাইয়ে কিছু পিছলৈ ধৰি কেচ আয়ত্ব কৰাৰ চেষ্টা চলায় যদিও বিফল হয়।

  • 01 Jun 2025 09:54 PM (IST)

    মেচৰ প্ৰথম বাউণ্ডেৰী

    মেচৰ ১.৩ অভাৰত জনী বেয়াৰষ্ট’ৰ বেটৰ পৰা আহিছে প্ৰথমটো বাউণ্ডেৰী। কাইল জেমিচনৰ বলত বেয়াৰষ্ট’ৱে কোবায় এক বৃহৎ ছয়।

  • 01 Jun 2025 09:44 PM (IST)

    ক্ৰীজত ৰোহিত-বেয়াৰষ্ট’

    অৱশেষত আৰম্ভ হ’ল মেচ। ক্ৰীজলৈ আহিছে মুম্বাইৰ অপেনাৰদ্বয় ৰোহিত শৰ্মা আৰু জনী বেয়াৰষ্ট’। এলিমিনেটৰ মেচৰ দৰেই আজিও দুয়োৰে পৰা এক শক্তিশালী আৰম্ভণি আশা কৰিছে মুম্বাইৰ শিবিৰে। ইফালে পঞ্জাৱৰ হৈ বলিং মুকলি কৰিছে অৰ্শদীপ সিঙে।

  • 01 Jun 2025 09:32 PM (IST)

    ৯.৪৫ৰ পৰা খেল

    আঁতৰিছে বৰষুণৰ বাধা। ইয়াৰ পিছতে আম্পায়াৰদ্বয়ে পিটছ পৰিদৰ্শন কৰে আৰু ৯.৪৫ৰ পৰা মেচ আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। যথেষ্ট সময় বিলম্ব হ’লেও সম্পূৰ্ণ ২০ অভাৰকৈ হ’ব মেচ।

  • 01 Jun 2025 09:18 PM (IST)

    বৰষুণ কমিছে

    আহমেদাবাদত কমিছে বৰষুণ। অৱশ্যে আউটফিল্ডত সেমেকা হৈ থকাৰ বাবে খেল আৰম্ভ হোৱাত আৰু কিছু বিলম্ব হ’ব। খেলপথাৰ খেলৰ উপযোগী কৰি তোলাৰ চেষ্টাত ব্ৰতী কৰ্মচাৰীসকল।

  • 01 Jun 2025 08:17 PM (IST)

    পুনৰ বৰষুণ

    বৰষুণ এৰাৰ বাবে খেলপথাৰৰ পৰা আঁতৰাই দিয়া হৈছিল কভাৰ। কিন্তু পুনৰ বৰষুণ অহাৰ বাবে তাৎক্ষণিকভাৱে পিটছ ঢাকি দিয়া হৈছে। এনে পৰিস্থিতিত মেচ আৰম্ভ হোৱাত আৰু কিছু বিলম্ব হোৱাটো নিশ্চিত।

  • 01 Jun 2025 08:11 PM (IST)

    ২০:২৫ বজাৰ পৰা মেচ

    কভাৰ আঁতৰাই নিয়াৰ পিছত পিটচ পৰিদৰ্শন কৰে আম্পায়াৰে। ইয়াৰ পিছতে আম্পায়াৰদ্বয়ে মেচখন ২০:২৫ বজাৰ পৰা আৰম্ভ কৰা হ’ব বুলি নিশ্চিত কৰিছে।

  • 01 Jun 2025 08:08 PM (IST)

    সকাহ, আঁতৰিছে কভাৰ

    অনুৰাগীলৈ আশাৰ খবৰ। আহমেদাবাদত মুকলি হৈছে বতৰ। বৰষুণ এৰাৰ পিছতে খেলপথাৰৰ পৰা কভাৰ আঁতৰাই নিয়া হৈছে। আনহাতে পঞ্জাৱ কিংছৰ খেলুৱৈসকলেও খেলপথাৰত ৱাৰ্ম আপ কৰা দেখা গৈছে।

  • 01 Jun 2025 07:36 PM (IST)

    বৰষুণৰ বিঘিনি

    বৰষুণে বাধা দিছে দ্বিতীয় কোৱালিফায়াৰত। টছ হৈ যোৱাৰ পিছত অহা বৰষুণৰ বাবে খেলপথাৰ ঢাকি দিয়া হৈছে। বৰষুণ কিছু ডাঙৰকৈ অহাৰ বাবে মেচ আৰম্ভ হোৱাত কিছু বিলম্ব হোৱাৰ সম্ভাৱনা আছে।

  • 01 Jun 2025 07:11 PM (IST)

    পঞ্জাৱ কিংছৰ মূল একাদশ

    আঘাতমুক্ত হৈ দললৈ উভতিছে পঞ্জাৱৰ গুৰুত্বপূৰ্ণ সদস্য যুজবেন্দ্ৰ চাহাল। আজি দলটোৰ মূল একাদশ হ’ব এনেধৰণৰ- প্ৰিয়াংশ আৰ্য, জ’ছ ইংলিছ, শ্ৰেয়স আয়াৰ (অধিনায়ক), নেহাল ৱাধেৰা, মাৰ্কাছ ষ্ট’ইনিছ, শশাংক সিং, আজমাতুল্লাহ ওমৰজাই, কাইল জেমিছন, বিজয়কুমাৰ ব্যৈশাক, অৰ্শদীপ সিং, যুজবেন্দ্ৰ চাহাল।

  • 01 Jun 2025 07:08 PM (IST)

    মুম্বাই ইণ্ডিয়ানছৰ মূল একাদশ

    মুম্বাই ইণ্ডিয়ানছৰ মূল একাদশত আজি অন্তৰ্ভুক্ত কৰা হৈছে ইংলেণ্ডৰ পেচাৰ ৰিচ টপলিক। দলটোৰ মূল একাদশ হ’ব এনেধৰণৰ- ৰোহিত শৰ্মা, জনী বেয়াৰষ্ট’, সূৰ্যকুমাৰ যাদৱ, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), নমন ধীৰ, মিচেল চেণ্টনাৰ, ৰাজ বাৱা, ট্ৰেণ্ট বল্ট, যশপ্ৰীত বুমৰাহ, ৰিচ টপলি।

  • 01 Jun 2025 07:03 PM (IST)

    পঞ্জাৱে ল’লে প্ৰথমে বলিঙৰ সিদ্ধান্ত

    ইতিমধ্যে দুয়ো দলৰ অধিনায়কদ্বয়ৰ মাজত টছ হৈ গৈছে। টছত জয়ী হৈ পঞ্জাৱৰ অধিনায়ক শ্ৰেয়স আয়াৰে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

  • 01 Jun 2025 07:01 PM (IST)

    দুয়ো দলৰ পূৰ্বৰ ৰেকৰ্ড

    এইপৰ্যন্ত আই পি এলত মুম্বাই আৰু পঞ্জাৱৰ মাজত হোৱা প্ৰতিদ্বন্দীতাত মুম্বাই ১৭ খন মেচত জয়ী হোৱাৰ বিপৰীতে পঞ্জাৱে ১৬ খনত জয়লাভ কৰিছে। ইফালে মুম্বাইয়ে এইপৰ্যন্ত চাৰিবাৰ দ্বিতীয় কোৱালিফায়াৰ খেলিছে। ইয়াৰে দুখনত জয়ী হোৱাৰ বিপৰীতে দুখনত পৰাস্ত হৈছে দলটো। আনহাতে পঞ্জাৱে ইয়াৰ পূৰ্বে মাত্ৰ এবাৰহে দ্বিতীয় কোৱালিফায়াৰ খেলিছে। ২০১৪ চনত এই মেচখনত পঞ্জাৱে চেন্নাই চুপাৰ কিংছক ২৪ ৰাণত পৰাস্ত কৰিছিল।

Published On - Jun 01,2025 6:49 PM