সামৰণি পৰিল পেৰিছ অলিম্পিকৰঃ কোনকেইগৰাকী ভাৰতীয় খেলুৱৈয়ে জিনিলে পদক, চাওক…
দেওবাৰে নিশা সামৰণি পৰিল পেৰিছ অলিম্পিকৰ। আমেৰিকাই ৪০টা স্বৰ্ণ, ৪৪টা ৰূপ আৰু ৪২টা ব্ৰঞ্জৰ পদকসহ মুঠ ১২৬টা পদক লাভ কৰি পদক তালিকাত শ্ৰেষ্ঠত্ব অৰ্জন কৰে। ইফালে চীনে ৪০টা সোণ, ২৭টা ৰূপ আৰু ২৪টা ব্ৰঞ্জকে ধৰি মুঠ ৯১টা পদকেৰে পদক তালিকাৰ দ্বিতীয় স্থানত থাকে। আনহাতে ভাৰতে এটা ৰূপ আৰু পাঁচটা ব্ৰঞ্জৰ পদকেৰে তালিকাত ৭১ সংখ্যক স্থান লাভ কৰে। পেৰিছলৈ ভাৰতে ১১৭ জনীয়া এটা দল প্ৰেৰণ কৰিছিল। বিগত সংস্কৰণৰ টকিঅ’ অলিম্পিকতকৈ ভাৰতে এইবাৰ অধিক পদক লাভ কৰাৰ আশা কৰাৰ হৈছিল যদিও ৬টা পদকেৰে অভিযান সামৰে ভাৰতীয় দলে। চাওঁ আহক পেৰিছত পদক জয়ী ভাৰতীয় খেলুৱৈ আৰু তেওঁলোকৰ ইভেণ্টসমূহ।

1 / 6

2 / 6

3 / 6

4 / 6

5 / 6

6 / 6