শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

LSG vs GT Live Score, IPL 2025: অন্ত পৰিল গুজৰাটৰ অপ্ৰতিৰোধ্য দৌৰঃ ঘৰৰ মাটিত পণ্ট বাহিনীয়ে উৰুৱালে বিজয় ধ্বজা

Lucknow Super Giants vs Gujarat Titans Live Score in Assamese: ক্ৰমাগত চাৰিখন মেচত জয়েৰে দুৰন্ত গতি অব্যাহত ৰখা গুজৰাট টাইটানছৰ অপ্ৰতিৰোধ্য ধাৰা অৱশেষত থমকি ৰ’ল একানাত। লক্ষ্ণৌ চুপাৰ জায়েণ্টছে আজি চমকপ্ৰদ প্ৰদৰ্শনেৰে ঘৰৰ মাটিত গিল বাহিনীক সহজে ৬ উইকেটত পৰাস্ত কৰিছে।

Monjit Dutta
Monjit Dutta | Updated On: 12 Apr 2025 19:40 PM
LSG vs GT Live Score, IPL 2025: অন্ত পৰিল গুজৰাটৰ অপ্ৰতিৰোধ্য দৌৰঃ ঘৰৰ মাটিত পণ্ট বাহিনীয়ে উৰুৱালে বিজয় ধ্বজা
আই পি এলত আজি গুজৰাট বনাম লক্ষ্ণৌৰ মেচ

আই পি এল ২০২৫ত আজি দেখিবলৈ পোৱা যাব দুখন মেচ। ইয়াৰে প্ৰথমখন মেচত আজি প্ৰতিদ্বন্দিতা আগবঢ়াব গুজৰাট টাইটানছ আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছে। লক্ষ্ণৌৰ ঘৰুৱা খেলপথাৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচখন। চলিত ছিজনত গুজৰাটে নিজৰ প্ৰথমখন মেচত পৰাজয়ৰ সন্মুখীন হৈছিল যদিও তাৰ পিছতে দুৰন্ত প্ৰত্যাৱৰ্তন ঘটাই একেলেথাৰিয়ে চাৰিখন মেচত জয়লাভ কৰিছে আৰু পইণ্ট তালিকাৰ প্ৰথম স্থানত উপনীত হৈছে। আনহাতে লক্ষ্ণৌৱে তিনিখনত জয় আৰু দুখনত পৰাজয়ৰ সূত্ৰ অৱস্থান কৰিছে পইণ্ট তালিকাৰ ষষ্ঠ স্থানত। দলটোৱে শেহতীয়া দুয়োখন মেচতে জয়ৰ মুখ দেখিছে। গতিকে আজি একানাত কোনটো দলে জয়ৰ ধাৰা অব্যাহত ৰাখিব পাৰে, সেয়া হ’ব লক্ষণীয়।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 12 Apr 2025 07:34 PM (IST)

    ৬ উইকেটত জয়লাভ লক্ষ্ণৌৰ

    একানাত আজি জয়ৰ অপ্ৰতিৰোধ্য ধাৰাৰ অন্ত পৰিল গুজৰাট টাইটানছৰ। মেচৰ প্ৰাৰম্ভিক অৱস্থাত পিছ পৰি থাকিলেও দুৰন্ত প্ৰত্যাৱৰ্তনেৰে লক্ষ্ণৌ চুপাৰ জায়েণ্টছে আজি গুজৰাটক ৬ উইকেটক সহজে পৰাস্ত কৰে। লক্ষণীয়ভাৱে লক্ষ্ণৌৰ এয়া ক্ৰমাগত তৃতীয় আৰু সামগ্ৰিকভাৱে চতুৰ্থ বিজয়।

  • 12 Apr 2025 07:25 PM (IST)

    লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ জয়

    ৬ উইকেটত জয়লাভ লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ। ৬ খন মেচত লক্ষ্ণৌৰ এয়া চতুৰ্থটো জয়।

  • 12 Apr 2025 07:19 PM (IST)

    উইকেট হেৰুৱালে মিলাৰে

    আন এটা উইকেট হেৰুৱালে লক্ষ্ণৌৱে। পেভিলিয়নমুখী  ডেভিদ মিলাৰে।

  • 12 Apr 2025 07:05 PM (IST)

    পেভিলিয়নমুখী পুৰাণ

    নিকোলাচ পুৰাণৰ বিস্ফোৰক বেটিঙৰ অন্ত। ৬১ ৰান সংগ্ৰহ কৰি আউট পুৰাণ।

  • 12 Apr 2025 06:50 PM (IST)

    পুৰাণৰো অৰ্ধশতক

    আন এক অৰ্ধশতক পূৰ কৰিছে নিকোলাচ পুৰাণে। গুজৰাটৰ বলিং আক্ৰমণ দিশহাৰা কৰি তুলি পুৰাণে মাত্ৰ ২৩টা বলতে ৬টা চাৰি আৰু এটা ছয়েৰে অৰ্ধশতক সম্পূৰ্ণ কৰে।

  • 12 Apr 2025 06:42 PM (IST)

    মাৰ্ক্ৰামক বিদায় দিলে প্ৰসিধে

    ৫৮ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলি প্ৰসিধ কৃষ্ণৰ বলত বিদায় লৈছে এইডেন মাৰ্ক্ৰামে। মাত্ৰ ৩১টা বলত ৯টা চাৰি আৰু এটা ছয়েৰে মাৰ্ক্ৰামে নিজৰ ইনিংছটো সজায়।

  • 12 Apr 2025 06:34 PM (IST)

    মাৰ্ক্ৰামৰ অৰ্ধশতক সম্পূৰ্ণ

    পণ্টৰ উইকেট পতন হ’লেও বিস্ফোৰক বেটিং অব্যাহত ৰাখিছে এইডেন মাৰ্ক্ৰামে। মাত্ৰ ২৬টা বলত ৮টা চাৰি আৰু এটা ছয়েৰে তেওঁ নিজৰ অৰ্ধশতক পূৰ কৰিছে।

  • 12 Apr 2025 06:17 PM (IST)

    ব্যৰ্থ হ’ল পণ্ট

    মিডল অৰ্ডাৰত ধাৰাবাহিকভাৱে ব্যৰ্থ হোৱাৰ পিছত আজি অপেনাৰৰ ভূমিকাত ক্ৰীজলৈ আহিছিল পণ্ট। কিন্তু অপেনাৰ হিচাপেও পণ্টে বিশেষ সফলতা লাভ নকৰিল। ১৮টা বলত ২১ ৰান সংগ্ৰহ কৰি পণ্টে প্ৰসিধ কৃষ্ণৰ বলত বিদায় লয়।

  • 12 Apr 2025 05:59 PM (IST)

    চিৰাজৰ খৰচী অভাৰ, পণ্টৰ জীৱনদান

    নিজ স্পেলৰ প্ৰথম অভাৰত মাত্ৰ ৬ ৰান ব্যয় কৰিলেও দ্বিতীয়টো অভাৰত ২০ ৰান খৰচ কৰিছে মহম্মদ চিৰাজে। অভাৰটোত মাৰ্ক্ৰাম আৰু পণ্টে তিনিটা চাৰি কোবোৱাৰ লগতে এটা ৱাইড বলত অতিৰিক্ত চাৰি ৰান আহে চিৰাজৰ বলত। লক্ষণীয়ভাৱে অভাৰটোৰ অন্তিম দুটা বলত বাটলাৰে পণ্টৰ দুটা কেচৰ সুযোগ লাভ কৰিছিল যদিও ব্যৰ্থ হয়।

  • 12 Apr 2025 05:38 PM (IST)

    অপেনাৰৰ ভূমিকাত পণ্ট

    মিছেল মাৰ্শ্বৰ অনুপস্থিতিত এক নতুন দায়িত্বত দেখা গৈছে ঋষভ পণ্টক। মাৰ্ক্ৰামৰ সৈতে দলৰ ইনিংছ মুকলি কৰিবলৈ আহিছে পণ্ট। এইদৰে ২০১৬ চনৰ আই পি এলৰ পিছত পণ্টক দেখা গৈছে অপেনাৰৰ ভূমিকাত।

  • 12 Apr 2025 05:25 PM (IST)

    গুজৰাটৰ সংগ্ৰহ ১৮০ ৰান

    দুই অপেনাৰ গিল আৰু সুদৰ্শনে মাত্ৰ ১২.১ অভাৰতে ১২০ ৰানৰ যুটি বান্ধি শক্তিশালী আৰম্ভণি প্ৰদান কৰিলেও সামৰণি অত্যন্ত দুৰ্বল হৈ পৰিল গুজৰাটৰ। অন্তিম ৮ অভাৰত গুজৰাটে মাত্ৰ ৮০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু এইদৰে লক্ষ্ণৌৰ সমুখত ১৮১ ৰানৰ লক্ষ্য থিয় কৰাইছে।

  • 12 Apr 2025 05:20 PM (IST)

    শ্বাৰ্দুলৰ দুই উইকেট

    ইনিংছৰ অন্তিম অভাৰত একেলেথাৰিয়ে দুই বলত দুই উইকেট দখল কৰিছে শ্বাৰ্দুল ঠাকুৰে। অভাৰৰ তৃতীয় বলত ৰাডাৰফৰ্ডৰ উইকেট দখল কৰাৰ পিছত ক্ৰীজলৈ অহা ৰাহুল তেৱাটিয়াকো পৰৱৰ্তী বলত বিদায় দিয়ে শ্বাৰ্দুলে।

  • 12 Apr 2025 04:59 PM (IST)

    বাটলাৰক বিদায় দিলে দিগৱেশে

    নিজ স্পেলৰ আৰম্ভণিতে ছামাদৰ ভুলৰ বাবে উইকেট দখলৰ পৰা বঞ্চিত হোৱাৰ পিছত অন্তিমটো অভাৰৰ দ্বিতীয় বলতো ঋষভ পণ্টৰ ভুলৰ বাবে পুনৰ এবাৰ উইকেট দখলৰ সুযোগ হেৰুৱাইছিল দিগৱেশে। অৱশ্যে চতুৰ্থটো বলত বাটলাৰে তুলি দিয়া কেচ শ্বাৰ্দুল ঠাকুৰে দৰ্শনীয়ভাৱে আয়ত্ব কৰি দিগৱেশক উইকেটৰ সোৱাদ দিয়ে।

  • 12 Apr 2025 04:45 PM (IST)

    বিষ্ণৈৰ হাতলৈ আন এটা উইকেট

    অভাৰৰ প্ৰথম বলত সুদৰ্শনৰ উইকেট দখল কৰাৰ পিছত অন্তিম বলত ৱাশ্বিংটন সুন্দৰকো বিদায় দিছে ৰবি বিষ্ণৈয়ে। বিগত মেচখনত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা সুন্দৰে আজি মাত্ৰ ২ ৰানহে সংগ্ৰহ কৰে।

  • 12 Apr 2025 04:42 PM (IST)

    অন্ত পৰিল সুদৰ্শনৰ ইনিংছ

    ছিজনৰ চতুৰ্থটো শতক অৰ্জনেৰে গুজৰাটক পুনৰ এবাৰ সবল স্থিতি প্ৰদান কৰাৰ পিছত বিদায় লৈছে ছাই সুদৰ্শনে। ৰবি বিষ্ণৈৰ বলত পুৰাণৰ হাতত কেচ তুলি দিয়াৰ পূৰ্বে সুদৰ্শনে খেলে ৫৬ ৰানৰ এক দৰ্শনীয় ইনিংছ।

  • 12 Apr 2025 04:33 PM (IST)

    গিলক বিদায় দিলে আভেশে

    দলক এক শক্তিশালী আৰম্ভণি প্ৰদান কৰাৰ পিছত অৱশেষত ৰানৰ গতি খৰতকীয়া কৰাৰ চেষ্টাত বিদায় লৈছে অধিনায়ক শুভমন গিলে। আভেশ খানৰ বলত গিলে তুলি দিয়া এটা শ্বট বাউণ্ডেৰীৰ সমীপত আয়ত্ব কৰে মাৰ্ক্ৰামে। অধিনায়কোচিত বেটিঙেৰে ৩৮টা বলত ৬০ ৰানৰ বৰঙণি আগবঢ়ায় গিলে।

  • 12 Apr 2025 04:26 PM (IST)

    জীৱনদানৰ পিছতে সুদৰ্শনৰ অৰ্ধশতক

    চমকপ্ৰদ ফৰ্মত থকা ছাই সুদৰ্শনে পুনৰ এবাৰ অৰ্জন কৰিছে অৰ্ধশতক। অৱশ্যে ব্যক্তিগত ৪৬ ৰানৰ স্ক’ৰত তেওঁ দিগৱেশ ৰাঠীৰ বলত আব্দুল ছামাদে এক সহজ কেচ ড্ৰপ কৰাৰ ফলত জীৱনদান পায়। ইয়াৰ পিছতে অভাৰৰ অন্তিম বলত এটা বাউণ্ডেৰী কোবাই ৩২টা বলত অৰ্ধশতক পূৰ কৰে।

  • 12 Apr 2025 04:17 PM (IST)

    অৰ্ধশতক সম্পূৰ্ণ গিলৰ

    অধিনায়কোচিত বেটিঙেৰে দলৰ ইনিংছ আগুৱাই নিছে শুভমন গিলে। ছিজনৰ দ্বিতীয়টো অৰ্ধশকৰ ৰূপত গিলে ৩১টা বলত নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰিছে।

  • 12 Apr 2025 04:12 PM (IST)

    আৰম্ভণি সুখকৰ নহ’ল মাৰ্ক্ৰামৰ

    চলিত ছিজনত প্ৰথমবাৰৰ বাবে বলিং কৰিছে এইডেন মাৰ্ক্ৰামে। পিছে নিজৰ প্ৰথমটো অভাৰতে তেওঁ ১৫ ৰান ব্যয় কৰিব লগা হয় আৰু এইদৰে গুজৰাটে ৮ অভাৰৰ সমাপ্তিত ৮১ ৰান সংগ্ৰহ কৰে।

  • 12 Apr 2025 03:58 PM (IST)

    অৰ্ধশতক সম্পূৰ্ণ গুজৰাটৰ

    দলক পুনৰ এবাৰ সঠিক আৰম্ভণি প্ৰদান কৰিছে ছাই সুদৰ্শন আৰু শুভমন গিলে। দুয়ো ৫.৩ অভাৰত দলৰ স্ক’ৰবৰ্ডত ৫০ ৰান পূৰ কৰায়।

  • 12 Apr 2025 03:50 PM (IST)

    ছাই-গিলৰ ধৈৰ্যশীল আৰম্ভণি

    গুজৰাটৰ বেটিং লাইন আপৰ দুই প্ৰধান হোতা ছাই সুদৰ্শন আৰু শুভমন গিলে পুনৰ এবাৰ দলক প্ৰদান কৰিছে সুদৃঢ় আৰম্ভণি। ধৈৰ্যশীল বেটিঙেৰে দুয়ো ৪ অভাৰত যোগ দিছে ৩৫ ৰান।

  • 12 Apr 2025 03:29 PM (IST)

    দুয়ো দলৰ পূৰ্বৰ ৰেকৰ্ড

    এইপৰ্যন্ত লক্ষ্ণৌ আৰু গুজৰাট পাঁচবাৰ মুখামুখি হৈছে। ইয়াৰ ভিতৰত লক্ষ্ণৌৱে মাত্ৰ এখন মেচতহে জয়লাভ কৰাৰ বিপৰীতে গুজৰাটে চাৰিখন মেচতে বিজয় সাব্যস্ত কৰিছে।

  • 12 Apr 2025 03:26 PM (IST)

    গুজৰাট টাইটানছৰ মূল একাদশ আৰু ইম্পেক্ট চাব

    গুজৰাটৰ মূল একাদশত আছে ছাই সুদৰ্শন, শুভমন গিল (অধিনায়ক), জ’ছ বাটলাৰ, ৱাশ্বিংটন সুন্দৰ, শ্বেৰফানে ৰাডাৰফৰ্ড, শ্বাহৰুখ খান, ৰাহুল তেৱাটিয়া, আৰ্শ্বাদ খান, ৰছিদ খান, ৰবিশ্ৰীনিবাসন ছাই কিশোৰ, মহম্মদ চিৰাজ। আনহাতে ইম্পেক্ট চাবৰ তালিকাত আছে প্ৰসিধ কৃষ্ণ, মহিপাল লোমৰোৰ, নিশান্ত সিন্ধু, অনুজ ৰাৱাট, জয়ন্ত যাদৱ।

  • 12 Apr 2025 03:23 PM (IST)

    লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ মূল একাদশ আৰু ইম্পেক্ট চাব

    লক্ষ্ণৌৰ মূল একাদশত আজি দেখা যাব এইডেন মাৰ্ক্ৰাম, নিকোলাছ পুৰাণ, ঋষভ পণ্ট (অধিনায়ক), হিম্মত সিং, ডেভিড মিলাৰ, আব্দুল চামাদ, শ্বাৰ্দুল ঠাকুৰ, আকাশ দীপ, দিগৱেশ সিং ৰাঠী, আভেশ খান, ৰবি বিষ্ণৈ। আনহাতে ইম্পেক্ট চাবৰ তালিকাত আছে আয়ুস বাডনি, প্ৰিন্স যাদৱ, শ্বাহবাজ আহমেদ, মেথিউ ব্ৰিৎজকে, শ্বামাৰা জোছেফ।

  • 12 Apr 2025 03:10 PM (IST)

    টছত জয়ী হৈ পণ্টৰ বলিঙৰ সিদ্ধান্ত

    ইতিমধ্যে লক্ষ্ণৌৰ অধিনায়ক ঋষভ পণ্ট আৰু গুজৰাটৰ অধিনায়ক শুভমন গিলৰ মাজত টছ হৈ গৈছে। টছত জয়ী হৈ পণ্টে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Published On - Apr 12,2025 3:07 PM