বিদেশী নাগৰিক ঘোষণাৰ পাছতো বাস কৰিছিল বৈধ নাগৰিকৰ দৰে ! মৰিগাঁৱৰ পৰা ৯ অবৈধ বাংলাদেশীক আটক…
৯ জনকৈ অবৈধ বাংলাদেশী নাগৰিকক আটক কৰা খবৰ লাভ কৰা গৈছে । মৰিগাঁও সীমান্ত শাখা আৰক্ষীয়ে জিলাখনৰ কেইবাটাও স্থানত অভিযান চলাই আটক কৰে এই অবৈধ বাংলাদেশী কেইজনক ।

বিদেশী নাগৰিক বুলি ঘোষণা কৰিছিল বিদেশী ন্যায়াধিকৰণে । ইয়াৰ পাছতো বিদেশী ন্যায়াধিকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই কাষ চাপিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ । গুৱাহাটী উচ্চ ন্যায়ালয়েও তেওঁলোকৰ আবেদন গ্ৰহণ নকৰিলে । অৱশেষত মৰিগাঁও সীমান্ত শাখা আৰক্ষীৰ জালত পৰিল ৯ জনকৈ অবৈধ বাংলাদেশী নাগৰিক !
এখন জিলাৰ পৰাই ৯ জনকৈ অবৈধ বাংলাদেশী নাগৰিকক আটক কৰা খবৰ লাভ কৰা গৈছে । মৰিগাঁও সীমান্ত শাখা আৰক্ষীয়ে জিলাখনৰ কেইবাটাও স্থানত অভিযান চলাই আটক কৰে এই অবৈধ বাংলাদেশী কেইজনক । খবৰ অনুসৰি, মৰিগাঁও জিলাত শনিবাৰে অবৈধ নাগৰিক ঘোষণা হোৱাৰ পাছতো ভাৰতত অবৈধভাৱে থকা ৯ জন বাংলাদেশী নাগৰিকক আটক কৰে আৰক্ষীয়ে।
এই আটাইকেইজনকে বিদেশী ন্যায়াধিকৰণে বিদেশী নাগৰিক বুলি ঘোষণা কৰিছিল যদিও তেওঁলোকে গ্ৰেপ্তাৰৰ পৰা হাত সাৰি আহিছিল বুলি সূত্ৰ পৰা জানিব পৰা গৈছে । জানিব পৰা মতে, মৰিগাঁও সীমান্ত শাখা আৰক্ষীয়ে কিছু তথ্য ভিত্তিত চলাইছিল গোপন অভিযান । এই অভিযানৰ কালতে জিলাখনৰ বিভিন্ন স্থানৰ পৰা বাংলাদেশী নাগৰিক কেইজনক আটক কৰে।
মৰিগাঁও, মিকিৰভেটা আৰু ধৰমতুল থানাৰ অন্তৰ্গত অঞ্চলৰ পৰা দুজনকৈ আৰু জাগীৰোড, মায়ং আৰু লাহৰিঘাট থানাৰ এলেকাৰ পৰা এজনকৈ বাংলাদেশীক আটক কৰে আৰক্ষীয়ে ।
ইফালে আৰক্ষীয়ে জনোৱা মতে,আটক হোৱা দুজন ব্যক্তিয়ে ন্যায়াধিকৰণৰ ৰায়ৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও তেওঁলোকৰ আবেদন বাতিল কৰা হয়। ধৃত বাংলাদেশী নাগৰিক কেইজনক সম্প্ৰতি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।