TV9 ASSAM
টেষ্ট ক্ৰিকেটত ভাৰতীয় দলৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে শুভমন গিলক। আগন্তুক ইংলেণ্ড ভ্ৰমণত তেওঁ পালন কৰিব অধিনায়কৰ দায়িত্ব।
এইদৰে গিল ভাৰতীয় ক্ৰিকেটৰ পঞ্চমগৰাকী যুৱ অধিনায়ক হিচাপে পৰিগণিত হৈছে। এইক্ষেত্ৰত তেওঁ বিৰাট কোহলীকো অতিক্ৰম কৰিছে।
গিলে ২৫বছৰ বয়সত ভাৰতীয় টেষ্ট দলৰ অধিনায়ক নিৰ্বাচিত হোৱাৰ বিপৰীতে কোহলীয়ে ২৬ বছৰ বয়সত টেষ্ট দলৰ অধিনায়কৰ দায়িত্ব লাভ কৰিছিল।
পিছে টেষ্ট দলৰ অধিনায়ক হোৱাৰ পূৰ্বে বিৰাট কোহলী আৰু শুভমন গিলৰ মাজত এই ফৰ্মেটত কাৰ প্ৰদৰ্শন অধিক উন্নত আছিল? চাওঁ আহক এই বিষয়ে।
কোহলীয়ে প্ৰথমবাৰৰ বাবে টেষ্টত নেতৃত্ব দিয়াৰ সময়লৈ ৫১টা ইনিংছত ৩৯.৪৬ গড়ে ৬টা শতকসহ ১৮৫৫ ৰান সংগ্ৰহ কৰিছিল।
আনহাতে গিলে এতিয়ালৈকে ৫৯টা টেষ্ট ইনিংছ খেলিছে। এই সময়ছোৱাত তেওঁ ৩৫.০৫ গড়ে ১৮৯৩ ৰান সংগ্ৰহ কৰাৰ লগতে ৫টা শতক অৰ্জন কৰিছে।
পঢ়িবলৈ ক্লিক কৰক
গিলে পাব ৭ কোটি টকাৰ পুৰস্কাৰ!