চেম্পিয়নছ ট্ৰফীৰ ল’গ’ৰ পৰা কিয় নোহোৱা হ’ল আয়োজক পাকিস্তানৰ নাম? ICC প্ৰকাশ কৰিলে ডাঙৰ কাৰণ..
Champions Trophy 2025: এতিয়ালৈ চেম্পিয়নছ ট্ৰফী ২০২৫ত মাত্ৰ ২খন মেচহে অনুষ্ঠিত হৈছে। কিন্তু প্ৰথম দুখন মেচত দুখন বেলেগ বেলেগ ফটো দেখা পোৱাৰ লৈ এতিয়া প্ৰতিযোগিতাখন সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ হ’ল কাৰণ ভাৰত-বাংলাদেশৰ খেলৰ সময়ত চেম্পিয়নছ ট্ৰফীৰ ল’গ’ত পাকিস্তানৰ নাম অন্তৰ্ধান হোৱা দেখা গৈছিল। এই সন্দৰ্ভত আইচিচিয়ে কি কয় সবিশেষ এই প্ৰতিবেদনত জানো আহক...
চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ল’গ’ৰ পৰা পাকিস্তানৰ নাম আঁতৰোৱা হৈছে নেকি? পাকিস্তানৰ নাম আৰু দেখা নাযাব নেকি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ল’গ’ত? এই প্ৰশ্নৰ কাৰণ হ’ল ভাৰত-বাংলাদেশৰ খেলৰ সময়ত এই ঘটনা হৈছিল। এই মেচখনৰ লাইভ টেলিকাষ্টৰ সময়ত পৰ্দাত চেম্পিয়নছ ট্ৰফীৰ ল’গ’ আছিল যদিও আয়োজক দেশ পাকিস্তানৰ নাম নাছিল। কিন্তু কৰাচীত অনুষ্ঠিত পাকিস্তান আৰু নিউজিলেণ্ডৰ প্ৰথমখন মেচ হোৱাৰ সময়ত ল’গ’ তপাকিস্তানৰ নাম দেখা গৈছিল। সেই মেচ সম্প্ৰচাৰৰ সময়ত গোটেই সময়খিনি ল’গ’ৰ সৈতে পাকিস্তানৰ নামো পৰ্দাত আছিল। প্ৰতিযোগিতাখনৰ প্ৰথম দুখন মেচত সংঘটিত হোৱা এই ঘটনাই সৃষ্টি কৰিছে বিতৰ্কৰ। প্রশ্ন হ’ল ডুবাই বা ভাৰতৰ যিবোৰ মেচ অনুষ্ঠিত হ’ব, সেইবোৰ মেচত চেম্পিয়নছ ট্রফীৰ ল’গ’ৰ লগতে পাকিস্তানৰ নাম নাথাকিব নেকি? এই বিষয়ত আইচিচিৰ স্থিতি কি?
ল’গ’ত নাই পাকিস্তানৰ নাম, কি ক’লে আইচিচিয়ে?
এতিয়া ভাৰত-বাংলাদেশৰ খেলখনত চেম্পিয়নছ ট্ৰফীৰ ল’গ’ লৈ পাকিস্তানৰ নাম নথকাৰ বিতৰ্কিত বিষয়টোক লৈ স্পষ্টীকৰণ দিছে আইচিচিয়ে । ক্ৰিকেটৰ এপেক্স বডিয়ে ইয়াক কাৰিকৰী ত্ৰুটি বুলি অভিহিত কৰিছে। আইচিচিৰ মুখপাত্ৰই কয় যে কাৰিকৰী সমস্যাৰ বাবে ভাৰত-বাংলাদেশৰ খেলৰ সময়ত ল’গ’ত পাকিস্তানৰ নাম নোহোৱা হৈছিল। লগতে তেওঁ আশ্বাস দিয়ে যে ডুবাইত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী সকলো খেলতে ল’গ’ত পাকিস্তানৰ নাম দেখা যাব। ভাৰত-বাংলাদেশৰ খেলৰ সময়ত চেম্পিয়নছ ট্ৰফীৰ ল’গ’ত পাকিস্তানৰ নাম নথকাটো গ্ৰাফিক্স সম্পৰ্কীয় সমস্যা বুলি অভিহিত কৰে আইচিচিয়ে। লগতে কয় যে পৰৱৰ্তী মেচৰ পূৰ্বে ইয়াক মেৰামতি কৰা হ’ব।
কেতিয়াবা যদি ল’গ’ আৰু কেতিয়াবা জাৰ্চি… পাকিস্তানৰ নামক লৈ বিতৰ্ক!
চেম্পিয়নছ ট্ৰফীৰ ল’গ’ত পাকিস্তানৰ নাম নথকাৰ কাণ্ডটোৱেও গুৰুত্ব লাভ কৰিছিল কাৰণ কিছুদিনৰ আগতে ভাৰতীয় দলৰ জাৰ্চিতো পাকিস্তানৰ নাম নথকাৰ বাবে বিতৰ্কৰ সৃষ্টি হৈছিল। কিন্তু প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বেই স্পষ্ট হৈ পৰিছিল যে জাৰ্চিত আয়োজক পাকিস্তানৰ নাম লৈ টিম ইণ্ডিয়াই খেলপথাৰত নামিব। অৰ্থাৎ চেম্পিয়নছ ট্ৰফীৰ ল’গ’ৰ লগতে জাৰ্চিত পাকিস্তানৰ নাম লিখা থাকিব।