শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গুজৰাটৰে নহয়, এই দুই দলৰ ওপৰতো পৰিল গিল-ছাইৰ আশীৰ্বাদঃ মুকলি হ’ল প্লে’ অফৰ পথ….

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত আজিৰ মেচখনত জয়ৰ লগে লগে গুজৰাট টাইটানছে পইণ্ট তালিকাৰ শীৰ্ষস্থানত আৰোহণ কৰে আৰু লগতে দুখন খেল বাকী থকা অৱস্থাতে প্লে’ অফৰ পথো মুকলি কৰে। কেৱল গুজৰাটেই নহয়, এই মেচখনৰ ফলাফলে আজি আন দুটা দলৰো ভাগ্য সলনি কৰিছে। গুজৰাটৰ লগতে এই দুয়োটা দলে এতিয়া প্লে’ অফৰ স্থান নিশ্চিত কৰিছে।

গুজৰাটৰে নহয়, এই দুই দলৰ ওপৰতো পৰিল গিল-ছাইৰ আশীৰ্বাদঃ মুকলি হ’ল প্লে’ অফৰ পথ….
গুজৰাটৰ লগতে আন দুই দলৰ ওপৰত গিল-ছাইৰ আশীৰ্বাদImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 18 May 2025 23:51 PM

দমনীয় প্ৰদৰ্শনেৰে আজি দিল্লী কেপিটেলছক ঘৰৰ মাটিতে ১০ উইকেটত বিধ্বস্ত কৰিছে গুজৰাট টাইটানছে। অপেনাৰদ্বয় শুভমন গিল আৰু ছাই সুদৰ্শনৰ চমকপ্ৰদ প্ৰদৰ্শনৰ সুবাদত দিল্লীয়ে বান্ধি দিয়া ২০০ ৰানৰ বৃহৎ লক্ষ্য গুজৰাটে কোনো উইকেট নেহেৰুৱাকৈয়ে অতিক্ৰম কৰে। আজিৰ মেচখনৰ এই ফলাফলৰ লগে লগে আই পি এল ২০২৫- এ ক্ৰিকেট অনুৰাগীৰ সমুখলৈ আনি দিছে এক নতুন সমীকৰণ, সমান্তৰালকৈ প্ৰতিযোগিতাৰ প্লে’ অফক লৈ চলি থকা জল্পনা-কল্পনাৰো অধিকাংশ প্ৰায় নিশ্চিত কৰি তুলিছে।

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত আজিৰ মেচখনত জয়ৰ লগে লগে গুজৰাট টাইটানছে পইণ্ট তালিকাৰ শীৰ্ষস্থানত আৰোহণ কৰে আৰু লগতে দুখন খেল বাকী থকা অৱস্থাতে প্লে’ অফৰ পথো মুকলি কৰে। কেৱল গুজৰাটেই নহয়, এই মেচখনৰ ফলাফলে আজি আন দুটা দলৰো ভাগ্য সলনি কৰিছে। গুজৰাটৰ লগতে এই দুয়োটা দলে এতিয়া প্লে’ অফৰ স্থান নিশ্চিত কৰিছে।

অৰ্থাৎ এতিয়া প্লে’ অফৰ বাবে মাত্ৰ এটা স্থান বাকী আছে আৰু ৩টা দল এতিয়াও এই দৌৰত আছে। আজিৰ মেচখনত গুজৰাট টাইটানছৰ জয়ৰ দ্বাৰা লাভৱান হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু পঞ্জাৱ কিংছ দল। দুয়োটা দলেই গুজৰাট টাইটানছৰ লগতে আজি প্লে’ অফৰ বাবে যোগ্যতা অৰ্জন কৰিছে। গুজৰাটে এতিয়া ১২খন মেচৰ অন্তত ৯ খন জয় লাভ কৰিছে আৰু ১৮ পইণ্টেৰে তালিকাৰ শীৰ্ষত আছে।

আনহাতে, এই ছিজনত ১৭ পইণ্টেৰে দ্বিতীয় স্থানত আছে আৰ চি বি। পঞ্জাৱ কিংছেও ১৭ পইণ্ট লাভ কৰি আছে যদিও ৰান ৰেটৰ আধাৰত দলটো তৃতীয় স্থানত আছে। অৰ্থাৎ এতিয়া এই দলকেইটাৰ মাজত শীৰ্ষ দুটা স্থানৰ বাবেহে যুঁজ দেখা যাব। শীৰ্ষ দুটা স্থানত থকা দল দুটাই প্ৰথম কোৱালিফায়াৰ খেলিব আৰু যিটো দলেই জয়ী হয়, পোনে পোনে ফাইনেলত প্ৰৱেশ কৰিব।

আনহাতে পৰাস্ত হোৱা দলটোৱেও আন এক সুযোগ লাভ কৰিব। এতিয়া প্লে’ অফৰ বাবে মাত্ৰ এটা দলে যোগ্যতা অৰ্জন কৰিব পাৰিব আৰু এই স্থানৰ বাবে তিনিটা দলৰ মাজত প্ৰতিযোগিতা চলিব। দিল্লীৰ উপৰিও মুম্বাই ইণ্ডিয়ানছ আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ মাজত চলিব এই যুঁজ। মুম্বাই বৰ্তমান ১২ খন মেচত ১৪ পইণ্টসহ পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আছে।

ঠিক সেইদৰে দিল্লীয়েও ১২ খন মেচত ১৩ পইণ্ট লাভ কৰি পঞ্চম স্থানত আৰু লক্ষ্ণৌ ১১ খন মেচত ১০ পইণ্টেৰে সপ্তম স্থানত আছে। এনে পৰিস্থিতিত আটাইকেইটা দলৰ বাবেই এতিয়া বাকী থকা মেচকেইখন ‘কৰিম কিম্বা মৰিম’ সদৃশ হৈ পৰিছে। অৱশ্যে ৰান ৰেটৰ লগতে শেহতীয়া প্ৰদৰ্শনৰ ভিত্তিত এই দিশত মুম্বাই কিছু শক্তিশালী স্থিতিত আছে। এতিয়া এই দলকেইটাৰ মাজত কোনটো দল প্লে’ অফত প্ৰৱেশ কৰে, সেয়া লক্ষণীয় হ’ব।