শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শীঘ্ৰেই RCB ত দেখা যাব এই পৰিৱৰ্তন, অনুৰাগীয়ে কল্পনা নকৰা এক পৰিৱৰ্তন ঘটিবলৈ ওলাইছে দলটোত

IPL news: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দলসমূহৰ ভিতৰত কেইটামান ফ্ৰেঞ্চাইজীৰ অনুৰাগীৰ সংখ্যা অধিক। তেনে এটা ফ্ৰেঞ্চাইজীয়েই এতিয়া বিক্ৰী হোৱাৰ পথত। এগৰাকী ব্যক্তিৰ পোষ্টৰ পাছতেই চৰ্চা চলিছে ফ্ৰেঞ্চাইজীটোক লৈ। কোনটো দল বিক্ৰী হোৱাৰ পথত জানি লওক-

শীঘ্ৰেই RCB ত দেখা যাব এই পৰিৱৰ্তন, অনুৰাগীয়ে কল্পনা নকৰা এক পৰিৱৰ্তন ঘটিবলৈ ওলাইছে দলটোত
আৰ চি বি সন্দৰ্ভত ডাঙৰ আপডেটImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 30 Sep 2025 14:54 PM

পেছাদাৰী ক্ৰিকেটৰ ক্ষেত্ৰত আটাইতকৈ ব্যয়বহুল লীগ হৈছে ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ বা IPL। দেশৰ বিভিন্ন দেশৰ খেলুৱৈ এই লীগত অংশ ল’বলৈ আহে। কিয়নো ইয়াত তেওঁলোকে বিপুল পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰে। অৱশ্য়ে কেৱল ধন উপাৰ্জনৰেই থল নহয় IPL। নতুন খেলুৱৈৰ বাবে ই এক সুন্দৰ মঞ্চ নিজৰ দক্ষতা প্ৰদৰ্শনৰ বাবে। জশপ্ৰীত বুমৰাহৰ কথাই কওক বা শেহতীয়াকৈ এছিয়া কাপত দুৰ্দান্ত প্ৰদৰ্শন কৰা অভিষেক শৰ্মাৰ কথাই কওক…তেওঁলোক IPLৰ জৰিয়তেই প্ৰথমে উজলি উঠিছিল।

বৰ্তমান IPLত ১০ টা ফ্ৰেঞ্চাইজী আছে। পূৰ্বৰ বহুকেইটা ফ্ৰেঞ্চাইজীৰ বিলুপ্ত হৈ নতুন ফ্ৰেঞ্চাইজী গঠন হৈছে বা বহুতৰেই নাম সলনি হৈছে। ইয়াৰ ভিতৰত সৰ্বাধিক চৰ্চিত আৰু জনপ্ৰিয় ফ্ৰেঞ্চাইজীকেইটা হৈছে- চেন্নাই ছুপাৰ কিংছ (CSK), ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB), মুম্বাই ইণ্ডিয়ানছ (MI) আৰু কলকাতা নাইট ৰাইডাৰ্ছ (KKR)। অতি শেহতীয়াকৈ গুজৰাট টাইটানছে নতুন ফ্ৰেঞ্চাইজী হিচাপে অৱশ্যে এক উল্লেখনীয় জনপ্ৰিয়তা অৰ্জন কৰিছে।

চলিত বৰ্ষৰ IPLত খিতাপ দখল কৰিছিল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে। এইবাৰ আছিল ১৮ সংখ্যক IPL। যোৱা ১৭ টা ছিজনত অনুৰাগীক বাৰুকৈয়ে হতাশ কৰি আহিছিল দলটোৱে। কিয়নো ফাইনেল পৰ্যন্ত উপনীত হ’লেও শেষত হাতলৈ ট্ৰফী অহা নাছিল। কিন্তু এইবাৰ যেন কাহিনীৰ চিত্ৰনাট্য বেলেগ ধৰণে ৰচনা কৰা হ’ল। সকলো অনুৰাগীৰ ১৭ বছৰীয়া দুখৰ অন্ত পেলাই RCB এ IPLৰ চেম্পিয়নৰ তালিকাত নিজৰ নাম সন্নিৱিষ্ট কৰিলে।

RCB সন্দৰ্ভত এক ডাঙৰ খবৰ

কিন্তু এতিয়া IPLৰ এই জনপ্ৰিয় ফ্ৰেঞ্চাইজীটো সম্পৰ্কে পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। বিক্ৰী হ’ব পাৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। কোনো সাধাৰণ সূত্ৰই এই দাবী কৰা নাই। এই বিষয় সম্পৰ্কে এক ইংগিত দিছে IPLৰ অন্যতম পৃষ্ঠপোষক ললিত মোদীয়ে।

তেওঁ যি ইংগিত প্ৰদান কৰিছে তাৰ পৰা এই কথা বুজা যায় যে ২০২৫ চনৰ খিতাপ বিজয়ী ফ্ৰেঞ্চাইজীটো এতিয়া নতুন স্বত্বাধিকাৰীৰ সন্ধানত আছে। ললিত মোদীয়ে নিজৰ সামাজিক মাধ্যমৰ দ্বাৰা এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰিছিল। কেৱল সেয়াই নহয়, তেওঁ ইয়াকো কৈছে যে এই ফ্ৰেঞ্চাইজীটোত এতিয়া বিনিয়োগ কৰাতো এতিয়া বিনিয়োগকাৰীৰ বাবে কিয় লাভজনক বেপাৰ বা সুযোগ হ’ব পাৰে?

ললিত মোদীয়ে কি ক’লে RCB সন্দৰ্ভত?

ইনষ্টাগামত লিখা এটা পোষ্টত ললিত মোদীয়ে কয় যে প্ৰথমে RCB বিক্ৰী হ’ব বুলি কেৱল উৰাবাতৰি বিয়পিছিল। কিন্তু এতিয়া এনেকুৱা লাগিছে, RCB ৰ মালিকে দলটোক নিজৰ বেলেঞ্চ ছীটৰ পৰা আঁতৰাই বিক্ৰীৰ পৰিকল্পনা কৰিছে।

ললিত মোদীয়ে আৰু লিখিছে,তেওঁ নিশ্চিত যে এই দলটো ফ্ৰেঞ্চাইজী হিচাপে সম্পূৰ্ণৰূপে বিক্ৰীৰ বাবে উপলব্ধ হ’ব। আৰু, এটা ডাঙৰ গ্ল’বেল ফাণ্ড বা ছ’ভাৰেইন ফাণ্ডে ইয়াত বিনিয়োগ কৰিব পাৰে। তেওঁ লগতে কয় যে ইয়াতকৈ ভাল বিনিয়োগৰ সুযোগ থাকিব নোৱাৰে। যিয়ে RCB কিনে তেওঁলোকক আগতীয়াকৈয়ে শুভেচ্ছাও জনালে ললিত মোদীয়ে।

তেওঁ আৰু কয় যে RCB এ নতুন মূল্যবোধৰ অভিলেখ গঢ়িব পাৰে, ইয়াৰ দ্বাৰা প্ৰমাণিত হৈছে যে IPL কেৱল দ্ৰুতগতিত বিশ্বব্যাপী প্ৰসাৰিত এক ক্ৰীড়া অনুষ্ঠান নহয়, বৰঞ্চ আটাইতকৈ মূল্যৱান ইভেণ্টো।

 

View this post on Instagram

 

A post shared by Lalit Modi (@lalitkmodi)

গুজৰাট টাইটানছৰ পিছত RCB ও বিক্ৰী হ’বনেকি?

ললিত মোদীয়ে ইংগিত দিয়াৰ দৰে যদি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু বিক্ৰী হয়, তেন্তে ই বিক্ৰী হোৱা প্ৰথমটো ফ্ৰেঞ্চাইজী নহ’ব। যোৱা ছিজনৰ পূৰ্বে গুজৰাট টাইটানছেও নতুন মালিক বিচাৰিছিল। টৰেণ্ট গ্ৰুপে সেইবোৰ ফ্ৰেঞ্চাইজীটো ক্ৰয় কৰিছিল। কিন্তু যদি RCB বিক্ৰীৰ পৰ্যায়লৈ যায় তেন্তে কোনে বাজি মাৰিব সেয়া চাবলৈ আগ্ৰহী হ’ব।

RCB কেৱল IPLৰ ডিফেণ্ডিং চেম্পিয়ন দল নহয়, আচলতে ই এনে এটা ফ্ৰেঞ্চাইজী য’ত গেইল, ডি ভিলিয়াৰ্ছ, বিৰাট কোহলীৰ দৰে ডাঙৰ তাৰকাক দেখা গৈছিল। IPL আৰম্ভ হোৱাৰ পৰাই এই ফ্ৰেঞ্চাইজীৰ সৈতে জড়িত হৈ আছে বিৰাট কোহলী।