গুৱাহাটীত সীমান্ত শেখৰে মুকলি কৰিলে TV9 নেটৱৰ্কৰ এডুকেশ্যন এক্সপ’
আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেষ্টাৰত অনুষ্ঠিত হৈছে টিভি৯ এডুকেশ্যন এক্সপ' ২০২৫। TV-9 নেটৱৰ্কৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলক কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শ আগবঢ়োৱাৰ উদ্দেশ্য দেশৰ ১৫ খন চহৰত এই বিশেষ শিক্ষা মেলা অনুষ্ঠিত হৈ আহিছে। এইবাৰ গুৱাহাটীত পোন প্ৰথমবাৰৰ বাবে এই এক্সপ' অনুষ্ঠিত কৰা হৈছে।
আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেষ্টাৰত অনুষ্ঠিত হৈছে টিভি৯ এডুকেশ্যন এক্সপ’ ২০২৫। TV-9 নেটৱৰ্কৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলক কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শ আগবঢ়োৱাৰ উদ্দেশ্য দেশৰ ১৫ খন চহৰত এই বিশেষ শিক্ষা মেলা অনুষ্ঠিত হৈ আহিছে। এইবাৰ গুৱাহাটীত পোন প্ৰথমবাৰৰ বাবে এই এক্সপ’ অনুষ্ঠিত কৰা হৈছে। আজি পুৱা প্ৰায় ১১.৩০ বজাত গুৱাহাটীত অনুষ্ঠিত এই এডুকেশ্যন এক্সপ’ৰ শুভাৰম্ভণি কৰে জনপ্ৰিয় কণ্ঠশিল্পী তথা অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়নৰ অধ্যক্ষ সীমান্ত শেখৰে।
প্ৰথমে ফিটা কাটি ডুকেশ্যন এক্সপ’ৰ উদ্বোধন কৰাৰ পাছত বন্তি প্ৰজ্বলন কৰে সীমান্ত শেখৰে। তাৰ পাছতে বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ ষ্টলসমূহ পৰিদৰ্শন কৰে। টিভি-৯ নেটৱৰ্কৰ এই পদক্ষেপক প্ৰশংসা কৰি সীমান্ত শেখৰে এই পদক্ষেপে বহু ছাত্ৰ-ছাত্ৰীক সহায় কৰিব বুলি মন্তব্য কৰে। উল্লেখ্য যে, শিক্ষাৰ্থী সকলে যাতে এটা সুন্দৰ কেৰিয়াৰ বাচনি কৰিব পাৰে তাৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হৈছে এই এডুকেশ্যন এক্সপ’।
এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে কেৰিয়াৰ বিশেষজ্ঞৰ পৰা নিজৰ কেৰিয়াৰৰ বাচনিৰ বিষয়ে জানিব বিচৰা বিষয়ৰ পৰামৰ্শ লাভ কৰিব। লগতে দেশৰ বিভিন্ন আগশাৰীৰ শিক্ষানুষ্ঠানে আগবঢ়োৱা পাঠ্যক্ৰমৰ বিষয়েও সবিশেষ জানিব পাৰিব। শনি আৰু দেওবাৰে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই অনুষ্ঠানলৈ আহি ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব বুলি আশা কৰা হৈছে।
পুৱা ১০ বজাৰ পৰা বিয়লি ৭ বজালৈকে ছাত্ৰ-ছাত্ৰীসকলে এই অনুষ্ঠানত অংশ ল’ব পাৰিব। এই অনুষ্ঠানত প্ৰৱেশ সম্পূৰ্ণ বিনামূলীয়া। গতিকে আহক, টিভি-৯ অসমৰ এই শৈক্ষিক যাত্ৰাৰ অংশ হৈ আপুনিও লাভ কৰক অনন্য অভিজ্ঞতা।