LSG vs RCB Live Score, IPL 2025: অথলে গ’ল পণ্টৰ দুৰন্ত শতকঃ অধিনায়কোচিত বেটিঙেৰে জিতেশে আৰচিবিক দিলে উপহাৰ
অন্ত পৰিল আই পি এল ২০২৫ৰ লীগ পৰ্যায়। আজি লীগৰ অন্তিমখন মেচত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে অধিনায়ক জিতেশ শৰ্মাৰ দুৰন্ত বেটিঙৰ সহায়েৰে লক্ষ্ণৌ চুপাৰ জায়েণ্টছক ৬ উইকেটত পৰাস্ত কৰে আৰু প্ৰতিযোগিতাৰ প্ৰথম কোৱালিফায়াৰত স্থান নিশ্চিত কৰে।

আই পি এল ২০২৫ৰ আজি অন্তিমখন লীগ মেচ। এই অন্তিমখন লীগ মেচত আজি মুখামুখি হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছ। ঘৰুৱা খেলপথাৰ একানাত আজি এই মেচখন খেলিব লক্ষ্ণৌৱে। উল্লেখ্য যে ইতিমধ্যে ঋষভ পণ্ট নেতৃত্বাধীন দলটোৱে প্ৰতিযোগিতাত নিজৰ অভিযান সামৰিছে। গতিকে আজিৰ মেচত জয়ী হ’লেও বিশেষ লাভ নহ’ব দলটোৰ। আনহাতে আৰচিবিৰ বাবে আজিৰ মেচত জয়ৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। এইপৰ্যন্ত পইণ্ট তালিকাত তৃতীয় স্থানত আছে আৰচিবি। প্লে’ অফত স্থান নিশ্চিত কৰাৰ পিছত আজি দলটোৱে প্ৰথম কোৱালিফায়াৰত স্থান দখলৰ লক্ষ্য ল’ব। আজিৰ মেচত জয়ী হ’লেই আৰচিবি পইণ্ট তালিকাৰ শীৰ্ষস্থানত উপনীত হ’ব আৰু ইয়াৰ লগে লগে দলটোৱে প্ৰথমখন কোৱালিফায়াৰত খেলাৰ সুযোগ লাভ কৰিব।
LIVE NEWS & UPDATES
-
৬ উইকেটত জয়ী আৰচিবি
অধিনায়ক জিতেশ শৰ্মাৰ মাৰমুখী বেটিঙৰ সহায়ত ৬ উইকেটত সহজ বিজয় সাব্যস্ত কৰিছে। অধিনায়কোচিত ইনিংছ খেলি জিতেশে মাত্ৰ টা বলতে টা চাৰি আৰু টা ছয়েৰে ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। তেওঁৰ বেটৰ পৰাই আহে মেচ বিজয়ী এটা বৃহৎ ছয়। এইদৰে আৰচিবিয়ে পইণ্ট তালিকাৰ শীৰ্ষস্থান দখল কৰে আৰু প্ৰথম কোৱালিফায়াৰত স্থান নিশ্চিত কৰে। প্ৰথম কোৱালিফায়াৰত আৰচিবি সন্মুখীন হ’ব পঞ্জাৱ কিংছৰ। ইফালে অধিনায়ক পণ্টৰ শতকৰ পিছতো আজি পৰাজয়েৰে ছিজন সামৰিবলগা হয় লক্ষ্ণৌ চুপাৰ জায়েণ্টছ।
-
জয়ৰ দিশে আৰচিবি
অধিনায়ক জিতেশ শৰ্মাই কেৰিয়াৰ শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে আৰচিবিক জয়ৰ দুৱাৰডলিত উপস্থিত কৰাইছে। ইনিংছৰ ১৮ সংখ্যক অভাৰত জিতেশে দুটা চাৰি আৰু দুটা ছয়েৰে জয় প্ৰায় নিশ্চিত কৰি তুলিছে।
-
জিতেশক ৰক্ষা কৰি ন’ বলে, অৰ্ধশতক সম্পূৰ্ণ
দিগৱেশৰ বলত বাডনিৰ হাতত কেচ তুলি দিছিল দিগৱেশে। পিছে থাৰ্ড আম্পায়াৰে সেই বলটো ন’ বল ঘোষণা কৰে আৰু ইয়াৰ পিছতে ফ্ৰী হিট বলত এটা বৃহৎ ছয় কোবাই জিতেশে অৰ্ধশতক সম্পূৰ্ণ কৰে।
-
জিতেশৰ আক্ৰমণ
আৰচিবিৰ স্থিতি শক্তিশালী কৰি তুলিছে অধিনায়ক জিতেশ শৰ্মাই। আক্ৰমণাত্মক বেটিঙেৰে জিতেশে মাত্ৰ ১৪টা বলতে সংগ্ৰহ কৰিছে ৩৮ ৰান।
-
কোহলীৰ বিদায়
বাংগালুৰুৱে হেৰুৱাইছে বিৰাট কোহলীৰ গুৰুত্বপূৰ্ণ উইকেট। আভেশ খানে হানিছে বাংগালুৰুৰ শিবিৰত এই গুৰুতৰ আঘাত। কোহলীয়ে ৩০টা বলত ১০টা চাৰিৰে ৫৪ ৰান সংগ্ৰহ কৰে।
-
কোহলীৰ অৰ্ধশতক
লক্ষ্য অনুসৰণত সদা সফল বিৰাট কোহলীয়ে আৰচিবিক পুনৰ দেখুৱাইছে আশা। আক্ৰমণাত্মক শৈলী অব্যাহত ৰাখি কোহলীয়ে মাত্ৰ ২৭টা বলতে নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰিছে। চলিত ছিজনত এয়া তেওঁৰ অষ্টমটো অৰ্ধশতক।
-
আহিয়েই উভতিল লিভিংষ্ট’ন
একেলগে দুটা বলত দুটা উইকেট দখল কৰিছে অ’ৰ’ৰ্কেই। পাটিদাৰৰ পিছত লিভিংষ্ট’নেও ক্ৰীজলৈ আহি প্ৰথমটো বলতে পুনৰ পেভিলিয়নলৈ উভতিছে।
-
ইম্পেক্ট নপৰিল পাটিদাৰৰ
ইম্পেক্ট চাবৰ ৰূপত ক্ৰীজলৈ আহিছিল নিয়মীয়া অধিনায়ক ৰজত পাটিদাৰ। পিছে মাত্ৰ ১৪ ৰান সংগ্ৰহ কৰিয়েই তেওঁ ক্ৰীজ এৰিব লগা হয়। তেওঁৰ উইকেট দখল কৰে অ’ৰ’ৰ্কেই।
-
ছল্টৰ বিদায়
সফল আৰম্ভণিৰ পিছত প্ৰথমটো উইকেট হেৰুৱাইছে আৰচিবিয়ে। ফিল ছল্টক বিদায় দিছে আকাশ সিঙে। ছল্টে ৬টা চাৰিৰ সহায়ত ১৯টা বলত ৩০ ৰান সংগ্ৰহ কৰি বিদায় লয়।
-
স্ক’ৰব’ৰ্ডত অৰ্ধশতক
আক্ৰমণাত্মক আৰম্ভণি ঘটাইছে আৰচিবিয়ে। মাত্ৰ ৪ অভাৰতে দলটোৱে সম্পূৰ্ণ কৰিছে ৫০ ৰান। অপেনাৰদ্বয় কোহলী আৰু ছল্টে লক্ষ্ণৌৰ বলিং আক্ৰমণক হেলাৰঙে পৰাভূত কৰি বাউণ্ডেৰীৰ লহৰ তুলিছে।
-
কোহলীৰ বাউণ্ডেৰীৰ হেট্ৰিক
বিস্ফোৰক আৰম্ভণি ঘটাইছে বিৰাট কোহলীয়ে। উইলিয়াম অ’ৰ’ৰ্কেই কৰা ইনিংছৰ দ্বিতীয় অভাৰত কোহলীয়ে একেলগে তিনিটা বলত তিনিটা চাৰি কোবাইছে।
-
প্ৰথম বলতে চাৰি
বৃহৎ লক্ষ্য অনুসৰণ কৰি বাউণ্ডেৰীৰে ইনিংছ আৰম্ব কৰিছে আৰচিবিয়ে। আকাশ সিঙে কৰা ইনিংছৰ প্ৰথমটো বলতে ছল্টে কোবাইছে এটা চাৰি।
-
আৰচিবিৰ সমখত ২২৮ ৰানৰ লক্ষ্য
পণ্টৰ অপৰাজিত শতকৰ লগতে মিচেল মাৰ্শ্বৰ অৰ্ধশতকৰ সহায়ত লক্ষ্ণৌৱে সংগ্ৰহ কৰিছে ২২৭ ৰান। এইদৰে আৰচিবিয়ে মেচখনত জয়ী হ’বলৈ ২২৮ ৰানৰ লক্ষ্য লাভ কৰিছে।
-
পুৰাণৰ বিদায়
ইনিংছৰ অন্তিম অভাৰৰ পঞ্চম বলত আউট হৈছে নিকোলাচ পুৰাণ। শ্বেফাৰ্ডে বিদায় দিছে বিস্ফোৰক বেটাৰগৰাকীক। পুৰাণে সংগ্ৰহ কৰে ১০ বলত ১৩ ৰান।
-
শতক অৰ্জন পণ্টৰ
অৱশেষত সমালোচনাৰ প্ৰত্যুত্তৰ দি শতকেৰে উজলিল ঋষভ পণ্ট। মাত্ৰ ৫৪ টা বলত ১০টা চাৰি আৰু ৬তা ছয়েৰে পণ্টে সম্পূৰ্ণ কৰে শতক। এই বিশেষ ইনিংছৰ পিছতে এক বিশেষ ধৰণে শতক উদযাপন কৰা দেখা গ’ল পণ্টক। লক্ষণীয়ভাৱে তেওঁৰ শতকৰ সমান্তৰালকৈ লক্ষ্ণৌৰ ইনিংছত দ্বিশতকো সম্পূৰ্ণ হৈছে।
-
বিদায় ল’লে মাৰ্শ্বে
অৱশেষত আৰচিবিৰ শিবিৰত কিছু সকাহ। মিচেল মাৰ্শ্বক বিদায় দি ভুৱনেশ্বৰে দলক দিছে দ্বিতীয় সফলতা। মাৰ্শ্বে ৩৭টা বলত ৪টা চাৰি আৰু ৫টা ছয়েৰে ৬৭ ৰান সংগ্ৰহ কৰি বিদায় লয়।
-
মাৰ্শ্বৰো অৰ্ধশতক
ছিজনত দুৰন্ত প্ৰদৰ্শন অব্যাহত আছে মিচেল মাৰ্শ্বৰ। আক্ৰমণাত্মক বেটিঙেৰে আজি আন এক অৰ্ধশতক অৰ্জন কৰিছে মাৰ্শ্বে। এটা বৃহৎ ছয়েৰে মাৰ্শ্বে ৩১টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে।
-
পণ্টৰ অৰ্ধশতক
ছিজনত হতাশাজনক প্ৰদৰ্শনেৰে চূড়ান্ত ৰূপত ব্যৰ্থ হোৱা ঋষভ পণ্টে আজি অন্তিম মেচত দাঙি ধৰিছে স্বভাৱসিদ্ধ প্ৰদৰ্শন। আক্ৰমণাত্মক বেটিঙেৰে তেওঁ ২৯টা বলত সম্পূৰ্ণ কৰে নিজৰ অৰ্ধশতক। পণ্টে এটা চাৰি কোবাই নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰাৰ লগতে দলকো শতকৰ সীমা স্পৰ্শ কৰায়।
-
স্ক’ৰবৰ্ডত ৫০ ৰান
আৰম্ভণিতেই উইকেট হেৰুৱালেও আক্ৰমণাত্মক শৈলী অব্যাহত ৰাখিছে লক্ষ্ণৌৱে। দলটোৱে ৫.৪ অভাৰত ৫০ ৰানৰ সীমা স্পৰ্শ কৰে। দলৰ এই গতিত অধিনায়ক পণ্টৰ বেটিং লক্ষণীয় হৈ পৰিছে।
-
ব্ৰিট্জকে ব্যৰ্থ
আই পি এল অভিষেক সুখকৰ নহ’ল মেথিউ নহ’ল ব্ৰিট্জকেৰ। নুৱান তুষাৰাৰ এক ঘাতক বলে উফৰাই দিয়ে ব্ৰিট্জকেৰ ষ্টাম্প। ১২টা বলত ১৪ ৰান সংগ্ৰহ কৰি আউট হয় ব্ৰিট্জকে।
-
মাৰ্শ্বৰ নতুন সংগী
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ প্ৰস্তুতিৰ বাবে স্বদেশলৈ উভতিছে এইডেন মাৰ্ক্ৰাম। সেয়ে লক্ষ্ণৌৰ অপেনিঙত আজি মিচেল মাৰ্শ্বৰ সৈতে দেখা গৈছে মেথিউ ব্ৰিট্জকেক।
-
লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ মূল একাদশ
লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ মূল একাদশ হ’ব এনেধৰণৰ- মিচেল মাৰ্শ্ব, মেথিউ ব্ৰিট্জকে, নিকোলাছ পুৰাণ, ঋষভ পণ্ট (অধিনায়ক), আয়ুস বাডনি, আব্দুল ছামাদ, হিম্মত সিং, শ্বাহবাজ আহমেদ, দিগবেশ সিং ৰাথী, আভেশ খান, উইলিয়াম অ’ৰ’ৰ্কে। আনহাতে ইম্পেক্ট চাবৰ তালিকাত আছে আকাশ মহাৰাজ সিং, ৰাজকুমাৰ যাদৱ, ৰবি বিষ্ণৈ, আৰ্শীন কুলকাৰ্ণী, যুৱৰাজ চৌধুৰীৰ নাম।
-
ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মূল একাদশ
ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মূল একাদশত আজি দেখা যাব ফিল ছল্ট, বিৰাট কোহলী, মায়াংক আগৰৱাল, ৰজত পাটিদাৰ, লিয়াম লিভিংষ্ট’ন, জিতেশ শৰ্মা (অধিনায়ক), ৰোমাৰিঅ’ শ্বেফাৰ্ড, ক্ৰুনাল পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ, যশ দয়াল আৰু নুৱান তুছাৰাক। আনহাতে ইম্পেক্ট চাবৰ তালিকাত আছে সুয়শ শৰ্মা, ৰশিখ চালাম, মনোজ ভাণ্ডাগে, টিম শ্বেফাৰ্ট, স্বপ্নীল সিঙৰ নাম।
-
প্ৰথমে বলিং কৰিব আৰচিবিয়ে
পুনৰ এবাৰ আৰচিবিৰ অধিনায়ক হিচাপে দেখা যাব জিতেশ শৰ্মাক। ইতিমধ্যে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে জিতেশে।
Published On - May 27,2025 7:03 PM