শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শেষবাৰৰ বাবে IPL খেলিব ধোনীয়ে! ২৫ মে’ত অন্ত পৰিব নেকি ক্ৰিকেট যাত্ৰাৰ?

IPL 2025 ত এম এছ ধোনীয়ে ভাল প্ৰদৰ্শন দেখাব পৰা নাই । ইয়াৰ বাহিৰেও তেওঁৰ স্বাস্থ্যক লৈ ডাঙৰ সমস্যা সৃষ্টি হৈছে। এনে ক্ষেত্ৰত চলিত ছিজনৰ পিছতো ধোনীক আই পি এলত দেখা নাযাবও পাৰে।

শেষবাৰৰ বাবে IPL খেলিব ধোনীয়ে! ২৫ মে’ত অন্ত পৰিব নেকি ক্ৰিকেট যাত্ৰাৰ?
শেষবাৰৰ বাবে IPL খেলিব ধোনীয়ে
barasha-misra
Barasha Misra | Updated On: 25 May 2025 10:15 AM

টিম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ২০১৯ চনৰ পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। কিন্তু তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত খেলি আছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁক বহুবাৰ সোধা হৈছিল যে, তেওঁ কেতিয়া আই পি এলৰ পৰা অৱসৰ ল’ব। কিন্তু ইয়াৰ প্ৰত্যক্ষ উত্তৰ কেতিয়াও দিয়া নাছিল। ২০২৩ আৰু ২০২৪ ছিজনত অনুৰাগীয়ে ভাবিছিল যে, তেওঁ আই পি এলৰ পৰাও বিদায় ল’ব কিন্তু তেনে নহ’ল। এইবাৰ এনেকুৱা লাগিছে যে, আই পি এল ২০২৫ৰ সৈতে তেওঁৰ কেৰিয়াৰৰ অন্ত পৰিব। অহা ২৫ মে’ত আহমেদাবাদত গুজৰাট টাইটানছৰ বিৰুদ্ধে আই পি এলৰ অন্তিমখন খেল খেলিব পাৰে ধোনীয়ে।

‘ধোনীয়ে শেষৰখন খেলত জয়ী হ’ব বিচাৰিছে’

ভাৰতীয় প্ৰাক্তন খেলুৱৈ মহম্মদ কাইফে ২৫ মে’ত গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখন উৎসৱৰ দৰে উদযাপন কৰিবলৈ অনুৰাগীসকলক আহ্বান জনাইছে। তেওঁৰ মতে, এম এছ ধোনীয়ে অধিনায়ক আৰু খেলুৱৈ হিচাপে শেষবাৰৰ বাবে খেলপথাৰত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে। এই মেচখন চেন্নাই ছুপাৰ কিংছৰ বাবে এই ছিজনৰ অন্তিমখন মেচ। কাইফে কয় যে, “অনুৰাগীয়ে CSK আৰু GT ৰ মাজৰ মেচখন উৎসৱৰ দৰে উদযাপন কৰা উচিত। এইখন ধোনীৰ শেষ মেচ হ’ব পাৰে। তেওঁ অধিনায়ক আৰু খেলুৱৈ হিচাপে শেষবাৰৰ বাবে খেলপথাৰত নামিব। তেওঁক মৰম দিয়ক আৰু ষ্টেডিয়ামখন সৰিয়হৰ দৰে হালধীয়া কৰক।”

কাইফে আৰু কয় যে, “তেওঁ শেষৰখন মেচত জয়ী হ’ব বিচাৰে। CSK ধোনীৰ আৰু ধোনী CSK ৰ। ৮ মাহ ক্ৰিকেটৰ পৰা আঁতৰি থকাৰ পিছত ৩ মাহ খেলাটো কঠিন। এই বছৰ ধোনীয়ে এই কথা বুজি পাইছে।” অৱশ্যে ধোনীয়ে এনে কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই। ছিজনৰ আৰম্ভণিতে কিছুমান সাক্ষাৎকাৰত তেওঁ কয় যে অহা বছৰৰ ভিতৰত তেওঁৰ শৰীৰটো কেনেকুৱা হ’ব সেয়া চাব। তেতিয়াহে তেওঁ খেলিব নে নাই সেইটো সিদ্ধান্ত ল’ব। কিন্তু এতিয়া কিছুমান ঘটনাই তেওঁৰ অৱসৰৰ দিশলৈ আঙুলিয়াই দিছে।