শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Shaik Rasheed: অভিষেকতে ভৱিষ্যতৰ আশা দিয়া কোন এই শ্বেইক ৰছিদ? ভাৰতৰ হৈ জয় কৰিছে বিশ্বকাপো!

ৰচিন ৰবীন্দ্ৰৰ সৈতে ইনিংছ মুকলি কৰি অভিষেককাৰী শ্বেইকে আজি চেন্নাইক এক সুদৃঢ় আৰম্ভণি প্ৰদান কৰে। দুয়ো প্ৰথম উইকেটত ৪.৫ অভাৰত যোগ দিয়ে ৫২ ৰান। হাতলৈ অহা সুযোগৰ সদব্যৱহাৰ কৰি শ্বেইকে ২৭ ৰানৰ এক চমু অথচ প্ৰশংসনীয় ইনিংছ খেলে।

Shaik Rasheed: অভিষেকতে ভৱিষ্যতৰ আশা দিয়া কোন এই শ্বেইক ৰছিদ? ভাৰতৰ হৈ জয় কৰিছে বিশ্বকাপো!
মাইক হাছীৰ সৈতে ৰছিদ
monjit-dutta
Monjit Dutta | Published: 14 Apr 2025 23:08 PM

মুম্বাই ইণ্ডিয়ানছৰ বিপক্ষে সহজ জয়েৰে আই পি এল ২০২৫ৰ আৰম্ভণি ঘটোৱাৰ পিছত হঠাতে ছন্দপতন ঘটে চেন্নাই চুপাৰ কিংছে। চূড়ান্ত হতাশাজনক প্ৰদৰ্শনেৰে দলটোৱে পৰৱৰ্তী পাঁচখন মেচত ধাৰাবাহিক পৰাজয়ৰ সন্মুখীন হৈছে। চেন্নাইৰ এই পৰাজয়ৰ ধাৰাৰ প্ৰধান কাৰণস্বৰূপ হৈ পৰিছে দলৰ বেটিং লাইন আপৰ ব্যৰ্থতা। দুই এখন মেচ বাদ দিলে দলটোৰ শীৰ্ষক্ৰমৰ পৰা আৰম্ভ কৰি নিম্ন ক্ৰমলৈকে প্ৰতিগৰাকী বেটাৰেই ব্যৰ্থ হৈছে। এনে ব্যৰ্থতাৰ পিছত আজি লক্ষ্ণৌৰ বিপক্ষে মেচত চেন্নায়ে সুযোগ দিয়ে যুৱ খেলুৱৈ শ্বেইক ৰছিদক।

ৰচিন ৰবীন্দ্ৰৰ সৈতে ইনিংছ মুকলি কৰি অভিষেককাৰী শ্বেইকে আজি চেন্নাইক এক সুদৃঢ় আৰম্ভণি প্ৰদান কৰে। দুয়ো প্ৰথম উইকেটত ৪.৫ অভাৰত যোগ দিয়ে ৫২ ৰান। হাতলৈ অহা সুযোগৰ সদব্যৱহাৰ কৰি শ্বেইকে ২৭ ৰানৰ এক চমু অথচ প্ৰশংসনীয় ইনিংছ খেলে। আভেশৰ এক শ্বৰ্ট বলত কেচ তুলি দি বিদায় ল’লেও ৰছিদে নিজৰ ইনিংছটোৰ সময়ত সঠিক শ্বট নিৰ্বাচন আৰু আক্ৰমণাত্মক মনোভাৱৰ লগতে ধৈৰ্যশীল বেটিঙৰো সঠিক মিশ্ৰণৰ পৰিচয় দিয়ে।

এইদৰে আই পি এলৰ দৰে বৃহৎ মঞ্চত নিজৰ অভিষেক মেচতে ৰছিদে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। ইয়াৰ পিছতে ৰছিদক লৈ ক্ৰিকেট অনুৰাগীৰ মাজত উৎকণ্ঠা পৰিলক্ষিত হৈছে। উল্লেখ্য যে ২০ বৰ্ষীয় শ্বেইক ৰছিদ অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰৰ বাসিন্দা। আৰম্ভণিৰে পৰা ক্ৰিকেটকে কেৰিয়াৰ হিচাপে বাচি লোৱা ৰছিদ নিজৰ আক্ৰমণাত্মক বেটিং শৈলীৰ বাবে শেহতীয়া সময়ছোৱাত ঘৰুৱা ক্ৰিকেটৰ এক পৰিচিত নাম হৈ পৰিছে।

পোনপ্ৰথমবাৰৰ বাবে তেওঁ সকলোৰে দৃষ্টিলৈ আহিছিল ২০২২ চনত অনুষ্ঠিত ১৯ অনুৰ্ধ বিশ্বকাপৰ সময়ত। য়শ ধুলৰ নেতৃত্বত উক্ত সংস্কৰণৰ খিতাপ জয় কৰিছিল ভাৰতীয় দলে। উক্ত দলটোৰ সহ-অধিনায়ক আছিল ৰছিদ। ছেমি ফাইনেলত ৯৪ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলাৰ পিছত ফাইনেলতো তেওঁ ৫০ ৰানৰ আন এক আকৰ্ষণীয় ইনিংছ খেলিছিল। এইদৰে দেশৰ ক্ৰিকেটত পৰিচিত হৈছিল ৰছিদ।

২০২২ চনত টিম ইণ্ডিয়াই ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি পঞ্চমবাৰৰ বাবে খিতাপ দখল কৰে। এই বিশ্বকাপত উপ-অধিনায়ক শ্বেখ ৰছিদে বহু স্মৰণীয় ইনিংছ খেলিছিল। ছেমি ফাইনেলত ৩৭ ৰানত দুটা উইকেট কমি যোৱাৰ পাছত তেওঁ উপযোগী ইনিংছ খেলিছিল। ইয়াৰ পিছত তেওঁ ফাইনেলত ৫০ ৰানৰ ফাইটিং ইনিংছ খেলিছিল। অন্ধ্ৰ প্ৰদেশৰ গুন্টুৰৰ বাসিন্দা শ্বেখ ৰছিদে এই প্ৰতিযোগিতাত গড়ে ৫০ ৰান কৰি ২০১ ৰান সংগ্ৰহ কৰে।

একেটা বৰ্ষতে তেওঁ অন্ধ্ৰ প্ৰদেশৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটায়। ৰঞ্জী ট্ৰফীৰ এলিট গ্ৰুপ বিত অন্ধ্ৰ প্ৰদেশৰ হৈ ২০৩ ৰানৰ এক মাৰাথান ইনিংছ খেলি ৰছিদে ক্ৰিকেট বিশেষজ্ঞৰ উচ্চ প্ৰশংসা লাভ কৰে। ঘৰুৱা টি-২০ ক্ৰিকেটতো তেওঁৰ নামত আছে এটা শতক। লক্ষণীয়ভাৱে ৰছিদৰ ক্ৰিকেট কেৰিয়াৰৰ ক্ষেত্ৰত তেওঁৰ পিতৃৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ। আনকি পুত্ৰক ক্ৰিকেটাৰ কৰিবলৈ তেওঁৰ পিতৃ শ্বেখ বালিছাই চাকৰিও ত্যাগ কৰিছিল।

শ্বেখ বালিছাই উল্লেখ কৰা মতে তেওঁ পূৰ্বে এটা ব্যক্তিগত বেংকত কাম কৰিছিল। পুতেকে অনুশীলনত অসুবিধাৰ সন্মুখীন হোৱা দেখি তেওঁ চাকৰি এৰাৰ সিদ্ধান্ত ল’লে। ইয়াৰ পিছত তেওঁ পুত্ৰৰ খেলত মনোনিৱেশ কৰে। পিতৃৰ এই প্ৰচেষ্টাতে ৰছিদ প্ৰথমে অন্ধ্ৰ প্ৰদেশৰ ১৪ বছৰ অনুৰ্ধ দলত আৰু পিছলৈ ১৬ বছৰ অনুৰ্ধ দললৈ নিৰ্বাচিত হয়। এই দুয়োটা পৰ্যায়তে বিফল হৈ ৰছিদে ক্ৰিকেট ত্যাগৰ সিদ্ধান্ত লয় যদিও পিতৃয়ে তেওঁক উৎসাহ যোগায় আৰু পিতৃৰ উৎসাহেই এতিয়া ফল দিছে তেওঁৰ কেৰিয়াৰত।