শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

PBKS vs DC Live Score, IPL 2025: ভাৰত-পাক সংঘাতৰ প্ৰভাৱঃ নিৰাপত্তাজনিত কাৰণত বাতিল হ’ল মেচ

Punjab Kings vs Delhi Capitals Live Score in Assamese: ভাৰত-পাকিস্তান সংঘাতৰ প্ৰভাৱ পৰিছে আই পি এলত। নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ মেচ বাতিল কৰা হৈছে। দুয়োটা দলকে ইতিমধ্যে ষ্টেডিয়াম এৰি যাবলৈ নিৰ্দেশনা দিয়া হৈছে।

monjit-dutta
Monjit Dutta | Updated On: 08 May 2025 22:11 PM
PBKS vs DC Live Score, IPL 2025: ভাৰত-পাক সংঘাতৰ প্ৰভাৱঃ নিৰাপত্তাজনিত কাৰণত বাতিল হ’ল মেচ
আই পি এলত আজি পঞ্জাৱ বনাম দিল্লীৰ মেচ

আই পি এল ২০২৫ত আজি মুখামুখি হ’ব পঞ্জাৱ কিংছ আৰু দিল্লী কেপিটেলছ। দুয়োটা দলেই এইপৰ্যন্ত প্লে’ অফত প্ৰৱেশৰ অন্যতম প্ৰবল দাবীদাৰ। এনে পৰিস্থিতিত আজিৰ মেচখন দুয়োটা দলৰ বাবেই গুৰুত্বপূৰ্ণ হৈ পৰিছে। আজি নিজৰ ঘৰুৱা খেলপথাৰত খেলিব পঞ্জাৱে। ঘৰুৱা ভূমিত আজিৰ মেচখন দলটোৰ বাবে প্লে’ অফৰ ছেমি ফাইনেল সদৃশ। আজি পঞ্জাৱ জয়ী হ’লেই প্লে’ অফত প্ৰৱেশ কৰিব। আনহাতে দিল্লী যদি আজিৰ মেচখনত পৰাজিত হয়, তেতিয়া দলটোৰ বাবে প্লে’ অফৰ পথ কিছু কঠিন হৈ পৰিব। আজি পৰাস্ত হ’লেই দিল্লীৰ বাবে পৰৱৰ্তী দুয়োখন মেচত জয় অনিবাৰ্য হৈ পৰিব।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 08 May 2025 09:58 PM (IST)

    বাতিল মেচ

    প্ৰতিবেদন অনুসৰি নিৰাপত্তাজনিত কাৰণত বাতিল কৰা হৈছে আজিৰ মে। আই পি এল কৰ্তৃপক্ষই দুয়োটা দলকে ষ্টেডিয়ামৰ পৰা বাহিৰলৈ যাবলৈ নিৰ্দেশনা প্ৰদান কৰিছে। শীঘ্ৰেই এই বিষয়ত আনুষ্ঠানিক বিবৃতি প্ৰকাশ পাব।

  • 08 May 2025 09:28 PM (IST)

    প্ৰিয়াঞ্চে ল’লে বিদায়

    অৱশেষত প্ৰথমটো সফলতা লাভ কৰিছে দিল্লী কেপিটেলছে। বিস্ফোৰক আৰম্ভণিৰ পিছত প্ৰিয়াঞ্চ আৰ্যক বিদায় দিছে টি নটৰাজনে। মাত্ৰ ৩৪টা বলত ৫টা চাৰি আৰু ৬টা ছয়েৰে প্ৰিয়াঞ্চে ৭০ ৰান সংগ্ৰহ কৰে।

  • 08 May 2025 09:26 PM (IST)

    প্ৰভচিমৰণৰো অৰ্ধশতক

    প্ৰিয়াঞ্চৰ পিছত আনগৰাকী অপেনাৰ প্ৰভচিমৰণ সিঙেও অৰ্ধশতক পূৰ কৰিছে। মাত্ৰ ২৮টা বলতে তেওঁ সম্পূৰ্ণ কৰিছে অৰ্ধশতক। লক্ষণীয়ভাৱে ক্ৰমাগত চাৰিখন মেচত এয়া তেওঁৰ চতুৰ্থটো অৰ্ধশতক।

  • 08 May 2025 09:07 PM (IST)

    অৰ্ধশতক সম্পূৰ্ণ প্ৰিয়াঞ্চৰ

    ছিজনত সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে প্ৰিয়াঞ্চ আৰ্যই। আক্ৰমণাত্মক বেটিঙেৰে তেওঁ আজি মাত্ৰ ২৫টা বলতে নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰিছে। এইপৰ্যন্ত তেওঁৰ বেটৰ পৰা আহিছে চাৰিটাকৈ চাৰি আৰু ছয়।

  • 08 May 2025 08:57 PM (IST)

    অৰ্ধশতক পূৰ পঞ্জাৱৰ

    পুনৰ এবাৰ দলক আক্ৰমণাত্মক আৰম্ভণি প্ৰদান কৰিছে দুই অপেনাৰ প্ৰিয়াঞ্চ আৰু প্ৰভচিমৰণে। দুয়ো মাত্ৰ ৪ অভাৰতে দলৰ স্ক’ৰ ৫০ পূৰ কৰিছে।

  • 08 May 2025 08:34 PM (IST)

    প্ৰথম দুটা বলতে বাউণ্ডেৰী

    বাউণ্ডেৰীৰে আৰম্ভণি ঘটিছে পঞ্জাৱ কিংছৰ। মিচেল ষ্টাৰ্কে কৰা মেচৰ প্ৰথম অভাৰৰ প্ৰথম দুটা বলত প্ৰিয়াঞ্চ আৰ্যই দুটা চাৰি কোবায়।

  • 08 May 2025 08:24 PM (IST)

    দিল্লী কেপিটেলছৰ মূল একাদশ

    আজি আই পি এলত অভিষেক ঘটাব দিল্লী কেপিটেলছৰ সদস্য মাধৱ তিৱাৰীয়ে। দলটোৰ মূল একাদশ হ’ব এনেধৰণৰ- ফাফ ডু প্লেচিছ, অভিষেক প’ৰেল, কে এল ৰাহুল, সমীৰ ৰিজভি, অক্ষৰ পেটেল (অধিনায়ক), ট্ৰিষ্টান ষ্টাবচ, মাধৱ তিৱাৰী, মিচেল ষ্টাৰ্ক, দুষ্মন্ত চামিৰা, কুলদীপ যাদৱ, টি নটৰাজন।

  • 08 May 2025 08:21 PM (IST)

    পঞ্জাৱ কিংছৰ মূল একাদশ

    পঞ্জাৱ কিংছৰ মূল একাদশত আজি হ’ব এনেধৰণৰ- প্ৰভচিমৰণ সিং, প্ৰিয়াঞ্চ আৰ্য, শ্ৰেয়স আয়াৰ (অধিনায়ক), জ’ছ ইংলিছ, শশাংক সিং, নেহাল ৱাধেৰা, মাৰ্কুছ ষ্ট’ইনিছ, মাৰ্কো জেনচেন, আজমতুল্লা ওমৰজাই, যুজবেন্দ্ৰ চাহাল, অৰ্শদীপ সিং।

  • 08 May 2025 08:19 PM (IST)

    আয়াৰে ল’লে বেটিঙৰ সিদ্ধান্ত

    বৰষুণৰ পিছত আৰম্ভ হোৱাৰ দিশে আগবাঢ়িছে মেচ। ইতিমধ্যে দুয়ো দলৰ অধিনায়কদ্বয়ৰ মাজত টছ হৈ গৈছে আৰু টছত জয়ী হৈ পঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়স আয়াৰে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

  • 08 May 2025 07:59 PM (IST)

    এৰিছে বৰষুণ

    ইতিমধ্যে বৰষুণ এৰা দেখা গৈছে ধৰমশালাত। অৱশ্যে আউটফিল্ড সেমেকি থকাৰ বাবে এতিয়াও টছ কৰিব পৰা হোৱা নাই। আম্পায়াৰদ্বয়ে ফিল্ড পৰিদৰ্শন কৰি কিছু সময়ৰ ভিতৰতে ল’ল সিদ্ধান্ত।

  • 08 May 2025 07:03 PM (IST)

    বৰষুণৰ বাবে টছত বিলম্ব

    ধৰমশালাত সম্প্ৰতি বৰষুণ দি থকাৰ বাবে টছ কৰাত কিছু বিলম্ব হৈছে। বৰষুণৰ বাবে খেলপথাৰ ঢাকি ৰখা হৈছে।

Published On - May 08,2025 6:59 PM