RR vs RCB live score, IPL 2025: ৰাজস্থানৰ বিৰুদ্ধে ৯ উইকেটত জয়লাভ RCBৰ…
RR vs RCB live Score: আজি আই পি এলৰ দুখনকৈ মেচ আছে। প্ৰথমখন মেচ ৰাজস্থান ৰয়েলছ বেংগালুৰু আৰু ৰয়েল চেলেঞ্জাৰ্চ বেংগালুৰুৰ মাজত আছে। এতিয়ালৈকে ৫ খন মেচৰ ৩ খনত জয়লাভ কৰিছে আৰ চি বিয়ে। ইয়াৰ বিপৰীতে সঞ্জু চেমছন আৰ আৰয়ে ৫ খন মেচৰ দুখনত জয়লাভ কৰিছে।
আজি আই পি এল (IPL)ত দুখনকৈ মেচ আছে। প্ৰথমখন মেচ ৰাজস্থান ৰয়েলছ (RR) আৰু ৰয়েল চেলেঞ্জাৰ্চ বেংগালুৰু (RCB)ৰ মাজত হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচ দিল্লী কেপিটলছ (DC) আৰু মুম্বাই ইণ্ডিয়ানছ (MI)ৰ মাজত হ’ব। আজিৰ প্ৰথমখন মেচ দিনৰ ৩.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব। এই মেচ খেলিব জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত। বিৰাট কোহলীৰ ৰয়েল চেলেঞ্জাৰছ পইণ্ট টেবুলত ৫ নম্বৰ স্থানত আছে। এতিয়ালৈকে ৫ খন মেচৰ ৩ খনত জয়লাভ কৰিছে আৰ চি বিয়ে। ইয়াৰ বিপৰীতে সঞ্জু চেমছন আৰ আৰয়ে ৫ খন মেচৰ দুখনত জয়লাভ কৰিছে।
এই দুয়োটা দলে এই পৰ্যন্ত আই পি এলত ৩২ খন মেচ ইজনে সিজনৰ বিৰুদ্ধে খেলিছে। এই সময়ত আৰ চি বিয়ে ১৫ বাৰ জয়লাভ কৰাৰ বিপৰীতে ৰাজস্থান ৰয়েলছে ১৪ বাৰ জয় লাভ কৰে। ৩ খন মেচৰ কোনো ফলাফল নাছিল। গতিকে আজিৰ মেচখন কাৰ হাতলৈ যায় সেয়া হ’ব লক্ষণীয়।
LIVE NEWS & UPDATES
-
ৰাজস্থানৰ বিৰুদ্ধে আৰ চি বিৰ জয়
ৰাজস্থানৰ বিৰুদ্ধে আৰ চি বিৰ জয়। ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্চ বেংগালুৰুৰ জয়। ১ টা উইকেটৰ বিনিময়ত ১৭.৩ অভাৰত লক্ষ্য সম্পূৰ্ণ কৰে আৰ চি বিয়ে। আজিৰ খেলত ফিল চল্টে ৩৩ টা বলত ৬৫ ৰান কৰি আউট হয়। বিপৰীতে কোহলিয়ে ৪৫ টা বলত ৬২ ৰান আৰু দেৱদত্ত পদিকলে ২৮ টা বলত ৪০ ৰান কৰে।
-
বিৰাটে ৰচিলে ইতিহাস
বিৰাট কোহলিয়ে ৰচিলে ইতিহাস। আজি ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৰ্ধশতক কৰে কোহলিয়ে। টি-২০ কেৰিয়াৰৰ এয়া ১০০ সংখ্যক অৰ্ধশতক। এই ছিজনত বৰ্তমানসৈ ৩টা অৰ্ধশতক দখল।
A century of half-centuries 💯
Virat Kohli brings up yet another special milestone 🙌
He is going strong in the chase with #RCB 146/1 after 15 overs 🔝
Updates ▶ https://t.co/rqkY49M8lt#TATAIPL | #RRvRCB | @RCBTweets | @imVkohli pic.twitter.com/MjjVw3KPLP
— IndianPremierLeague (@IPL) April 13, 2025
-
বিৰাট কোহলিৰ অৰ্ধশতক
বিৰাট কোহলিৰ অৰ্ধশতক। আৰ চি বিয়ে ১৫ অভাৰত ১৪৬ ৰান সম্পূৰ্ণ কৰে। কোহলিয়ে ৪২ টা বলত ৫৮ ৰান কৰে। বৰ্তমান পৰ্যন্ত হেৰুৱাইছে ১টা উইকেট।
-
১৩ অভাৰত ১২৪ ৰান
১৩ অভাৰত ১২৪ ৰান সম্পূৰ্ণ আৰ চি বিৰ। জয়ৰ বাবে দলটোক ৪২ টা বলত ৫০ ৰানৰ প্ৰয়োজন।
-
RCB ৰ ১০০ ৰান সম্পূৰ্ণ
RCB ৰ ১০০ ৰান সম্পূৰ্ণ। ৯.৩ অভাৰত ১০০ ৰান কৰে দলটোয়ে। বৰ্তমান পৰ্যন্ত আৰ চি বিয়ে হেৰুৱাইছে ১টা উইকেট।
-
RCBয়ে হেৰুৱালে প্ৰথমটো উইকেট
RCBয়ে হেৰুৱালে প্ৰথমটো উইকেট। ৩৩ টা বলত ৬৫ ৰান কৰি আউট হয় ফিল চল্ট। তেওঁ ৫ টা চাৰি আৰু ৬টা ছিক্স কোবায়।
-
ফিল চল্টৰ অৰ্ধশতক
ফিল চল্টৰ অৰ্ধশতক। ৮ অভাৰত RCB য়ে ৮২ ৰান কৰে। ফিল চল্টে ৩১ টা বলত ৫৯ ৰান কৰাৰ বিপৰীতে কোহলিয়ে ১৭ টা বলত ২২ ৰান কৰে।
-
আৰ চি বিৰ ৫০ ৰান সম্পূৰ্ণ
আৰ চি বিয়ে সম্পূৰ্ণ কৰিলে ৫০ ৰান । ৫ অভাৰত এই ৰান কৰে আৰ চি বিয়ে। বৰ্তমানলৈ এটাও উইকেট হেৰুওৱা নাই দলটোৱে। ফিল চল্টে ১৯ টা বলত ৩৪ ৰান কৰাৰ বিপৰীতে কোহলিয়ে ১১ টা বলত ১৬ ৰান কৰে।
-
৩ অভাৰত ৩০ ৰান
৩ অভাৰত ৩০ ৰান সম্পূৰ্ণ কৰিলে আৰ চি বিয়ে। বৰ্তমান সময়ত ফিল চল্টে ১২ টা বলত ২৩ ৰান কৰাৰ বিপৰীতে বিৰাট কোহলিয়ে ৭ টা বলত ৯ ৰান কৰে। চলি আছে ৩.২ অভাৰ।
-
যশস্বী জয়ছৱালৰ বেটিঙৰ দৃশ্য
𝘊𝘩𝘦𝘦𝘬𝘺, 𝘤𝘭𝘢𝘴𝘴𝘺, 𝘑𝘢𝘪𝘴𝘸𝘢𝘭! 💫
🎥 A glimpse of Yashasvi Jaiswal before he was dismissed for a well-made 75 (47) 💪
Updates ▶ https://t.co/rqkY49M8lt#TATAIPL | #RRvRCB | @rajasthanroyals | @ybj_19 pic.twitter.com/v7ug36kgrm
— IndianPremierLeague (@IPL) April 13, 2025
-
ফিল চল্টে ৰখোৱা ছিক্সটো
𝗜.𝗖.𝗬.𝗠.𝗜
🎥 Air Salt was in operation ✈
What a fantastic effort from Phil Salt at the boundary! 😮
Updates ▶ https://t.co/rqkY49M8lt#TATAIPL | #RRvRCB | @RCBTweets pic.twitter.com/jaruMYKKqx
— IndianPremierLeague (@IPL) April 13, 2025
-
IPL ৰ টুইট
Innings Break!#RR post a competitive 1⃣7⃣3⃣ / 4⃣ on the back of Yashasvi Jaiswal's impressive 75(47) 👌
Will #RCB chase this down and seal 2⃣ points? 🤔
Updates ▶ https://t.co/rqkY49M8lt#TATAIPL | #RRvRCB | @rajasthanroyals | @RCBTweets pic.twitter.com/BHf8fMx4qR
— IndianPremierLeague (@IPL) April 13, 2025
-
RCB ৰ বেটিং আৰম্ভ
আৰম্ভ আৰ চি বিৰ বেটিং। প্ৰথম অভাৰত ১০ ৰান সম্পূৰ্ণ। বেটিং কৰি আছে বিৰাট কোহলি আৰু ফিল চল্টে।
-
RCB ৰ সন্মুখত ১৭৪ ৰানৰ লক্ষ্য
২০ অভাৰত ৰাজস্থান ৰয়েলছে ১৭৩ ৰান কৰিবলৈ সক্ষম হয়। এই সময়চোৱাত ৪ টা উইকেট হেৰুৱাই দলটোয়ে। যশস্বী জয়ছৱালে ৪৭ টা বলত ৭৫ ৰান, সঞ্জু জয়ছৱালে ১৯ টা বলত ১৫ ৰান, ৰিয়ান পৰাগে ২২ টা বলত ৩০ ৰান ,ছিমৰন হেটমেয়ৰে ৮ টা বলত ৯ ৰান কৰি আউট হয়। ইয়াৰ বিপৰীতে নীতিশ ৰাণাই ১টা বলত ৪ ৰান আৰু ধ্ৰুৱ জুৰেলে ২৩ ট বলত ৩৫ ৰান কৰে।
-
ৰাজস্থানে হেৰুৱালে চতুৰ্থটো উইকেট
ৰাজস্থানে হেৰুৱালে চতুৰ্থটো উইকেট। ছিমৰন হেটমেয়ৰে ৮ টা বলত ৯ ৰান কৰি আউট হয়।
-
ৰাজস্থানে হেৰুৱালে তৃতীয়টো উইকেট
ৰাজস্থান ৰয়েলছে হেৰুৱালে ৩টা উইকেট। ৪৭ টা বলত ৭৫ ৰান কৰি আউট হয় যশস্বী জয়ছৱাল। ১৭ অভাৰত ১৩৭ সম্পূৰ্ণ দলটোৰ।
-
১৫ অভাৰ সম্পূৰ্ণ
ৰাজস্থান ৰয়েলছে ১৫.২ অভাৰত ১২৪ ৰান সম্পূৰ্ণ কৰিবলৈ সক্ষম হয়। ইয়াৰ বিপৰীতে উইকেট হেৰুৱাই ২ টা।
-
৩০ ৰান কৰি আউট ৰিয়ান পৰাগ
৩০ ৰান কৰি আউট ৰিয়ান পৰাগ। ২২ টা বলত ৩০ ৰান কৰে ৰিয়ানে। ২ উইকেটৰ বিনিময়ত ১৪ অভাৰত ১০৭ ৰান সম্পূৰ্ণ ৰাজস্থান ৰয়েলছৰ।
-
যশস্বী জয়ছৱালে অৰ্ধশতক সম্পূৰ্ণ
যশস্বী জয়ছৱালে অৰ্ধশতক অৰ্জন কৰিছে। ৩৫ টা বলত অৰ্ধশতক কৰিবলৈ সক্ষম হয়। এই ছিজনত তেওঁৰ দ্বিতীয়টো অৰ্ধশতক।
-
ৰিয়ানৰ বেটিং
সঞ্জু চেমচন আউট হোৱাৰ পাছতে ফিল্ডলৈ আহিছিল ৰিয়ান পৰাগ। ৰিয়ানে বৰ্তমান বেটিং কৰি আছে। এই সময়চোৱাত ৰিয়ানে ১৬ টা বলত ২৫ ৰান কৰিবলৈ সক্ষম হয়ষ।
-
১০ অভাৰ সম্পূৰ্ণ
১০ অভাৰ সম্পূৰ্ণ হল ৰাজস্থান ৰয়েলছৰ। ইতিমধ্যে ৰাজস্থান ৰয়েলছৰ সম্পূৰ্ণ হৈছে ১১ অভাৰ। এই সময়চোৱাত দলটোৱে এটা উইকেট হেৰুৱাই ৮৫ মুঠ ৰান সম্পূৰ্ণ কৰে।
-
RR ৰ প্ৰথমটো উইকেট
RR য়ে হেৰুৱালে প্ৰথমটো উইকেট। ১৯ টা বলত ১৫ ৰান কৰি আউট হয় সঞ্জু চেমচম। ৭ অভাৰত দলটোৱে ৫০ ৰান কৰিবলৈ সক্ষম হয়।
-
৩ অভাৰ সম্পূৰ্ণ
ৰাজস্থান ৰয়েলছে বেটিং আৰম্ভ কৰিছে। প্ৰথম ৩.২ অভাৰত ২৩ ৰান কৰিবলৈ সক্ষম হয়।
-
RCB ৰ প্লেয়িং ১১
ফিল ছল্ট, বিৰাট কোহলী, ৰজত পাটিদাৰ (অধিনায়ক), লিয়াম লিভিংষ্টন, জিতেশ শৰ্মা, টিম ডেভিদ, ক্ৰুনাল পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ, জোছ হেজলউড, সুৱাশ শৰ্মা, যশ দয়াল।
-
ৰাজস্থান ৰয়েলছৰ প্লেয়িং ১১
যশস্বী জয়ছোৱাল, সঞ্জু চেমচন (উইকেটকীপাৰ/অধিনায়ক), নীতিশ ৰানা, ৰিয়ান পৰাগ, ধ্ৰুৱ জুৰেল, শিমৰন হেটমাইৰ, ৱানিন্দু হাছাৰংগা, জোফ্ৰা আৰ্চাৰ, মহেশ থিকছানা, সন্দীপ শৰ্মা, তুষাৰ দেশপাণ্ডে।
-
টচত জয়ী হৈ বলিঙৰ সিদ্ধান্ত RCB ৰ
এই মেচত টছত জয়লাভ কৰিছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰে। প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে আৰ চি বিয়ে। গতিকে ৰাজস্থান ৰয়েলছক বেটিং কৰা দেখা যাব।
-
RR ত কোন কোন
যশসৱী জয়ছোৱাল, সঞ্জু চেমচন, ৰিয়ান পৰাগ, নীতিশ ৰানা, শিমৰন হেটমাইৰ, ধ্ৰুৱ জুৰেল, জোফ্ৰা আৰ্চাৰ, মহিষ থিকশানা, ৱানিন্দু হাছাৰংগা, যুধবীৰ সিং চৰাক, শুভম ডুবে, ফজলহাক ফাৰুকী, কুনাল সিং ৰাথোৰ, সন্দীপ শৰ্মা, কুমাৰ কাৰ্তিকেয়া, আকাশ মাধৱাল, অশোক শৰ্মা, তুষাৰ দেশপাণ্ডে, কুৱেনা মফকা, বৈভৱ সূৰ্য্যবংশী।
-
RCB ত কোন কোন
ফিল ছল্ট, বিৰাট কোহলী, দেৱদত্ত পডিক্কল, ৰজত পাটিদাৰ, ক্ৰুনাল পাণ্ডিয়া, টিম ডেভিদ, লিয়াম লিভিংষ্টন, জিতেশ শৰ্মা, ভুৱনেশ্বৰ কুমাৰ, জোছ হেজলউড, যশ দয়াল, ৰশিখ দৰ চালাম, জেকব বেথেল, স্বপনিল সিং, অভিনন্দন সিং, সূয়াশ শৰ্মা, মনোজ ভাণ্ডেজ, ৰোমাৰিঅ’ শ্বেফাৰ্ড, লুংগী ঙিদী, নুৱান তুষাৰ, মোহিত ৰাথী, স্বস্তিক চিকাৰা।
Published On - Apr 13,2025 3:11 PM