CSK vs LSG Live Score, IPL 2025: একানাত ধোনীৰ চমক, অৱশেষত জয়ৰ সোৱাদ পালে চেন্নায়েঃ ভংগ হ’ল লক্ষ্ণৌৰ জয়ৰ ধাৰা
Chennai Super Kings vs Lucknow Super Giants Live Score in Assamese: পাঁচখনকৈ মেচত ধাৰাবাহিকভাৱে পৰাজয় সহিবলগা হোৱাৰ পিছত অৱশেষত আজি জয়ৰ সোৱাদ পালে চেন্নাই চুপাৰ কিংছে। একানা ষ্টেডিয়ামত অনুষ্ঠিত আজিৰ মেচত চেন্নায়ে ঘৰুৱা দল লক্ষ্ণৌক ৫ উইকেটত পৰাস্ত কৰে।

আই পি এল ২০২৫ৰ আজিৰ মেচত মুখামুখি হ’ব চেন্নাই চুপাৰ কিংছ আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছ। লক্ষ্ণৌৰ ঘৰুৱা খেলপথাৰ একানা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচখন। ছিজনত হতাশাজনক প্ৰদৰ্শনেৰে পইণ্ট তালিকাৰ অন্তিম স্থানত থকা চেন্নাই চুপাৰ কিংছৰ বাবে এই মেচখন হৈ পৰিছে অত্যন্ত গুৰুত্বপূৰ্ণ। জয়েৰে ছিজন আৰম্ভ কৰাৰ পিছত দলটো ক্ৰমাগতভাৱে পাঁচখন মেচত পৰাস্ত হৈছে। মহেন্দ্ৰ সিং ধোনীয়ে পুনৰ এবাৰ অধিনায়কৰ দায়িত্ব লাভ কৰাৰ পিছত দলটোৰ উত্থানৰ আশা কৰা হৈছিল যদিও উক্ত মেচতো পৰাজয় সহিবলগা হৈছিল চেন্নায়ে। গতিকে আজিৰ মেচখনত প্ৰত্যাৱৰ্তনৰ আশা কৰিছে প্ৰতিযোগিতাৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ দলটোৱে।
আনহাতে পৰাজয়েৰে অভিযান আৰম্ভ কৰিলেও শেহতীয়াকৈ দুৰন্ত গতিৰে আগবাঢ়িছে লক্ষ্ণৌ চুপাৰ জায়েণ্টছ। অধিনায়ক পণ্টে আকাংক্ষিত প্ৰদৰ্শন আগবঢ়োৱাত ব্যৰ্থ হ’লেও লক্ষ্ণৌৱে শেহতীয়া তিনিওখন মেচতে জয়লাভ কৰিছে। বিশেষকৈ কেৰিবিয়ান তাৰকা নিকোলাছ পুৰাণ দলৰ এই সফল দৌৰৰ অন্যতন নায়ক হিচাপে বিবেচিত হৈছে। এতিয়া নিজৰ ঘৰুৱা খেলপথাৰত লক্ষ্ণৌৱে জয়ৰ এই ধাৰা অব্যাহত ৰাখিব নে ধোনীৰ চেন্নায়ে পৰাজয়ৰ পথৰ পৰা জয়ৰ দিশলৈ প্ৰত্যাৱৰ্তন ঘটাব, সেয়া হ’ব লক্ষণীয়।
LIVE NEWS & UPDATES
-
চেন্নাইৰ বহু প্ৰতীক্ষিত জয়
আই পি এল ২০২৫ত অৱশেষত অন্ত পৰিল চেন্নাই চুপাৰ কিংছৰ ধাৰাবাহিক ব্যৰ্থতা। চূড়ান্ত হতাশাজনক প্ৰদৰ্শনেৰে ক্ৰমাগত পাঁচখন মেচত পৰাস্ত হোৱাৰ পিছত আজি অৱশেষত জয়ৰ সোৱাদ লাভ কৰিলে মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন দলটোৱে। একানা ষ্টেডিয়ামত আজিৰ মেচত চেন্নায়ে লক্ষ্ণৌক ৫ উইকেটত পৰাস্ত কৰি চলিত ছিজনত নিজৰ দ্বিতীয়টো জয় সাব্যস্ত কৰিছে। অন্তিম সময়ত মাত্ৰ ১১টা বলত ৪টা চাৰি আৰু এটা ছয়েৰে অপৰাজিত ২৬ ৰান সংগ্ৰহ কৰি ধোনী দলৰ এই জয়ৰ অন্যতম নায়ক হৈ পৰে।
-
ধোনীয়ে পালে জীৱনদান
ধাৰাবাহিকভাৱে উইকেট পতন হ’লেও চেন্নাইৰ ইনিংছলৈ স্থিৰতা আনি এতিয়া প্ৰায় জয়ৰ দিশলৈ লৈ গৈছে ডুবে আৰু ধোনীয়ে। জয়ৰ বাবে দলটোক ১২ ৰানৰ প্ৰয়োজন হোৱাৰ সময়তে ধোনীৰ এটা কেচ আয়ত্ব কৰাত বিফল হয় ৰবি বিষ্ণৈ।
-
শংকৰৰ বিদায়
সংকটত পৰিছে চেন্নাই চুপাৰ কিংছ। ১১১ ৰানৰ স্ক’ৰত দলটোৱে হেৰুৱাইছে পঞ্চমটো উইকেট। দিগৱেশ ৰাঠীৰ বলত ক্ৰীজ এৰিছে বিজয় শংকৰে। তেওঁৰ বেটৰ পৰা আহে মাত্ৰ ৯ ৰান।
-
জাদেজাৰো বিদায়
ৰবীন্দ্ৰ জাদেজাৰ ৰূপত চতুৰ্থটো উইকেট হেৰুৱাইছে চেন্নাই চুপাৰ কিংছে। বিষ্ণৈৰ বলত বাউণ্ডেৰী কোবোৱাৰ চেষ্টাত বাউণ্ডেৰীত থকা মাৰ্ক্ৰামৰ হাতত কেচ তুলি দিয়ে জাদেজাই।
-
ত্ৰিপাঠী ব্যৰ্থ
বাৰে বাৰে সুযোগ লাভৰ পিছতো পুনৰ ব্যৰ্থ হৈছে ৰাহুল ত্ৰিপাঠী। আজিৰ মেচত এবাৰ জীৱনদান পোৱাৰ পিছতো মাত্ৰ ৯ ৰান সংগ্ৰহ কৰিয়েই ৰবি বিষ্ণৈৰ হাতত ৰিটাৰ্ণ কেচ তুলি দি ত্ৰিপাঠীয়ে ক্ৰীজ এৰে।
-
ৰচিনো উভতিল
পেভিলিয়নলৈ উভতিছে চেন্নাইৰ দুই অপেনাৰ। আভেশে শ্বেইকক প্ৰথমে বিদায় দিয়াৰ পিছত এইবাৰ মাৰ্ক্ৰামৰ বলত আউট হৈছে আনগৰাকী অপেনাৰ ৰচিন ৰবীন্দ্ৰ। ২২টা বলত তেওঁ ৫টা চাৰিৰে ৩৭ ৰান সংগ্ৰহ কৰে।
-
জীৱনদান পালে ত্ৰিপাঠীয়ে
চলিত ছিজনত আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হোৱা ৰাহুল ত্ৰিপাঠীয়ে আজিও ৫ ৰানৰ ব্যক্তিগত স্ক’ৰতে উভতিবলগা হ’লহেঁতেন ক্ৰীজ। অৱশ্যে ৰবি বিষ্ণৈৰ বলত ত্ৰিপাঠীয়ে তুলি দিয়া এটা সহজ কেচ ছামাদে ড্ৰপ কৰাত তেওঁ জীৱনদান পায়।
-
শ্বেইকৰ চমকৰ অন্ত
আই পি এলত অভিষেক মেচতে দৰ্শনীয় বেটিঙেৰে সঠিক আৰম্ভণি দিয়াৰ পিছত পেভিলিয়নলৈ উভতিছে শ্বেইক ৰছিদ। আভেশ খানৰ বলত আউট হোৱাৰ পূৰ্বে ৰছিদে ১৯টা বলত ৬টা চাৰিৰে ২৭ ৰান সংগ্ৰহ কৰে।
-
ক্ৰীজত ৰচিনৰ সৈতে অভিষেককাৰী শ্বেইক
১৬৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি ইনিংছ আৰম্ভ কৰিছে চেন্নায়ে। দলৰ হৈ অপেনিং কৰিবলৈ ৰচিন ৰবীন্দ্ৰৰ সৈতে ক্ৰীজলৈ আহিছে অভিষেককাৰী শ্বেইক ৰছিদ।
-
লক্ষ্ণৌৰ সংগ্ৰহ ১৬৬ ৰান
চেন্নাইৰ নিয়ন্ত্ৰিত বলিঙৰ সমুখত বৃহৎ স্ক’ৰ থিয় কৰোৱাত বিফল হৈছে লক্ষ্ণৌ। অৱশ্যে তাৰ মাজতো ১৬৬ ৰানৰ এক প্ৰত্যাহ্বানজনক স্ক’ৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে দলটো। এইদৰে পৰাজয়ৰ গ্ৰাসৰ পৰা উদ্ধাৰৰ আশাত থকা চেন্নায়ে লাভ কৰিছে ১৬৭ ৰানৰ লক্ষ্য।
-
ছামাদৰ পিছতে পণ্টৰো বিদায়
অন্তিম অভাৰত দুটা বলত একেলগে দুটা উইকেট হেৰুৱাইছে লক্ষ্ণৌৱে। ৰান সংগ্ৰহৰ চেষ্টাত ধোনীৰ বুদ্ধিমত্তাৰ ফলত প্ৰথমে ছামাদ ৰাণ আউট হোৱাৰ পিছত পৰৱৰ্তী বলতে পণ্টেও ধোনীৰ হাততে কেচ তুলি দি বিদায় লয়। পণ্টে ৪৯টা বলত চাৰিটাকৈ ছয় আৰু চাৰিৰে ৬৩ ৰান সংগ্ৰহ কৰে।
-
পণ্টৰ অৰ্ধশতক
ধাৰাবাহিকভাৱে ব্যৰ্থ হৈ অহাৰ পিছত অৱশেষত আজি বেটলৈ ৰান আহিল ঋষভ পণ্টৰ। আক্ৰমণাত্মকভাৱে আৰম্ভণি কৰি পিছলৈ ৰানৰ গতি লেহেমীয়া হৈ পৰিলেও পণ্টে ছিজনত নিজৰ প্ৰথমটো অৰ্ধশতক সম্পূৰ্ণ কৰিছে।
-
বাডনিৰ বিদায়
ৰিভিউৰ দ্বাৰা অভাৰৰ প্ৰথম বলত ৰক্ষা পৰিলেও ইয়াৰ সুযোগ গ্ৰহণত ব্যৰ্থ হ’ল আয়ুস বাডনি। জাদেজাৰ বলত ষ্টেপ আউট কৰি কোবোৱাৰ চেষ্টাত ষ্টাম্পিং আউট হয় খেলুৱৈগৰাকী। তেওঁৰ বেটৰ পৰা আহে ১৭ বলত ২২ ৰান।
-
মাৰ্শ্বৰ বিদায়
চেন্নায়ে হেৰুৱাইছে তৃতীয়টো উইকেট। জাদেজাৰ বলত পেভিলিয়নলৈ উভতিছে মিচেল মাৰ্শ্ব। ২৫টা বলত দুটা চাৰি আৰু দুটা ছয়েৰে মাৰ্শ্বে ৩০ ৰান সংগ্ৰহ কৰে।
-
অৰ্ধশতক সম্পূৰ্ণ লক্ষ্ণৌৰ
তুলনামূলকভাৱে কিছু লেহেমীয়া গতিৰে সম্পূৰ্ণ হৈছে লক্ষ্ণৌৰ ৫০ ৰান। ঋষভ পণ্টে কোবোৱা এটা ছয়ৰ দ্বাৰা৬.৩ অভাৰত লক্ষ্ণৌৰ ইনিংছত ৫০ ৰান পূৰ্ণ হয়।
-
কম্বোজে বিদায় দিলে পুৰাণক
লক্ষ্ণৌৰ শিবিৰত লাগিছে গুৰুতৰ আঘাত। ফৰ্মত থকা বিস্ফোৰক বেটাৰ নিকোলাছ পুৰাণক বিদায় দিছে অংশুল কম্বোজে। পুৰাণৰ বেটৰ পৰা আহে ৮ ৰান।
-
খলীলৰ হাতলৈ সফলতা
ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আজিও প্ৰথম অভাৰতে সফলতা লাভ কৰিছে খলীল আহমেদে। ৰাহুল ত্ৰিপাঠীয়ে আয়ত্ব কৰা এক চমকপ্ৰদ কেচৰ পৰিণতিত ৬ ৰান কৰি ক্ৰীজ এৰিছে এইডেন মাৰ্ক্ৰামে।
-
ক্ৰীজত মাৰ্ক্ৰাম-মাৰ্শ্ব
আঘাতৰ বাবে বিগত মেচত বাদ পৰাৰ পিছত আজি প্ৰত্যাৱৰ্তন ঘটিছে মিচেল মাৰ্শ্বৰ। সুন্দৰ ফৰ্মত থকা মাৰ্শ্বে পুনৰ এবাৰ মাৰ্ক্ৰামৰ সৈতে লক্ষ্ণৌৰ ইনিংছ মুকলি কৰিছে। আনহাতে চেন্নাইৰ হৈ বলিং আৰম্ভ কৰিছে খলীল আহমেদে।
-
লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ মূল একাদশ
লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ মূল একাদশত আজি দেখা গৈছে পৰিৱৰ্তন। আঘাতৰ বাবে শেহতীয়া মেচত বাদ পৰা মিচেল মাৰ্শ্বৰ আজি প্ৰত্যাৱৰ্তন ঘটিছে। দলটোৰ মূল একাদশত আজি দেখা যাব এইডেন মাৰ্ক্ৰাম, মিচেল মাৰ্শ্ব, নিকোলাছ পুৰাণ, আয়ুস বাডনি, ঋষভ পণ্ট(অধিনায়ক), ডেভিড মিলাৰ, আব্দুল চামাদ, শ্বাৰ্দুল ঠাকুৰ, আভেশ খান, আকাশ দীপ, দিগৱেশ সিং ৰাঠী।
-
চেন্নাই চুপাৰ কিংছৰ মূল একাদশ
চেন্নাই চুপাৰ কিংছৰ মূল একাদশত আজি দেখা গৈছে কেইবাটাও পৰিৱৰ্তন। দলটোৰ হৈ আই পি এলত অভিষেক ঘটিব শ্বেইক ৰছিদৰ। দলটোৰ মূল একাদশ হ’ব এনেধৰণৰ- শ্বেইক ৰছিদ, ৰচিন ৰবীন্দ্ৰ, ৰাহুল ত্ৰিপাঠী, বিজয় শংকৰ, ৰবীন্দ্ৰ জাদেজা, জেমি অভাৰটন, এম এছ ধোনী(অধিনায়ক), অংশুল কম্বোজ, নুৰ আহমেদ, খলিল আহমেদ, মথিশা পাথিৰানা।
-
টছত জয়ী হৈ ধোনীয়ে ল’লে বলিঙৰ সিদ্ধান্ত
ইতিমধ্যে অধিনায়কদ্বয় মহেন্দ্ৰ সিং ধোনী আৰু ঋষভ পণ্টৰ মাজত টছ হৈ গৈছে। টছত জয়ী হৈ চেন্নাই চুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
Published On - Apr 14,2025 6:59 PM