কৰুণ বনাম কৰ্ণ শৰ্মা ! কৰুণে আশাক জীয়াই ৰাখিলে, দীৰ্ঘদিনীয়া ব্যৰ্থতা ভংগ কৰ্ণৰ
দিল্লী বনাম মুম্বাইক কৰুণ বনাম কৰণ বুলিও ক’ব পাৰি। কৰণে জয়ী হয়। কৰুণ নাইৰৰ বিধ্বংসী ইনিংছ সত্ত্বেও শ্ৰেষ্ঠ বলাৰৰ বঁটা লাভ কৰে কৰণ শৰ্মাই। ক'ব পাৰি যে, এটা সময়ত খেলাৰ সুযোগ বিচাৰি থকা এই দুয়োগৰাকী খেলুৱৈ দিল্লী আৰু মুম্বাইৰ বাবে বিশ্বাসযোগ্য খেলুৱৈ হিচাপে পৰিগণিত হৈছে ।

কৰুণ নাইৰ বা কৰ্ণ শৰ্মাক শেষবাৰৰ বাবে কেতিয়া খেলা দেখিছিল ? খেলাৰ সুযোগ বিচাৰি থাকিলেও সুযোগে লগ দিয়া নাছিল তেওঁলোকক ! ১,০৭৭ দিনৰ পাছত আই পি এল খেলাৰ সুযোগ! শেহতীয়াকৈ এই দুয়োগৰাকী খেলুৱৈ ক্ৰিকেট অনুৰাগীৰ চৰ্চাৰ বিষয় হৈ পৰিছে । প্ৰথমে কৰুণ নাইৰৰ কথা কওঁ। ২০২২ চনত ৰাজস্থান ৰয়েলছৰ সৈতে আছিল কৰুণ নাইৰ। মাত্ৰ কেইখনমান মেচত সুযোগ পাইছিল খেলিবলৈ। ২০১৯ চনৰ পৰা এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি আহিছে কৰুণে । সেই ছিজনত তেওঁ পঞ্জাব কিংছৰ হৈ মাত্ৰ এখন মেচ খেলিবলৈ সুযোগ পাইছিল । পৰৱৰ্তী সংস্কৰণ ২০২২ চনত পঞ্জাব কিংছৰ পৰা ৰাজস্থান ৰয়েলছলৈ আহে কৰুণ।
ৰাজস্থানৰ হৈ মাত্ৰ তিনিখন মেচত খেলাৰ সুযোগ পাইছিল কৰুণে। ইয়াৰে দুটা ইনিংছত বেটিঙৰ সুযোগ পাইছিল । বেটিঙত মাত্ৰ তেওঁ ১৬ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । এই দুৰ্বল বেটিং প্ৰদৰ্শনৰ পাছত তেওঁৰ আইপিএল যাত্ৰা আৰু কঠিন হৈ পৰিল । এতিয়া বৰ্তমানৰ কথা কওঁ । ভাৰতীয় ঘৰুৱা ক্ৰিকেট চৈয়দ মুস্তাক আলী টি-২০ ট্ৰফীত ১৭৭ ষ্ট্ৰাইক ৰেটত ২৫৫ ৰান সংগ্ৰহ কৰে কৰুণ নাইৰে। বিজয় হাজাৰে ট্ৰফী অৰ্থাৎ ঘৰুৱা এদিনীয়া প্ৰতিযোগিতাত ৫ ইনিংছত ৫৪২ ৰান কৰে নাইৰে! তেওঁ এটা ইনিংছতো আউট হোৱা নাছিল। আৰু লং ফৰ্মেটত অৰ্থাৎ ৰঞ্জী ট্ৰফীত ১৬ ইনিংছত ৮৬৩ ৰান সংগ্ৰহ কৰে কৰুণে নাইৰে! ঘৰুৱা ক্ৰিকেটত ভাল প্ৰদৰ্শনৰ বাবেও পুৰস্কাৰ লাভ কৰে কৰুণে । এইবাৰ আই পি এলৰ মেগা নিলামত দিল্লী কেপিটেলে ৫০ লাখ টকাত ক্ৰয় কৰে। অৱশেষত খেলাৰ সুযোগ পায় কৰুণে ।
এতিয়া আহোঁ কৰ্ণ শৰ্মাৰ বিষয়টোলৈ। লেগ স্পিনাৰ কৰ্ণ শৰ্মা যোৱা আইপিএল ছিজনত আৰচিবিত আছিল। ৯ খন মেচত ৭ টা উইকেট দখল কৰিছিল কৰ্ণ শৰ্মাই । এইবাৰ মুম্বাই ইণ্ডিয়ানছে তেওঁক ক্ৰয় কৰিলে । কিন্তু পোৱা নাছিল খেলাৰ সুযোগ। এই দুয়োগৰাকী ক্ৰিকেটাৰৰ পৰিস্থিতি ব্লেক এণ্ড হোৱাইট টেলিভিছনৰ দৰে। যিটো এতিয়া সহজে দেখা পোৱা নাযায়। শেহতীয়া আইপিএলৰ দিল্লী কেপিটেলছ বনাম মুম্বাই ইণ্ডিয়ানছৰ খেলখন ৰঙীন কৰি তুলিলে কৰুণ আৰু কৰ্ণে ।
দিল্লী কেপিটেলে কৰুণ নাইৰক ইমপেক্ট প্লেয়াৰ হিচাপে দলত ৰাখিছে । মাত্ৰ ৪০টা বলত ৮৯ ৰানৰ ইনিংছ। যোৱা খেলখনত যেতিয়ালৈকে তেওঁ ক্ৰীজত আছিল, মেচখন দিল্লী কেপিটেলছৰ হাতত আছিল। বিজয় যেন সময়ৰ কথা। সেই সময়তে মুম্বাই ইণ্ডিয়ানছে কৰ্ণ শৰ্মাক ইমপেক্ট প্লেয়াৰ হিচাপে খেলাৰ সুযোগ দিয়ে । ৪ অভাৰত ৩৬ ৰান দি ৩ টা উইকেট দখল কৰে কৰণ শৰ্মাই । ইয়াৰ ভিতৰত আছে ছেট বেটছমেন অভিষেক পোৰেল, বিধ্বংসী ফৰ্মত থকা কৰুণ নাইৰ আৰু ট্ৰিষ্টান ষ্টাবছৰ উইকেট। বাকী দুটা উইকেটে মেচখনত কিমান প্ৰভাৱ পেলাইছিল সেয়া নিশ্চিত নহয়। কিন্তু কে এল ৰাহুলৰ উইকেটটো যে টাৰ্নিং পইণ্ট হৈ পৰিল তাত কোনো সন্দেহ নাই।
দিল্লী বনাম মুম্বাইক কৰুণ বনাম কৰ্ণ বুলিও ক’ব পাৰি। কৰণে জয়ী হয়। কৰুণ নাইৰৰ বিধ্বংসী ইনিংছ সত্ত্বেও শ্ৰেষ্ঠ বলাৰৰ বঁটা লাভ কৰে কৰ্ণ শৰ্মাই। ক’ব পাৰি যে, এটা সময়ত খেলাৰ সুযোগ বিচাৰি থকা এই দুয়োগৰাকী খেলুৱৈ দিল্লী আৰু মুম্বাইৰ বাবে বিশ্বাসযোগ্য খেলুৱৈ হিচাপে পৰিগণিত হৈছে ।
প্ৰতিবেদক- দীপাংকৰ ঘোষাল, ছিনিয়ৰ ছাব এডিটৰ, TV9- বাংলা